নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ যুৱক সন্দীপ ভূঞাক হত্যাৰ সন্দেহত মেঘালয়ৰ যুৱতীক আটক

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ আৰক্ষীৰ তদন্তত মাজুলীৰ গড়মূৰৰ যুৱক সন্দীপ ভূঞাৰ হত্যাকাণ্ড সন্দর্ভত ন ন তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীৰ এটা ব্যক্তিগত প্রতিষ্ঠানত কাম কৰা সন্দীপৰ ৰক্তাক্ত মৃতদেহ মেঘালয়ৰ বর্ণিহাটৰ নলাত উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰাৰ পাছত পল্টন বজাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত কালি সন্ধিয়া মেঘালয়ৰ পৰা সন্দীপৰ সৈতে দুবছৰ ধৰি প্রেমৰ সম্পর্ক থকা এগৰাকী যুৱতীক পল্টন বজাৰ আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰে৷ পল্টন বজাৰ থানাত কালি নিশা আটকাধীন যুৱতীগৰাকীক আৰক্ষীয়ে জেৰা চলোৱাৰ পাছত  বর্ণিহাট আৰক্ষীক গতাই দিয়ে৷ সম্প্রতি যুৱতীগৰাকীক বর্ণিহাট আৰক্ষীয়ে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে মাজুলীৰ গড়মূৰৰ গোপালপুৰ গাঁৱৰ যুৱকজনে পল্টন বজাৰৰ বাজাজ ফাইনেঞ্চত ই এম আই কালেক্টৰ হিচাপে কর্মৰত আছিল৷ কর্মসূত্রে যুৱকজনে গুৱাহাটীৰ সৰুমটৰীয়াৰ ভাৰাঘৰত বাস কৰিছিল৷ যোৱা ২০ নৱেম্বৰৰ পুৱা কার্যালয়লৈ ওলাই যোৱাৰ পাছৰ পৰা যুৱকজন ৰহস্যজনকভাৱে সন্ধানহীন হয়৷ ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে ২১ নৱেম্বৰৰ পুৱা বর্ণিহাটৰ নলাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়৷ অৱশ্যে বর্ণিহাটত উদ্ধাৰ হোৱা মৃতদেহটো দুদিনৰ পাছতহে পৰিয়ালৰ লোকৰ সহযোগত সন্দীপৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, যোৱা ২০ নৱেম্বৰৰ সন্ধিয়া প্রায় ৭.৩০ বজাত সন্দীপ ছয়মাইলত থকা বুলি ম’বাইল ট্রেক কৰি সবিশেষ তথ্য লাভ কৰে৷ পৰৱর্তী সময়ত তেওঁৰ ম’বাইল বন্ধ হৈ থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ ইয়াৰ দুদিন পাছত বর্ণিহাট আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি জি এম চি এইচৰ মর্গত ৰখা মৃতদেহটো সন্দীপৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰি তদন্ত ক্ষিপ্রতৰ কৰি তোলে৷ ইতিমধ্যে আৰক্ষীয়ে যুৱকজনৰ এ এছ–০১ ডি এল–১০১৯ নম্বৰৰ বাইকখন মেঘালয়ৰ বর্ণিহাটৰ পৰা উদ্ধাৰ কৰাৰ লগতে তেওঁৰ প্রেমিকাক আটক কৰি জেৰা চলাই আছে৷ শীঘ্রেই সন্দীপৰ হত্যাকাৰী আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷ ইপিনে, সন্দীপৰ মৃতদেহটো  মাজুলীৰ বাসগৃহলৈ লৈ যোৱাৰ পাছত এক শোকাকুল পৰিৱেশ সৃষ্টি হয়৷ তদুপৰি পেটৰ তাড়নাত গুৱাহাটীলৈ অহা যুৱকজনক অতি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ উচিত তদন্ত কৰি দোষীক শীঘ্রে কৰায়ত্ত কৰাৰ দাবী তুলিছে গড়মূৰবাসী ৰাইজে৷

You might also like