নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত ৭ চাকৰি

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধীনত পৰিচালিত ফৰেনছিক বিজ্ঞান সঞ্চালকালয় (Directorate of Forensic Science, Assam)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Junior Assistant-LDA (2), Grade IV-Attendant/Laboratory Bearer (4), Cook (1)৷ Junior Assistant-LDA পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হোৱাৰ উপৰি Word Processor, Spredsheet, Presentation Graphics Concept of Data Base, Internet, E-mailৰ জ্ঞান থকা হ’ব লাগিব৷ ২টা পদৰ ১টা অসংৰক্ষিত হোৱাৰ বিপৰীতে আনটো আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৪০ বছৰ৷

Grade IV-Attendant/Laboratory Bearer পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ মুঠ পদ ৪টাৰ ভিতৰত অ’বিচি, এছটি–পি, অসংৰক্ষিত আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে একোটাকৈ পদ সংৰক্ষিত থাকিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৪০ বছৰ৷Cook পদৰ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে হোটেল/ৰেস্তোৰাঁত কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ পদটো অসংৰক্ষিত৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৫২,০০০ টকা৷ ৩,৯০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ ১৮–৪০ বছৰ৷ প্রার্থীৰ নাম নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়নভুক্ত হোৱাটো বাঞ্ছনীয়৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ প্রস্তুত কৰা আবেদনৰ লগত ৫ টকীয়া ডাক টিকট লগোৱা এটি অতিৰিক্ত খাম To, The Directorate of Forensic Science, Assam. Kahilipara, Guwahati-781019 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ অক্টোবৰ, ২০২১৷

You might also like