নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনৰ অসুস্থতালৈ দায় ঠেলি নিজকে নির্দোষী সজোৱাৰ অপচেষ্টা দগাবাজ শ্যামকানুৰ

বিশেষ বাৰ্তা, ৪ অক্টোবৰ : সমগ্র অসমবাসীক শোকদগ্ধ কৰি ৰখা প্রাণৰ শিল্পী জুবিন গার্গৰ দুর্ভাগ্যজনক মৃত্যুক লৈ যেন অকণো অনুশোচনাত ভোগা নাই সংস্কৃতিৰ দালাল শ্যামকানু মহন্ত৷ ছিংগাপুৰত আয়োজিত নর্থ–ইষ্ট ফেষ্টিভেললৈ অংশগ্রহণৰ বাবে মাতি নি জুবিন গার্গক মৃত্যুমুখলৈ ঠেলি দিয়াৰ অভিযোগ উঠা তথা অসমৰ জনসাধাৰণৰ মাজত দগাবাজৰূপে চিহ্ণিত হোৱা মহন্তই নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ নানা অপচেষ্টাত ব্রতী হৈছে৷ আনকি জুবিন গার্গৰ অসুস্থতালৈ দায় ঠেলি নিজকে নির্দোষী ৰূপে প্রতিপন্ন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ফেষ্টিভেল মহন্ত হিচাপে পৰিচিত এইজন সংস্কৃতিৰ দালালে৷ সমান্তৰালভাৱে জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ পাছত উদ্ভৱ হোৱা জনমতৰ বাবে তেওঁ দোষাৰোপ কৰিছে মূলসুঁতিৰ সংবাদ মাধ্যম বৈদ্যুতিন আৰু ছপাৰ লগতে ডিজিটেল–সামাজিক মাধ্যমকো৷ নতুন দিল্লীত গ্রেপ্তাৰ হোৱাৰ পূর্বে বিদেশত আত্মগোপন কৰি থাকিয়েই অধিবক্তা ৰাজ কমলৰ জৰিয়তে যোৱা ৩০ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এখন লেখ আবেদন৷ ভাৰতীয় সংবিধানৰ ১৪, ১৫, ১৬, ১৯, ২০, ২১ আৰু ৩২নং অনুচ্ছেদৰ অধীনত দাখিল কৰা এই লেখ আবেদনখনৰ জৰিয়তে মহন্তৰ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা কিয় নিশ্চিত কৰিব লাগে, তাৰ ওপৰত বহুকেইটা দিশ তন্ন তন্নকৈ আলোকপাত কৰা হৈছে৷ এই দিশসমূহৰ উপৰি জুবিন গার্গৰ দুর্ভাগ্যজনক মৃত্যুৰ বাবে তেওঁৰ শাৰীৰিক অসুস্থতাৰ কথা উল্লেখ কৰাৰ উপৰি দোষাৰোপ কৰা হৈছে অসমৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমক৷

লেখ আবেদনখনত অতি স্পষ্টকৈ কোৱা হৈছে যে জুবিন গার্গে ইতিপূর্বেও গুৰুতৰ ছিজাৰ আৰু সংশ্লিষ্ট স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হৈছিল৷ বিশেষকৈ ২০০২ চনত ডিব্রুগড়ৰ এখন ৰিজ’ৰ্টৰ বাথৰুমত তেওঁ অচেতন হৈ পৰাত সংজ্ঞাহীন অৱস্থাত উদ্ধাৰ কৰি গুৱাহাটীলৈ এয়াৰলিফ্ট কৰা হৈছিল৷ লেখ আবেদনখনৰ সৈতে সংবাদ মাধ্যমত প্রকাশিত এটা বাতৰিও এই প্রসংগত গাঁঠি দিয়া হৈছে৷ যিটো নিজক নির্দোষী সজোৱাৰ বাবে মহন্তৰ এক পৰিকল্পিত আইনী কৌশল বুলি চর্চিত হৈছে সর্বত্র৷ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত য়াট যাত্রাৰ সময়ত সংঘটিত ঘটনাটোৰ সময়ত মহন্তই উপস্থিত নথকাৰ কথাও লেখ আবেদনখনত উল্লেখ কৰা হৈছে৷ অধিবক্তাই লেখ আবেদনখনত দিয়া ভাষ্য অনুসৰি জুবিন গার্গে সেইদিনা ছিংগাপুৰৰ এটা দ্বীপত তেওঁৰ টীমৰ সদস্য, সম্পর্কীয় লোক আৰু বন্ধুৰ সৈতে য়াট যাত্রাৰ বাবে গৈছিল৷ কিন্তু ঘটনাস্থলীত উপস্থিত নাছিল মহন্ত৷ সেই সময়ত তেওঁ নর্থ–ইষ্ট ফেষ্টিভেলৰ আয়োজনৰ কামতহে ব্যস্ত আছিল৷ লেখ আবেদনখনত কোৱা হৈছে যে ছিংগাপুৰ কর্তৃপক্ষই তাৎক্ষণিকভাৱে ঘটনাৰ প্রয়োজনীয় অনুসন্ধান আৰম্ভ কৰে৷ কিন্তু অনুসন্ধানৰ সময়ত লেখ আবেদনকাৰীক কোনো কাৰণতে অভিযুক্ত, সন্দেহযুক্ত বা সাক্ষী হিচাপে গণ্য কৰা নাছিল৷ আনকি ছিংগাপুৰ কর্তৃপক্ষই কোনোধৰণৰ ফাউল প্লে বা অভিযোগো নাপালে৷ এনে অৱস্থাত ছিংগাপুৰ কর্তৃপক্ষই সমগ্র বিষয়টো পৰীক্ষা কৰাৰ অন্তত মহন্তক দোষী সাব্যস্ত কৰাৰ কোনো ৰাস্তা নাপালে৷

