নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র–ছাত্রী–অভিভাৱক ক’ভিড পৰীক্ষা কৰিব স্বাস্থ্য বিভাগেঃ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বিদ্যালয় খোলাৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ   ক’ৰোনাকেন্দ্রিক পৰিৱেশে কার্যতঃ স্তব্ধ কৰি ৰখা বিদ্যালয়ৰ পাঠদান অহা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰাৰ বাবে পূর্ণ প্রস্তুতি চলাইছে শিক্ষা বিভাগে ৷ ইতিমধ্যে পাঠদান আৰম্ভ কৰাৰ বাবে প্রস্তাৱিত নির্দেশনা জাৰি কৰাৰ লগতে শ্রেণী আৰম্ভ হ’লে অনুকৰণ কৰিবলগীয়া ক’ভিড প্রট’কল সম্পর্কে স্পষ্ট কৰি দিয়া হৈছে৷ অহা ১ ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ কৰিবলগীয়া পাঠদানৰ প্রথম পর্যায়ত কেৱল নৱম আৰু দশম শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবেহে পাঠদান আৰম্ভ কৰিব খোজা বিভাগে প্রতিখন প্রাদেশীকৃত বিদ্যালয়ক ইয়াৰ বাবে সকলো আয়োজন আৰম্ভ কৰাৰ বাবে নির্দেশ দিছে৷ মন কৰিবলগীয়া যে দীঘলীয়া লকডাউনৰ পাছত পুনৰ শ্রেণীকোঠা আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা নির্দেশনাৱলীত শ্রেণীকোঠাত ছাত্র–ছাত্রীৰ উপস্থিতি বাধ্যতামূলক নহয় বুলি স্পষ্ট কৰি দিছে৷ অর্থাৎ ইচ্ছুক ছাত্র–ছাত্রীসকলেহে নিজৰ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগত আগতীয়াকৈ যোগাযোগ কৰি শ্রেণীকোঠাত উপস্থিত থাকিব পাৰিব৷ আনহাতে, অহা ১ ছেপ্টেম্বৰৰ পৰা প্রতিগৰাকী শিক্ষক–শিক্ষয়িত্রীয়ে নিজৰ নিজৰ শিক্ষানুষ্ঠানত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে৷ সমান্তৰালভাৱে শিক্ষকসকলে ২৩ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত ক’ভিড টেষ্ট কৰাব লাগিব৷ ইফালে, ১ ছেপ্ঢেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰাৰ বাবে ৰাজ্যৰ কেইবাখনো বিদ্যালয় জিলা প্রশাসনৰ সহযোগত শিক্ষা বিভাগে জাৰি কৰা নির্দেশনাৱলী অনুকৰণ কৰি পাঠদানৰ বাবে সাজু হৈছে৷ কামৰূপ জিলা প্রশাসনে প্রথম পর্যায়ত নৱম আৰু দশম শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলাইছে৷ সেইমর্মে সপ্তাহত দুদিন নৱম শ্রেণী আৰু চাৰি দিন দশম শ্রেণীৰ পাঠদান হ’ব৷ ইফালে, কামৰূপ জিলা প্রশাসনে পাঠদানত অংশ ল’ব খোজা ছাত্র–ছাত্রীক ক’ভিড পৰীক্ষা কৰি নিগেটিভ প্রমাণ–পত্র ল’বলৈ আহ্বান জনাইছে৷ সমান্তৰালভাৱে অভিভাৱককো ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাইছে প্রশাসনে৷ এই লক্ষ্যৰে কাইলৈৰ পৰা কালিৰাম বৰুৱা ছোৱালী হাইস্কুলত আৰম্ভ হ’ব অভিভাৱক আৰু ছাত্রীৰ ক’ভিড টেষ্ট৷ কামৰূপ জিলাৰ লগতে উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাতো পাঠদান আৰম্ভ কৰাৰ বাবে প্রস্তুতি চলিছে৷ আনকি এইক্ষেত্রত জিলা প্রশাসনসমূহে অভিভাৱকৰ মতামত গ্রহণ কৰিছে৷ বিশেষকৈ শিক্ষা বিভাগে শেহতীয়াকৈ জাৰি কৰা নির্দেশনাৱলীৰ ক্ষেত্রত অভিভাৱকসকলৰ মতামত গ্রহণ কৰিছে বিদ্যালয় তথা স্থানীয় প্রশাসনে৷ লক্ষণীয় যে বিদ্যালয় খোলাৰ প্রস্তুতিৰ লগে লগে ৰাজ্য চৰকাৰৰ নির্দেশনা অনুসৰি অহা ২৩ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীৰ ক’ভিড টেষ্ট সম্পন্ন কৰিব লাগিব৷ শিক্ষা বিভাগৰ এনে প্রস্তুতিক লৈ অভিভাৱক সমাজে সন্তুষ্টি প্রকাশ কৰিছে যদিও ১ ছেপ্ঢেম্বৰৰ পৰা পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে কি চূড়ান্ত সিদ্ধান্ত লয়, তাৰ ওপৰতো যথেষ্ট নির্ভৰ কৰিব৷ এইক্ষেত্রত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূর্বেই স্পষ্ট কৰি দিছে যে ৰাজ্যৰ ক’ৰোনাকেন্দ্রিক পৰিৱেশ উন্নত হ’লেহে ছেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ হ’ব৷ উল্লেখ্য যে শিক্ষা বিভাগৰ পৰা পাঠদান আৰম্ভ কৰাৰ বাবে প্রকাশ কৰা নির্দেশনাৱলী সন্দর্ভত অহা ২০ আগষ্টৰ ভিতৰত[email protected]ত সকলোৱে নিজৰ মতামত জনাব পাৰিব৷ এই মতামতৰ ওপৰত শিক্ষানুষ্ঠান মুকলি কৰা সন্দর্ভত চূড়ান্ত গাইডলাইন প্রকাশ কৰা হ’ব৷ উক্ত গাইডলাইন চৰকাৰী আৰু বেচৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্রত প্রযোজ্য হ’ব৷

You might also like