আইচিচি মহিলা এদিনীয়া বিশ্বকাপ : কলম্বোত আজি ভাৰতৰ সন্মুখত পাকিস্তান
নিউজ ডেস্ক, ৫ অক্টোবৰ : এছিয়া কাপৰ বিতর্ক মাৰ নৌযাওঁতেই ক্রিকেটৰ খেলপথাৰত পুনৰ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান৷ সদ্যসমাপ্ত এছিয়া কাপত তিনিবাৰকৈ পাকিস্তানক বিধ্বস্ত কৰিছিল ভাৰতীয় পুৰুষ দলটোৱে৷ এইবাৰ একেই লক্ষ্যৰে সাজু হৈছে ভাৰতীয় মহিলা দলটো৷
চলিত আইচিচি এদিনীয়া মহিলা বিশ্বকাপৰ আজি কলম্বোত হ’বলগীয়া বহু প্রতীক্ষিত মেচখনত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ এদিনীয়া বিশ্বকাপত পাকিস্তানৰ হাতত এতিয়ালৈকে পৰাজয়ৰ মুখ দেখা নাই ভাৰতীয় মহিলা দলটোৱে৷ কলম্বোত আৰ প্রেমদাসা ষ্টেডিয়ামত এই ইতিহাস অটুটু ৰখাৰ চেষ্টা কৰিব হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ এইপর্যন্ত ভাৰত আৰু পাকিস্তানৰ মহিলা দলৰ মাজত ১১খন এদিনীয়া মেচ অনুষ্ঠিত হৈছে আৰু আটাইকেইখনতে ভাৰতীয় দলটোৱে জয়ৰ সোৱাদ লাভ কৰিছে৷
ইপিনে, বিশ্বকাপতো দুয়োটা দলে চাৰিবাৰকৈ মুখামুখি হৈছে আৰু চাৰিওখন মেচতে ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰিছে৷ আজি হ’বলগীয়া মেচখনক লৈ আত্মবিশ্বাসী ভাৰতীয় দলটোৰ অধিনায়িকা হৰমনপ্রীতে কয় যে মেচখনত আমি পাকিস্তানক সহজভাৱে ল’ব বিচৰা নাই৷ এতিয়ালৈকে পাকিস্তানৰ বিপক্ষে আমাৰ ফলাফল যথেষ্ট উন্নত যদিও আমি পূর্ণশক্তিৰে এই মেচখনত ভাগ ল’ম৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত বিজয় সাব্যস্ত কৰি সতীর্থসকলৰ আত্মবিশ্বাস তুংগত আছে বুলি উল্লেখ কৰি হৰমনপ্রীতে লগতে কয় যে মেচখনত পাক দলটোক চাপত ৰাখিবলৈ হ’লে আমি প্রথমৰ পৰাই আক্রমণাত্মক খেল খেলিব লাগিব৷ আশা কৰিছোঁ- সতীর্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব৷
খেলৰ সময় : দিনৰ ৩ বজা ৷