নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামীৰ দেহাৱসান… সাংবাদিকতাৰ ক্ষেত্ৰত শূন্যতা

বহু বছৰ ধৰি নিয়মীয়া বাৰ্তা কাকততো ধাৰাবাহিকভাৱে সময়োপযোগী প্ৰবন্ধ লিখি আহিছিল গোস্বামীয়ে।

ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামীয়ে আজি শুই থকা অৱস্থাত হেঙেৰাবাৰী হাউচিং ক’লনীৰ নিজৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰিছে। ১৯৪৬ চনত জন্মগ্ৰহণ কৰা বৈকুণ্ঠ গোস্বামীয়ে অসমৰ সংবাদ জগতলৈ বিশেষ বৰঙণি আগবঢ়াই গৈছিল।

মুক্ত সাংবাদিকতাৰ লগতে কেইবাখনো কাকতত সংবাদ সেৱা আগবঢ়োৱা বৈকুণ্ঠ গোস্বামী ‘অসম ভূমি’ নামৰ কাকতখনৰ সম্পাদকো আছিল। সাংবাদিকতাৰ লগতে তেওঁ কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছিল। তেওঁৰ উল্লেখযোগ্য গ্ৰন্থৰ ভিতৰত আছে ‘জনমালা ১’, ‘জনমালা ২’, ‘নিৱন্ধ চয়ন’, ‘অসমীয়া জাতীয়তাবাদ’ আৰু ‘অসমীয়া, সংজ্ঞা, সংবাদ মাধ্যমৰ স্বাধীনতা’।

সাংবাদিকতা ক্ষেত্ৰৰ লগতে তেওঁ গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি সুস্মিতা গোস্বামীৰ পিতৃ আছিল। বৈকুণ্ঠ গোস্বামীৰ মৃত্যুৱে অসমীয়া সংবাদ জগতত এক গভীৰ শূন্যস্থান সৃষ্টি কৰিছে।

উল্লেখ্য যে বহু বছৰ ধৰি নিয়মীয়া বাৰ্তা কাকততো ধাৰাবাহিকভাৱে সময়োপযোগী প্ৰবন্ধ লিখি আহিছিল গোস্বামীয়ে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৪ অক্টোবৰ

You might also like