বিশেষ বাৰ্তা, ৪ অক্টোবৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্রীয়ে এই কথা ঘোষণা কৰি কয় যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বর্তমানৰ ন্যায়াধীশ সৌমিত্র শইকীয়াক লৈ ন্যায়িক আয়োগখন গঠন কৰা হ’ব৷ এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– প্রথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক জুবিন গার্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ বাবে এখন ন্যায়িক আয়োগ গঠনৰ বাবে চৰকাৰৰ তৰফৰ পৰা অনুৰোধ কৰা হৈছিল৷ গঠন হ’বলগীয়া ন্যায়িক আয়োগত অৱসৰপ্রাপ্ত ন্যায়াধীশৰ পৰিৱর্তে বর্তমান কার্যনির্বাহ কৰি থকা এজন ন্যায়াধীশক নিযুক্তি দিব লাগে৷
ৰাজ্য চৰকাৰৰ এনে অনুৰোধৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্র শইকীয়াক আয়োগখনৰ অধ্যক্ষ কৰাৰ বাবে অনুমোদন জনাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত পুনৰ কয়– ন্যায়িক আয়োগ সন্দর্ভত যিসকলে নজৰ দি আহিছে, সেইসকলে এই বিষয়টো লক্ষ্য কৰিব যে ন্যায়াধীশ আয়োগৰ অধ্যক্ষগৰাকী সাধাৰণতে অৱসৰপ্রাপ্ত হয়৷ কিন্তু জুবিন গার্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ বর্তমান কার্যনির্বাহ কৰি থকা ন্যায়াধীশ সৌমিত্র শইকীয়াক দায়িত্ব দিয়াটো গুৰুত্বপূর্ণ৷ মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে জুবিন গার্গৰ মৃত্যুক লৈ যিসকলে ফেচবুক, ইউটিউব, টুইটাৰ আদিত জুবিনৰ হত্যা সন্দর্ভত বিভিন্ন তথ্য দাঙি ধৰি আহিছে, তেওঁলোকৰ দায়িত্ব হ’ব ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰক৷ সামাজিক মাধ্যমত বিভিন্ন তথ্য দাঙি ধৰি জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগৰ ওচৰলৈ গৈ সহযোগিতা কৰাসকলৰ প্রতি চৰকাৰে বিশেষ নজৰ দিব৷ সামাজিক মাধ্যমত তথ্য দাঙি ধৰাসকলে এতিয়া নিজৰ দায়িত্ব পালন কৰিব নে নাই, সেয়াও লক্ষণীয় হ’ব৷