ৰাষ্ট্রীয় চলচ্চিত্র বঁটা আৰু অসম
অলপতে ভাৰতৰ ৰাষ্ট্রীয় চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান সম্পন্ন হৈ গ’ল৷ এই বঁটা আছিল ২০২৩ বর্ষৰ৷ ক’ৰোনাৰ সময়ত এই বঁটা সময় মতে অনুষ্ঠিত কৰিব নোৱাৰা বাবেই বঁটা প্রদানৰ সময়ৰ পৰম্পৰা ৰক্ষা নহ’ল৷ ভাৰতীয় সাংস্কৃতিক জগতখনত এই বঁটাই এটা গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আছে৷ ভাৰত চৰকাৰে আয়োজন কৰা এই প্রতিযোগিতাক ভাৰতৰ সর্বোচ্চ চলচ্চিত্র বঁটা হিচাপে গণ্য কৰা হয়৷ এই বঁটা কেৱল প্রতিভা আৰু কৃতিত্বৰ স্বীকৃতি নহয়, বৰং ইয়াক চলচ্চিত্র শিল্পৰ বিকাশৰ এটা প্রেৰণাদায়ক শক্তি হিচাপেও গণ্য কৰা হয়৷ এই বঁটাৰ প্রধান লক্ষ্য হৈছে ভাৰতীয় চলচ্চিত্রৰ নান্দনিক আৰু বৌদ্ধিক বিকাশক উৎসাহিত কৰা৷ এই প্রতিযোগিতাত চলচ্চিত্রৰ শিল্প গুণ, সৃষ্টিশীলতা আৰু মৌলিকতাক প্রাধান্য দিয়া হয়৷ ভাৰতৰ দৰে বহু ভাষা আৰু বহু সাংস্কৃতিক সম্পদেৰে পূর্ণ এই সমাজত চিনেমাৰ এক বিশেষ স্থান আছে৷ এই বঁটাই দেশখনৰ সকলো ভাষা আৰু অঞ্চলৰ চলচ্চিত্রক উৎসাহিত কৰি তোলে আৰু চলচ্চিত্রৰ বৈচিত্র্য সংৰক্ষণত সহায় কৰে৷ এই ৰাষ্ট্রীয় বঁটাই আঞ্চলিক চলচ্চিত্রসমূহক জাতীয় মঞ্চলৈ লৈ যায় আৰু পৰিচয় প্রদান কৰে৷ এই বঁটাই প্রদান কৰা স্বীকৃতিৰ ফলত চলচ্চিত্র নির্মাতাসকলে দেশৰ থলুৱা কাহিনী আৰু সামাজিকভাৱে প্রাসংগিক বিষয়বস্তু লৈ নির্ভয়ে পৰীক্ষা–নিৰীক্ষা কৰিবলৈ উৎসাহিত হয়৷ তদুপৰি ৰাষ্ট্রীয় চলচ্চিত্র বঁটাই চলচ্চিত্রক লৈ বৌদ্ধিক আলোচনাকো আগবঢ়াই লৈ যায়৷ পূর্ণ দৈর্ঘ্যৰ ছবিৰ লগতে তথ্যচিত্র, চুটি ছবি আৰু চলচ্চিত্র সমালোচনা–ৰচনা আদি বিভাগতো বঁটা প্রদান কৰাৰ ফলত চলচ্চিত্রক কেৱল বাণিজ্যিক পণ্য হিচাপে নহয়, শিল্প আৰু সাংস্কৃতিক প্রতিফলনৰ মাধ্যম হিচাপেও মূল্যায়ন কৰা হয়৷ এই স্বীকৃতিয়ে চলচ্চিত্রৰ শিল্প গুণৰ মান স্থাপন কৰাৰ লগতে সাংস্কৃতিক সংৰক্ষণৰ এক শক্তিশালী মাধ্যম হিচাপেও কাম কৰে৷ ভাৰতীয় চলচ্চিত্রৰ এই বিশাল পথাৰখনত ৰাষ্ট্রীয় চলচ্চিত্র বঁটাৰ মাধ্যমেৰে অসমীয়া চলচ্চিত্রই মঞ্চত নিজৰ বিশেষ স্থান গঢ়ি তুলিছে৷ সংগীত পৰিচালনাৰ বাবে ভূপেন হাজৰিকা, চিত্রনাট্যৰ বাবে ভবেন্দ্র নাথ শইকীয়া, পৰিচালনাৰ বাবে জাহুণ বৰুৱা, ৰীমা দাস আদিয়ে এই বঁটা লাভ কৰিছিল৷ এই উদাহৰণবোৰে দেখুৱাইছে যে চলচ্চিত্র সৃষ্টিৰ ক্ষেত্রত অসমীয়া চলচ্চিত্র বিভিন্ন দিশৰে সমৃৃদ্ধ আৰু সর্বভাৰতীয় মানৰ৷ এই স্বীকৃতিয়ে অসমীয়া চলচ্চিত্রৰ ঐতিহ্যক অধিক সমৃদ্ধ কৰিছে৷
