নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিস্ফোৰক নিয়মৰ পৰা ইছৰোক ৰেহাই কেন্দ্রৰ

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ: ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোক বিস্ফোৰক নিয়ম ব্যৱস্থাৰ পৰা ৰেহাই দিয়া হৈছে৷ মহাকাশ ৰকেটৰ বাবে ইছৰোৱে নির্মাণ, ভঁৰাল, ব্যৱহাৰ আৰু ইন্ধন সৰবৰাহৰ ক্ষেত্রত পেট্র’লিয়াম এণ্ড এক্সপ্ল’ছিভছ ছেফটী অর্গেনাইজেচন চমুকৈ পেছোৰ পৰা ৰকেট নির্মাণৰ বাবে ব্যৱহূত ইন্ধন সৰবৰাহৰ ক্ষেত্রত অনুজ্ঞাপত্র লৈ আহিছে৷ কেন্দ্রীয় চৰকাৰে এই অনুজ্ঞাপত্র লোৱা বিস্ফোৰক নিয়মৰ পৰা ইছৰোক ৰেহাই দিয়া বুলি আজি বিবৃতিত প্রকাশ কৰিছে৷ ইছৰো বিশ্ব মানৰ সংস্থা হেতুকে সংস্থাটোৱে বিস্ফোৰক আৰু জটিল–সংবেদনশীল সামগ্রীসমূহ ব্যৱহাৰৰ ক্ষেত্রত বিশেষজ্ঞ৷ এনে কাৰণতে ইছৰোক পূর্বৰ দৰে পেছোৰ পৰা কোনোধৰণৰ অনুমতি তথা অনুজ্ঞাপত্রৰ প্রয়োজন নাই৷ মহাকাশ ৰকেট শিতানত প্রধান ইন্ধন হিচাপে ছলিড প্রপেলেণ্ট ব্যৱহাৰ কৰে৷ এই ছলিড প্রপেলেণ্ট সৰবৰাহৰ পৰা ব্যৱহাৰলৈকে ইছৰোৱে পেছোৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক আছিল যদিও কেন্দ্রীয় চৰকাৰে এই নিয়মৰ পৰা ৰেহাই দিলে৷

You might also like