নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কন্যাসম যুৱতীক পিতৃৰ বন্ধুৰ ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ছাহিদ আখতাৰ

বঙাইগাঁও সদৰৰ মাজমজিয়াত সংঘটিত হৈছে এক লজ্জানত ঘটনা ৷ পিতৃৰ বন্ধুৱে ধৰ্ষণ কৰিলে কন্যাসম যুৱতীক! ছাহিদ আখতাৰ নামৰ ব্যক্তিগৰাকীয়ে ধৰ্ষণ কৰে বন্ধুকন্যা হিন্দু যুৱতীক। বন্ধুৰ মৃত্যুৰ পিছতেই ঘৰখনত সঘনে আহ যাহ কৰিছিল আৰু দায়িত্ব লৈছিল ঘৰখনৰ ৷

পিতৃৰ দৰেই বিশ্বাস কৰা ব্যক্তিগৰাকীয়ে বিশ্বাসঘাতকতা কৰে বন্ধু কন্যাক৷ ঘটনা সংঘটিত কৰাৰ পিছতেই বন্দুকেৰে গুলীয়াম বুলি ভাবুকি যুৱতী আৰু মাতৃক! ভয়-ভাবুকিৰে সমগ্ৰ ঘটনা ঘাপ দিয়াৰ চেষ্টা কৰিছিল আখতাৰে। অৱশেষত গোটেই ঘটনা পোহৰলৈ অহাত নিজমুখে স্বীকাৰোক্তি দিছে আখতাৰে। পিছত যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ ভয়তেই ব্লেকমেইলিং কৰে যুৱতী আৰু মাতৃগৰাকীক ৷

শেষত মাতৃয়ে নিজ ভাতৃৰ সহযোগত ব্যক্তিগৰাকীক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে ৷ তাৰ পিছত নৰ্থ বঙাইগাঁ‌ওস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান জেক্ এণ্ড জিল্ শ্বপিং মলৰ অট্টালিকাটোৰ  স্বতাধিকাৰী ছাহিদ আখতাৰক আৰক্ষীয়ে কৰিলে আটক।

ইফালে বঙাইগাঁ‌ৱত দিনক দিনে বাঢ়িব ধৰা এনে ঘটনাবোৰৰ উচিত শাস্তি বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালে স্থানীয় ৰাইজে। উল্লেখনীয় যে বিভিন্ন প্ৰান্তত প্ৰায়ে সংঘটিত হৈ হোৱা এনে ধৰণৰ লাভ জেহাদৰ ঘটনা বঙাইগাঁ‌ৱতো বাঢ়িব লৈছে।

Niyomiya Barta Desk, 29 August

You might also like