নিজকে নির্দোষী সজাবলৈ অধিবক্তা ৰাজ কমলৰ জৰিয়তে দাখিল কৰা লেখ আবেদনখনত ১৯ ছেপ্টেম্বৰ দিনটোৰ বর্ণনা দাঙি ধৰা হৈছে৷ সেই অনুসৰি ভাৰতীয় সময় মতে পুৱা ১০ বজাৰ পৰা তেওঁ নর্থ–ইষ্ট ফেষ্টিভেলৰ অতিথিসকলৰ সৈতে এক বৈঠকত ব্যস্ত আছিল৷ যিখন বৈঠক দুপৰীয়াৰ আহাৰ পর্যন্ত অব্যাহত থাকে৷ ভাৰতীয় সময় মতে দুপৰীয়া ১ বজাত তেওঁ জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ পৰা ফোনযোগে দুর্ভাগ্যজনক খবৰটো লাভ কৰে৷ লগে লগে তেওঁ ছিংগাপুৰস্থিত ভাৰতীয় দূতাৱাসৰ বিষয়াবর্গৰে সম্পর্ক স্থাপন কৰে আৰু প্রায় ২.৪৩ বজাত চিকিৎসালয়ত উপস্থিত হয়৷ ইতিমধ্যে চিকিৎসকে মৌখিকভাৱে জুবিন গার্গক মৃত ঘোষণা কৰিছিল৷ ইফালে, জুবিন গার্গৰ বিয়োগৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমক সমস্ত দোষ জাপি দিব বিচৰা হৈছে লেখ আবেদনখনৰ জৰিয়তে৷ লেখ আবেদনখনত কোৱা হৈছে যে ছপা আৰু বৈদ্যুতিন উভয় সংবাদ মাধ্যমৰ দায়িত্বজ্ঞানহীন, অতিৰঞ্জিত বাতৰিৰ বলি হৈছে আবেদনকাৰী৷ জুবিন গার্গৰ দুর্ভাগ্যজনক বিয়োগক লৈ সংবাদ মাধ্যমত ভুৱা নেৰেটিভ দাঙি ধৰা হৈছে৷ উল্লেখ্য যে জুবিন গার্গৰ বিয়োগৰ পাছতে মহন্তৰ বিৰুদ্ধে সমগ্র ৰাজ্যতে ৫৪খনতকৈও অধিক এজাহাৰ দাখিল কৰে বিভিন্নজনে৷ এই সকলো এজাহাৰ একত্রিত কৰি চিআইডিত ভাৰতীয় ন্যায় সংহিতাৰ ৬১ (২)/১০৫/১০৬ (১) নং ধাৰাৰ অধীনত ১৮/২০২৫ নম্বৰৰ এটা সংহত গোচৰ ৰুজু কৰা হয়৷ যিটো গোচৰৰ বর্তমানে তদন্ত কৰি আছে এছআইটিয়ে৷ লেখ আবেদনখনৰ জৰিয়তে এই গোচৰটোৰ তদন্তভাৰ চিবিআই অথবা নিয়াক দিবলৈ উচ্চতম ন্যায়ালয়ক আর্জি জনোৱা হৈছে৷ লগতে উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্রাপ্ত ন্যায়াধীশক গোচৰটোৰ তদন্ত প্রক্রিয়া নিৰীক্ষণৰ দায়িত্ব দিবলৈ কোৱা হৈছে লেখ আবেদনখনত৷

