নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী-ত চাঞ্চল্যকৰ ঘটনা, ডকাইতে ডিঙি চেপি হত্যা কৰিলে গৃহস্থক

নলবাৰী-ৰ ম’হখুলিত চাঞ্চল্যকৰ ডকাইতি ঘটনা এটা সংঘটিত হৈছে। মুখত মাস্ক পৰিহিত তিনিটা ডকাইতৰ দলে ভৰিৰে গচকি, ডিঙিত গামোচাৰে চেপি, পত্নীৰ সম্মুখতে নলবাৰীৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ অবসৰী কৰ্মচাৰী প্ৰমোদ বর্মনক নিষ্ঠুৰভাৱে হত্যা কৰে।

ডকাইতে হাত-ভৰি বান্ধি ডিঙি চেপি হত্যা কৰিলে গৃহস্থক৷ পত্নীৰ সন্মুখতে নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনক নৃশংসভাৱে হত্যা কৰে ডকাইতে৷ নিশা প্ৰায় ৯.৩০ বজাত বেলশৰ থানাৰ অন্তৰ্গত মহখলিৰ প্ৰমোদ বৰ্মনৰ ঘৰত তিনিজনীয়া ডকাইতে প্ৰৱেশ কৰি প্ৰায় আধা ঘন্টা লুটপাত চলাই হত্যা কৰি ওলাই যায়৷ ঘৰত থকা বৃদ্ধ দম্পতীহালক ৰছীৰে বান্ধি প্ৰমোদ বৰ্মনক ডিঙিত গামোচাৰে মেৰিয়াই ঠেকেচি ঠেকেচি হত্যা কৰে৷ দুয়োৱে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ সাজু হোৱাৰ সময়তে তিনিজনীয়া ডকাইতে ঘৰত প্ৰৱেশ কৰি এই লোমহৰ্ষক কাণ্ড সংঘটিত কৰে৷

ডকাইত কেইটাই অৱসৰপ্ৰাপ্ত জেষ্ঠ সহায়ক প্ৰমোদ বৰ্মনক টিভি চাই থাকোঁতে হাত, ভৰি, ৰছীৰে বান্ধি, ডিঙিত গামোচাৰে চেপি, ভৰিৰে গচকি নিৰ্মম প্ৰহাৰ কৰি হত্যা কৰে। তেওঁৰ পত্নী মীৰা তালুকদাৰে তেতিয়া ভাত বাঢ়িবলৈ গৈছিল যদিও গ্ৰহণ কৰা নহল নৈশ আহাৰ। ডকাইতে মীৰা তালুকদাৰকো আক্ৰমণ কৰে। আনকি দুই বৃদ্ধ দম্পত্তীক মুখত মাৰি দিয়ে টেপ। প্ৰায় এঘণ্টা ধৰি চলিছিল চলিছিল ডকাইতৰ বৃদ্ধ দম্পত্তীহালৰ ওপৰত আক্ৰমণ।

ইয়াৰ পিছতে তিনিটা ডকাইতৰ দলৰ ঘৰৰ ভিতৰত চলাই লুটপাত আৰু গডৰেজ ভাঙি লৈ যায় ধন, সোণ আৰু সম্পত্তি। ইয়াৰ পিছতে আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে যদিও গ্ৰেপ্তাৰ কৰিব পৰা নাই এটাও ডকাইত। এই ঘটনাই বৃহত্তৰ অঞ্চলটোত সৃষ্টি কৰিছে এক ভয়াৰ্ত পৰিবেশ আৰু চাঞ্চল্য।

Niyomiya Barta Desk, 30 August

You might also like