নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফেচবুকত চিঠি লিখি নিজকে নির্দোষী সজোৱাৰ অপচেষ্টা সিদ্ধার্থ শর্মাৰ

🔹 শ্যামকানুৰ পাছত গাঁতৰ পৰা ওলাল ধুৰন্ধৰ মেনেজাৰ

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ : অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গৰ মৃত্যুৰ ৮ দিন পাছতহে সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি দুখ প্রকাশ কৰাৰ বাবে আহৰি পালে শিল্পীগৰাকীৰ মেনেজাৰ সিদ্ধার্থ শর্মাই৷ সংস্কৃতিৰ দালাল শ্যামকানু মহন্তৰ ফেচবুক লাইভৰ পাছতে গাঁতৰ পৰা ওলোৱা মেনেজাৰ সিদ্ধার্থ শর্মাই ফেচবুকত চিঠি লিখি নিজকে নির্দোষী সজোৱাৰ অপচেষ্টা চলালে৷ নিশা প্রায় ৮.৩০ বজাত সামাজিক মাধ্যম ফেচবুকত ঘঁৰিয়ালৰ চকুপানী টুকি মুকলি চিঠিৰে আত্মপক্ষ সমর্থনৰ অপচেষ্টা চলালে সিদ্ধার্থ শর্মাই৷

দীঘলীয়া ফেচবুক পোষ্টটোত অসমৰ ৰাইজৰ ভাবুকিভৰা বার্তাৰ বাবেই বর্তমানেও গুৱাহাটীলৈ অহাৰ সলনি দিল্লীতে থকা বুলি স্বীকাৰ কৰিছে সিদ্ধার্থ শর্মাই৷ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সংঘটিত মর্মান্তিক ঘটনাটোৱে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গক মৃত্যুৰ শীতল কোলাত চিৰদিনৰ বাবে শুৱাই দিয়াৰ পাছত অসমীয়াই আজি বিগত ৮টা দিন ধৰি প্রিয় শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি ৰাজপথ উত্তাল কৰিছে৷ বিভিন্ন দল–সংগঠনে মৌন সমদল কৰাৰ লগতে সামাজিক মাধ্যমযোগেও বহুজনে শিল্পীগৰাকীৰ প্রতি ন্যায় বিচাৰিছে৷ ৰাইজৰ এই দুখৰ সময়তে দিল্লীৰ অজ্ঞাত স্থানৰ পৰা সুৰক্ষিতভাৱে মেনেজাৰ সিদ্ধার্থ শর্মাই আত্মপক্ষ সমর্থন কৰি চিঠিখন লিখিছে৷ দীঘলীয়া চিঠিখনত নিজৰ দোষ ঢাকি সিদ্ধার্থ শর্মাই এছআইটি আৰু ৰাইজৰ আগত সকলো কথা অৱগত কৰিব বুলি সদৰী কৰিছে৷