তদুপৰি মহন্ত আৰু তেওঁৰ পৰিয়ালৰ জীৱন তথা ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীৰ সঞ্চালকপ্রধানক নির্দেশ দিবলৈও কোৱা হৈছে৷ সেইদৰে ছিংগাপুৰ কর্তৃপক্ষই প্রেৰণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন তথা অন্য চিকিৎসাজনিত তথ্যপাতি যাতে ছীল ক’ভাৰত উচ্চতম ন্যায়ালয়ত জমা দিয়ে তাৰ বাবে নির্দেশ দিবলৈ কোৱা হৈছে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীৰ সঞ্চালকপ্রধানক৷ এই লেখ আবেদনখনৰ জৰিয়তে মহন্তই যে গ্রেপ্তাৰৰ পৰা হাত সাৰিব বিচাৰিছিল সেই কথা সুস্পষ্ট হৈ পৰিছে৷ কিয়নো আবেদনকাৰী হিচাপে মহন্তক যাতে গ্রেপ্তাৰ নকৰে বা তেনেধৰণৰ কোনো পদক্ষেপ গ্রহণ কৰা নহয়, প্রতিপক্ষক তাৰ নির্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত আর্জি জনোৱা হৈছে৷

মন কৰিবলগীয়া যে মহন্তই এইদৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ ক্ষেত্রত এক যুক্তি দাঙি ধৰা হৈছে লেখ আবেদনখনত৷ সেই অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয় ২৭ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ বন্ধ থাকিব৷ ১৪ অক্টোবৰতহে পুনৰ খুলিব গুৱাহাটী উচ্চ ন্যায়ালয়৷ এনে প্রেক্ষাপটত আবেদনকাৰীৰ জীৱন আৰু স্বাধীনতাৰ সুৰক্ষাৰ দিশত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা সকাহ পোৱাটো অসম্ভৱ৷ তদুপৰি উত্তৰ–পূর্বাঞ্চলৰ আন কেইবাখনো ৰাজ্যতো এই বিষয়ত এজাহাৰ দাখিল কৰা হৈছে৷ যিটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিসীমাৰ কর্তৃত্বৰ বাহিৰত৷ একে সময়তে লেখ আবেদনখনত কাৰো নাম উল্লেখ নকৰাকৈ ৰাজ্য চৰকাৰৰ শীর্ষ কার্যবাহীৰ বিৰুদ্ধেও উত্থাপন কৰা হৈছে গুৰুতৰ অভিযোগ৷ অভিযোগ মতে, অনুসন্ধান সম্পূর্ণ নৌহওঁতেই ৰাজ্য চৰকাৰৰ শীর্ষ কার্যবাহীয়ে তেওঁলোকৰ সামাজিক মাধ্যমৰ হেণ্ডেলযোগে আবেদনকাৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছে৷ লেখ আবেদনখনত মহন্ত আৰু জুবিন গার্গৰ ছিংগাপুৰ ভ্রমণৰ তথ্য, যোৱা ২৪ ছেপ্টেম্বৰত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহন্ত আৰু তেওঁৰ সংস্থাৰ দ্বাৰা আয়োজিত অনুষ্ঠান অসমত নিষিদ্ধ কৰাৰ ঘোষণাৰ স্ক্রীনশ্বট, এছআইটি গঠনৰ নির্দেশনা, সংবাদ মাধ্যমত প্রকাশিত একাংশ বাতৰি, আৰক্ষীৰ কেছ ডায়েৰী, এফআইআৰ, ফটো আদি সংলগ্ণ কৰি দিছে৷ প্রধানতঃ নিজকে নির্দোষী হিচাপে প্রতিপন্ন কৰিবলৈ এনেধৰণৰ আইনী কৌশল সংস্কৃতিৰ দালালজনে গ্রহণ কৰা বুলি চর্চিত হৈছে সর্বত্র৷

You might also like