নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামাখ্যা দেৱালয়লৈ টাটা কিপাৰ বাহন আগবঢ়ালে SBI-এ

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ প্ৰশংসনীয় পদক্ষেপ। আজি দেশৰ আগশাৰীৰ বেংক SBI অৰ্থাৎ state bank of indiaৰ ফালৰ পৰা কামাখ্যা দেৱালয়লৈ আগবঢ়ায় এখন টাটা কিপাৰ বাহন।

উক্ত টাটা কিপাৰ বাহনখন আনুষ্ঠানিকভাৱে কামাখ্যা দেৱালয়ৰ অলাগতিয়াল আৱৰ্জনাসমূহ পেলাবলৈ মন্দিৰৰ দলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মাৰ লগতে আন বহুতো সদস্যৰ উপস্থিতিত অৰ্পণ কৰা হয়।

কামাখ্যা মন্দিৰত হৈ থকা ভূমিস্খলন আৰু লগতে ইত্যাদি বহুতো দুৰ্যোগৰ সময়তো উক্ত বাহনখন সহায়ক হ’ব বুলি জনায় বেংকৰ বিষয়ববীয়াই।

এই অনুষ্ঠানত বেংকটোৰ শীৰ্ষ বিষয়াসকলৰ লগতে কৰ্মচাৰীসকলো উপস্থিত থাকে।

Niyomiya Barta Desk, 27 August

You might also like