এই ধাৰাবাহিক সফলতাৰ অংশ হিচাপে, ৭১তম ৰাষ্ট্রীয় চলচ্চিত্র বঁটাত একাধিক অসমীয়া সমালোচক আৰু শিল্পীয়ে বঁটা লাভ কৰি গৌৰৱ অর্জন কৰিছে৷ উৎপল দত্তহ শ্রেষ্ঠ চলচ্চিত্র সমালোচক হিচাপে স্বর্ণকমল লাভ কৰিছে, যিয়ে চলচ্চিত্র সমালোচনাৰ বৌদ্ধিক মূল্যক উজ্জ্বল কৰি তুলিছে৷ শিল্পীকা বৰদলৈয়ে অ–কাহিনী চলচ্চিত্রত লাভ কৰা শ্রেষ্ঠ প্রথম পৰিচালকৰ স্বর্ণকমল স্বীকৃতি অসমীয়া চলচ্চিত্র জগতৰ নতুন প্রজন্মৰ বাবে এটা উৎসাহমূলক নিদর্শন৷ মুম্বাইত স্থায়ীভাৱে থাকিবলৈ লোৱা অসমীয়া কামাখ্যা নাৰায়ণ সিঙে শিল্প–সংস্কৃতি বিষয়ক চলচ্চিত্রত ৰজত কমল লাভ কৰিছে আৰু ই ৰাষ্ট্রীয় স্তৰত অসমীয়া শিল্পীৰ অর্থপূর্ণ অৱদানকেই প্রতিফলিত কৰে৷ প্রবাল খাউণ্ডে ষষ্ঠ অনুচ্ছেদত অন্তর্ভুক্ত নোহোৱা ভাষাৰ শ্রেষ্ঠ কাহিনী ছবিৰ বঁটা লাভ কৰিছে, যিয়ে ভাষাগত বৈচিত্র্যৰ প্রতি এই বঁটাই প্রদর্শন কৰা আগ্রহকে প্রতিপন্ন কৰে৷ এই আটাইকেইটা বঁটাৰ বাবে প্রতিযোগীসকলে সর্বভাৰতীয় স্তৰত প্রতিযোগিতাত অৱতীর্ণ হৈছিল আৰু সঠিক অর্থতেই ৰাষ্ট্রীয় স্তৰত নিজকে প্রতিপন্ন কৰিবলৈ সমর্থ হৈছিল৷ তেনেদৰে অসমীয়া ভাষাৰ কাহিনী চিত্র বিভাগত অদিত্যম শহকীয়াৰ ৰঙাটাপু ১৯৮২ক শ্রেষ্ঠ হিচাপে বাছনি কৰা হৈছে৷ এইবোৰ সফলতা কেৱল অসমৰ কৃতিত্ব নহয়৷ ই অসমীয়া চলচ্চিত্র, চলচ্চিত্র কর্মী আৰু সমালোচনাক ৰাষ্ট্রীয় স্তৰত প্রতিষ্ঠা কৰাৰ সফলতা৷ ৰাষ্ট্রীয় চলচ্চিত্র বঁটাত অসমীয়া চলচ্চিত্রৰ এই ধৰণৰ ধাৰাবাহিক স্বীকৃতিয়ে প্রমাণ কৰে যে আঞ্চলিক কণ্ঠস্বৰসমূহে ভাৰতীয় চলচ্চিত্রৰ বৃহত্তৰ ধাৰণাত গুৰুত্বপূর্ণভাৱে অৱদান আগবঢ়াব পাৰিছে৷ চলচ্চিত্র সমালোচনাৰ দিশত ৰাষ্ট্রীয় স্তৰৰ ছটা বঁটাই অসমীয়া চলচ্চিত্র সমালোচকক ৰাষ্ট্রীয় স্তৰত প্রতিষ্ঠা কৰিছে৷ ষষ্ঠ অনুচ্ছেদত অন্তর্ভুক্ত নোহোৱা ভাষাৰ শ্রেষ্ঠ কাহিনীচিত্রৰ ক্ষেত্রত অসমৰ চিত্রনির্মাতাই কেইবাটিও বঁটা লাভ কৰি এই অঞ্চলৰ পৰিচালকে প্রান্তীয় ভাষাসমূহৰ প্রচাৰৰ বাবে কৰা নিবেদিত কর্মেৰে সর্বভাৰতীয় প্রেক্ষাপটত উজলি উঠিছে৷ এই কৃতিত্বসমূহে কেৱল অসমীয়া চলচ্চিত্রৰ পূর্ণতা আৰু পৰিপক্বতাক উজ্জ্বল কৰি তোলাই নহয়, আগন্তুক দিনত ভাৰতীয় চলচ্চিত্র সংস্কৃতিৰ দিশ নির্ধাৰণত ইয়াৰ প্রভাৱশালী অৱদানৰ সম্ভাৱনাও সৃষ্টি কৰিছে৷ অসমৰ চলচ্চিত্রকাৰ আৰু সমালোচকৰ এই মৌলিকতা আৰু উদ্ভাৱন শক্তিয়ে দেশৰ চলচ্চিত্র ঐতিহ্যৰ বৈচিত্র্য, সৃষ্টিশীলতা আৰু বৌদ্ধিক গভীৰতা অক্ষুণ্ণ ৰখাত এক কেন্দ্রীয় ভূমিকা পালন কৰিব৷