শোকাৱহ ঘটনাটোক লৈ অসমৰ ৰাইজ এতিয়াও ম্রিয়মাণ হৈ আছে৷ ঘটনাটোৰ দিনাৰ পৰাই ৰাইজে মেনেজাৰ সিদ্ধার্থ শর্মাৰ পৰা প্রকৃততে ছিংগাপুৰত সেইদিনা কি ঘটিছিল, সেয়া জানিবলৈ উদ্গ্রীৱ হৈ আছে৷ বহুজনে ইয়াৰ পূর্বেও সকলো তথ্য সদৰী কৰিবলৈ সিদ্ধার্থ শর্মাক আহ্বান জনাইছিল৷ ফেচবুক পোষ্টটোত ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত শোকাৱহ দুর্ঘটনাত পতিত হোৱা শিল্পী জুবিন গার্গক সহায় কৰিবলৈ সকলো চেষ্টা চলোৱা বুলি আত্মপক্ষ সমর্থন কৰিলে দগাবাজ সিদ্ধার্থ শর্মাই৷ শেহতীয়াকৈ বিভিন্ন সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্রচাৰ হৈ থকা খবৰসমূহক উৰাবাতৰি বুলি দাবী কৰি ধুৰন্ধৰ সিদ্ধার্থ শর্মাই সংবাদ মাধ্যম আৰু ৰাইজক একপ্রকাৰ দোষী সজাবলৈ অপচেষ্টা চলাইছে৷ প্রয়াত শিল্পীগৰাকীৰ সকলো উপার্জনৰ তথ্য তেওঁ সদায়ে চোৱাচিতা কৰা বুলি পোহৰলৈ অহাৰ পাছতো কালিৰ ফেচবুক পোষ্টটোত সিদ্ধার্থ শর্মাই শিল্পীগৰাকীৰ গানে কোটি কোটি টকা উপার্জন কৰাৰ পাছতো অসমৰ প্রযোজক বা সাংগীতিক ক্ষেত্রখনৰ পৰা কোনোধৰণৰ ৰয়েল্টী শিল্পীগৰাকীয়ে লাভ কৰা নাছিল বুলি মন্তব্য কৰে৷ ২০২১ চনত শিল্পীগৰাকীয়ে নিজৰ সৃষ্টিৰাজিৰ মালিকীস্বত্ব লগত ৰখাৰ উদ্দেশ্যে গঠন কৰা ‘জুবিন গার্গ মিউজিক এলএলপি’ৰ কথাও উল্লেখ কৰে মেনেজাৰ শর্মাই৷ এই প্রতিষ্ঠানটোৰ ৬০ শতাংশ মালিকীস্বত্ব শিল্পী জুবিন গার্গৰ আছিল৷ বাকী ৪০ শতাংশ কাৰ নামত আছিল তাৰ বিষয়ে সদৰী নকৰিলেও নিজৰ অংশটোও পৰিয়ালক হস্তান্তৰ কৰিবলৈ পালে সন্মানিত হ’ব বুলি সদৰী কৰিছে মেনেজাৰ শর্মাই৷

অসমৰ ৰাইজৰ ভাবুকি আৰু ৰোষৰ বাবেই আজিলৈকে গুৱাহাটীলৈ আহিব পৰা নাই বুলি মন্তব্য কৰি নিজৰ মাতৃ–ভগ্ণী–ভাতৃকো ঘৰৰ বাহিৰলৈ প্রেৰণ কৰা বুলি স্বীকাৰ কৰিছে সিদ্ধার্থ শর্মাই৷ উল্লেখ্য যে শ্যামকানু মহন্তৰ ফেচবুক লাইভৰ পাছতে ২৪ ঘণ্টা নৌহওঁতেই মেনেজাৰ সিদ্ধার্থ শর্মাই ফেচবুকযোগে চিঠি লিখি অসমৰ ৰাইজৰ সহানুভূতি আদায় কৰিবলৈ চলোৱা চেষ্টাক নেটিজেনে তীব্র সমালোচনা কৰিছে৷ এইখিনিতে প্রশ্ণ হৈছে– অনা–অসমীয়া সিদ্ধার্থ শর্মাই অসমীয়া ভাষাটো ভালকৈ লিখিব নোৱাৰাৰ পাছত ক্ষমা বিচাৰি অসমীয়াত চিঠি কিদৰে লিখিবলৈ সক্ষম হৈছে নে তেওঁক আত্মপক্ষ সমর্থনৰ বাবে শ্যামকানু মহন্তৰ দৰে কোনোবা ধুৰন্ধৰে সহায় কৰিছে৷ প্রাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ আজি ৮টা দিন পাছত হঠাতে চিআইডিয়ে চমন জাৰি কৰাৰ পাছতহে মেনেজাৰ সিদ্ধার্থ শর্মাই শিল্পীগৰাকীক লৈ অসমৰ ৰাইজৰ ওচৰত এনেদৰে ক্ষমা খুজি শ্রদ্ধা জনাবলৈ আহৰি কিদৰে পালে৷ মেনেজাৰ সিদ্ধার্থ শর্মাৰ দীঘলীয়া ফেচবুক পোষ্টটোৰ পাছতে ক্ষুৰধাৰ সমালোচনা কৰি নেটিজেনে পুনৰ ভাবুকিভৰা বার্তাৰে নিকৃষ্টভাৱে গালি পৰা পৰিলক্ষিত হ’ল৷

You might also like