ড্ৰাগছ মাফিয়া মহিবুল হক আৰক্ষীৰ জালত
ড্ৰাগছ মাফিয়া আটক : বিলাসীপাৰাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত বেলতলীৰ পৰা ড্ৰাগছ মাফিয়া মহিবুল হকক আটক কৰে বিলাসীপাৰা আৰক্ষীয়ে। মহিবুল হকৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন পুৰণি বজাৰৰ মহিবুল হক বুলি জানিব পৰা গৈছে। মহিবুলে হকক চাপৰৰ পৰা যাত্ৰাবাহী বাছেদি আহি থকা অৱস্থাত বেলতলীত হাতে লোটে আটক কৰে আৰক্ষীয়ে।
সম্প্ৰতি ড্ৰাগছ মাফিয়া মহিবুল হকক বিলাসীপাৰা থানাত নি ড্ৰাগছৰ লগত জড়িত হৈ থকা আন আন ব্যক্তিৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Niyomiya Barta Desk, 30 August