প্রথমবাৰলৈ ফিফা বিশ্বকাপত চেম্পিয়ন পর্তুগাল
১৭ বছৰ অনূর্ধ্ব বিশ্বকাপৰ ফাইনেলত হৰুৱালে অষ্ট্রিয়াক, উৎফুল্লিত ৰ’নাল্ডো
ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে কৰিব নোৱাৰা কাম কৰি দেখুৱালে দেশখনৰ ১৭ বছৰ অনূর্ধ্ব ফুটবল দলটোৱে৷ পর্তুগালৰ ১৭ বছৰ অনূর্ধ্ব ফুটবল দলটোৱে ফিফা বিশ্বকাপ ফুটবলত চেম্পিয়নৰ সন্মান অর্জন কৰিছে৷
প্রথমবাৰৰ বাবে ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ খিতাপ জয় কৰা পর্তুগালে ফাইনেল মেচখনত অষ্ট্রিয়াক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত ১–০ গ’লত পৰাস্ত কৰি খিতাপ হস্তগত কৰে৷
কাটাৰৰ ডোহাৰ খালিফা ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল মেচখনত পর্তুগালৰ হৈ বিজয়সূচক গ’লটো স্ক’ৰ কৰে এনিছি’ কাবৰালে৷ প্রথমৰ পৰাই আক্রমণ–প্রত্যাক্রম ভৰা খেলখনৰ ৩২ মিনিটত পর্তুগালে বৃহৎ সফলতাটোৰ মুখ দেখে৷
পৰৱর্তী সময়ত অষ্ট্রিয়াই গ’লটো পৰিশোধ কৰাৰ বাবে আপ্রাণ চেষ্টা চলাইছিল যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিলে আৰু প্রতিযোগিতাখনত ৰানার্ছআপতে সন্তুষ্ট থাকিবলগীয়া হয়৷ ২০০৩ চনৰ পিছত প্রথমবাৰৰ বাবে ১৭ বছৰ অনূর্ধ্ব বিশ্বকাপলৈ যোগ্যতা অর্জন কৰা পর্তুগালে গ্রুপৰ প্রথমখন মেচত নর্ত কেলেড’নিয়াক ৬–১ গ’লত পৰাস্ত কৰি অভিযান আৰম্ভ কৰিছিল৷
পৰৱর্তী মেচখনত মৰক্কোক ৬–০ গ’লত পৰাস্ত কৰে যদিও গ্রুপৰ অন্তিমখন খেলত জাপানৰ হাতত ১–২ গ’লত পৰাস্ত হৈছিল পর্তুগাল৷ অৱশ্যে নকআউট পর্যায়ৰ পৰাই পর্তুগালৰ জুনিয়ৰ ব্রিগেড একেবাৰে অপ্রতিৰোধ্য হৈ পৰিছিল৷
প্রথমে বেলজিয়ামক ২–১ গ’লত, পৰৱর্তী মেচত মেক্সিকোক ৫–০ গ’লত পৰাস্ত কৰি কোৱার্টাৰ ফাইনেলত প্রৱেশ কৰা পর্তুগালে অন্তিম আঠত ছুইজাৰলেণ্ডক ২–০ গ’লত পৰাস্ত কৰে৷ অৱশ্যে ছেমিফাইনেলত ব্রাজিলৰ বিৰুদ্ধে কঠিন প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱা পর্তুগালে অৱশ্যে টাইব্রেকাৰত জয়লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল৷
ইপিনে, দেশৰ যুৱ প্রতিভাৰ অবিশ্বাস্য সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে দেশখনৰ তাৰকা ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ CR7-এ তেওঁৰ ইনষ্টাগ্রাম ষ্ট’ৰীত নতুন বিশ্ব চেম্পিয়নক অভিনন্দন জনায়৷ ১৭ বছৰ অনূর্ধ্ব পর্তুগাল দলটোক লৈ ফুটবল সমাজ যথেষ্ট আশাবাদী৷
কাৰণ এই দলটোৱে এইবাৰ ইউৰোপৰ শ্রেষ্ঠ আৰু বিশ্বৰ শ্রেষ্ঠ হৈ পৰিছে৷ উল্লেখ্য যে পর্তুগালে এইবাৰ ১৭ বছৰ অনূর্ধ্ব ইউৰোপীয় চেম্পিয়নশ্বিপতো চেম্পিয়ন হয়৷
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