নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তি-সম্প্ৰীতি-সমন্বয়ৰ স্থান হওক জুবিন ক্ষেত্ৰ, নিশা সোণাপুৰত গৰিমা শইকীয়া গাৰ্গ

সোণাপুৰৰ কমাৰকুছি হাতীমূৰাস্থিত জুবিন ক্ষেত্ৰত এতিয়াৰে পৰা যেতিয়াই তেতিয়াই অনুৰাগীয়ে  প্ৰৱেশ কৰিব নোৱাৰিব ৷ প্ৰৱেশৰ ক্ষেত্ৰত কিছু নিয়মাৱলী জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ পূৰ্বে দিন হওক বা ৰাতিয়েই হওক, যিকোনো সময়তে অনুৰাগীয়ে জুবিন ক্ষেত্ৰত প্ৰৱেশ কৰি আপোন শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব পাৰিছিল ৷ কিন্তু এতিয়াৰে পৰা জুবিন ক্ষেত্ৰত প্ৰৱেশৰ বাবে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে ৷ পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈহে  খোলা থাকিব জুবিন ক্ষেত্ৰ ৷  নিশা ১০ বজাৰ পিছত জুবিন ক্ষেত্ৰত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ৷

ইপিনে,  জুবিন ক্ষেত্ৰত সুৰাপায়ী  লোকৰ প্ৰৱেশ নিষিদ্ধৰ লগতে ক্ষেত্ৰৰ সমীপত সুৰা বিক্ৰী, সুৰা পৰিৱেশন, নিচাযুক্ত দ্ৰব্য বিতৰণো কৰিব নোৱাৰিব ৷ উল্লেখ্য যে পূৰ্বে জুবিন ক্ষেত্ৰত দুপৰ নিশালৈকে হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছিল ৷ তাৰে কিছুসংখ্যক অনুৰাগীয়ে সুৰাপান কৰি জুবিন ক্ষেত্ৰত এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ যাৰ বাবে প্ৰিয় শিল্পীগৰাকীক অৱমাননা কৰাৰ দৰে হয় ৷ জুবিন ক্ষেত্ৰত এনে কাৰ্য হোৱাটো কোনেও নিবিচাৰে ৷

ইফালে, কালি নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গে উপস্থিত হৈ আপোন মানুহগৰাকীৰ সমাধিত ধূপ-চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায় ৷ জুবিন ক্ষেত্ৰত প্ৰৱেশ সন্দৰ্ভত চৰকাৰে দিয়া  নিৰ্দেশনাৰ ক্ষেত্ৰত তেওঁ কয়- জুবিন ক্ষেত্ৰক লৈ প্ৰশাসনে কিছু অসুবিধা দেখিছে চাগে ৷ যাৰ বাব এই নিয়মাৱলী কৰিছে ৷ তথাপি বহু অনুৰাগীয়ে নিশাৰ সময়সীমা ১২ বজালৈ হ’লে ভাল হয় বুলি উল্লেখ কৰিছে ৷ ইমান দিনে গোটেই নিশালৈকে জুবিন অনুৰাগীয়ে জুবিন ক্ষেত্ৰত আহি শ্ৰদ্ধা জনাই আহিছে ৷ কাৰণ কিছুমান চাকৰি কৰা লোকে দিনত সময় নাপায় হেতুকে নিশাৰ ভাগত আহে ৷ এই সকলো দিশ চাব লাগিব ৷ নিশা ১১-১২ বজালৈকে থাকিলে ঠিকে থাকিব আৰু এই ক্ষেত্ৰত ৰাইজে দায়িত্ব ল’ম বুলিও কৈছে ৷ ইমান দিনে ৰাইজে কোনো অসুবিধা নোহোৱাকৈ চোৱাচিতা কৰি আহিছে ৷ নিজৰ বুলি সকলো কাম কৰি আহিছে ৷ যিহেতু এয়া এতিয়া তীৰ্থস্হানলৈ পৰ্যবসিত হৈছে, সকলোৱে ঠাইখিনি পবিত্ৰ কৰি ৰাখক। ইয়াকেই কামনা কৰে গৰিমা শইকীয়া গাৰ্গে ৷ তদুপৰি তেওঁ কয়- শান্তি-সম্প্ৰীতি বজাই ৰাখক ৷ জুবিনক লৈ কোনেও যাতে ৰাজনীতি নকৰে ৷ জুবিনে ৰাজনীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল ৷ আমি বা আমাৰ পৰিয়ালেও এই ক্ষেত্ৰখনত কেতিয়াও ৰাজনীতি নিবিচাৰো ৷ এয়া শান্তি-সম্প্ৰীতি-সমন্বয়ৰ স্থান হওক ৷ চিনেমাৰ ক্ষেত্ৰত গৰিমাই কয় যে জুবিনৰ চিন্তাধাৰা, কৰ্ম বহুত বেলেগ আছিল ৷ এতিয়া আমাৰ সীমিত জ্ঞানেৰে আমি যিখিনি বলে পাৰোঁ, তেওঁৰ কামখিনি আগবঢ়াই নিবলৈ চেষ্টা কৰিম ৷ অৱশ্যে এইক্ষেত্ৰত বহু খুঁটি-নাটি ৰৈ যাব, কাৰণ জুবিনৰ দৰে আমি কেতিয়াও হ’ব নোৱাৰিম বুলি কয় গৰিমা শইকীয়া গাৰ্গে ৷

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২৪ অক্টোবৰ :

You might also like