নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : তপত পৃথিৱী

সম্পাদকীয়

ক্রমশঃ উত্তপ্ত হৈছে পৃথিৱী৷ মাত্র দুটা দিনৰ জেন–জেডৰ বিস্ফোৰক প্রতিবাদে নেপালৰ অলি চৰকাৰক পতন ঘটোৱাই নহয়, দেশখনক প্রায় ধ্বংসস্তূপত পৰিণত কৰাইছে৷ লাখ লাখ তৰুণৰ চৰকাৰ হটাও আন্দোলন ৰাজপথত শান্তিপূর্ণ হৈ নাথাকিল৷ চৰকাৰী বাহিনীৰ নির্বিচাৰ গুলীৰ প্রত্যুত্তৰত এফালৰ পৰা তৰুণ–তৰুণীসকলে ভাঙি জ্বলাই চূৰমাৰ কৰিলে ৰাষ্ট্রপতি ভৱনৰ পৰা উচ্চতম ন্যায়ালয়লৈ, বিয়াগোম বিয়াগোম অট্টালিকাৰ পৰা ব্যৱসায়িক প্রতিষ্ঠানলৈ৷ এফালে যদি নেপাল জ্বলিছে, তেন্তে সুদূৰ পশ্চিমত ফ্রান্সো উমি উমি জ্বলি আছে৷ ফ্রান্সৰ ৰাষ্ট্রপতিৰ বিৰুদ্ধে দেশখনৰ জাগি উঠা জনগণে কোন মুহূর্তত বিস্ফোৰক ৰূপ লয় সেয়া মাত্র সময়ৰ অপেক্ষা৷ জ্বলি আছে মধ্যপ্রাচ্যও৷ যোৱা প্রায় দুবছৰ ধৰি চলি থকা ইজৰাইল–পেলেষ্টাইনৰ অবিৰত যুদ্ধই হাজাৰ হাজাৰজনৰ প্রাণ কাঢ়িছে৷ এতিয়াও মধ্যপ্রাচ্যৰ প্রখৰ ৰ’দে পোৰা বালিৰ দৰেই তপত হৈ আছে ইজৰাইল–পেলেষ্টাইন–ইৰান-য়েমেনৰ যুদ্ধ৷ দক্ষিণ এছিয়া–মধ্য এছিয়া যদি উত্তপ্ত হৈ আছে তেন্তে শীতল হৈ থকা নাই শীতার্ত ইউৰোপো৷ ৰাছিয়া–ইউক্রেইনৰ ভয়ংকৰ যুদ্ধই প্রায় তৃতীয় বিশ্বযুদ্ধৰে ৰূপ ল’ব খুজিছে৷ পৃথিৱীৰ কোনো শক্তিয়েই ক্ষান্ত কৰিব পৰা নাই ৰাছিয়াক৷ এই যুদ্ধ–বিদ্রোহ–প্রতিবাদে তপত কৰি ৰখা পৃথিৱী কিন্তু সঁচা অর্থত যে ক্রমশঃ তপত হৈ উঠিছে সেই কথা আমি বহুতে গণ্যই কৰিব খোজা নাই৷ প্রকৃতার্থত এক ভয়ংকৰ ভৱিষ্যতলৈ গতি কৰা আমাৰ মৰমৰ পৃথিৱীখনে যে প্রাকৃতিকভাৱে এক মৃত্যুমুখী যাত্রাত খোজ দিছে সেই কথা আমি বুজিও বুজিব খোজা নাই, জানিও জানিব খোজা নাই৷

আমাৰ পৰা শত যোজন নিলগত মহাসাগৰৰ মাজত প্রায় নীৰৱে এক উদ্বেগজনক ঘটনা সংঘটিত হৈছে৷ জনচক্ষুৰ আঁতৰত ভাঙি পৰিছে পৃথিৱীৰ সকলোতকৈ বিশাল বৰফখণ্ড A23a৷ প্রায় দুটা দশক পূর্বে এণ্টাৰ্কটিকাৰ পৰা বিচ্ছিন্ন হৈছিল এই আইচবার্গ৷ তেতিয়াৰ পৰাই এই বিশাল আইচবার্গে আটলাণ্টিক মহাসাগৰৰ জলৰাশিত ভাহি আছে৷ আকাৰত লণ্ডন মহানগৰতকৈও ডাঙৰ এই আইচবার্গ মহাসাগৰত ভাহি থকাৰ সময়তে বছৰ বছৰ ধৰি অলপ অলপকৈ ভাঙিবলৈ আৰম্ভ কৰিছিল যদিও সেয়া উদ্বেগজনক নাছিল৷ কিন্তু যোৱা দুটা বছৰত আইচবার্গটোৰ ভঙাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আৰু যোৱা সপ্তাহত দক্ষিণ জর্জিয়া দ্বীপৰ পৰা প্রায় ৬৪ কিলোমিটাৰ দূৰৈত A23aৰ বৃহৎ ভাঙোন আৰম্ভ হয়৷ যদি এই ভাঙোন অব্যাহত থাকে তেতিয়াহ’লে ই সম্পূর্ণ নিশ্চিহ্ণ হ’বলৈ এটা মাহৰো প্রয়োজন নহ’ব৷ A23a পৃথিৱীৰ বুকুৰ পৰা সম্পূর্ণৰূপে বিলুপ্ত হৈ গ’লে সাধাৰণ দৃষ্টিত হয়তো বিশেষ একো ক্ষতি নহ’ব, কিন্তু ই মানৱ সভ্যতালৈ নিশ্চিতভাৱে এক গুৰুতৰ বিপদ সংকেত দি যাব৷ আন্তঃৰাষ্ট্রীয় পৰিৱেশ সংস্থাৰ তথ্য মতেই প্রতিবছৰে ৩.৭ মিলিমিটাৰকৈ সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি পাই আহিছে৷ যদি এই হাৰত সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি পায়েই থাকে তেন্তে আৰু মাত্র ২৫টা বছৰৰ ভিতৰত এই উচ্চতা বৃদ্ধি পাব ৫০ৰ পৰা ৬০ চেণ্টিমিটাৰ৷ এই যে বৃহৎ বৃহৎ হিমবাহবোৰ, হিমালয়ৰ দৰে সুউচ্চ পর্বতৰাশি গলিবলৈ ধৰিছে, সাগৰৰ জলস্তৰ বৃদ্ধি পাই আহিছে, ভাৰতসহ বহু গ্রীষ্মপ্রধান দেশত ক্লাউড ব্লাষ্টাৰ লেখীয়া ঘটনা বৃদ্ধি পাইছে, সমান্তৰালকৈ অস্বাভাৱিক বানপানী আৰু খহনীয়াই ত্রাহিমুহি নিছে, ভয়াৱহ বনজুয়ে আমেৰিকাৰ পৰা ছাইবেৰিয়ালৈকে বিশাল বিশাল এলেকা মাথোঁ কেইটামান মুহূর্তৰ ভিতৰতে ছাৰখাৰ কৰি ছাইত পৰিণত কৰিছে, এই সকলোবোৰেই গ্ল’বেল ৱার্মিঙৰেই কুফল৷ আমাৰ চকুৰ সন্মুখত নিতৌ সংঘটিত হৈ থকা এই ঘটনাবোৰেই প্রতিনিয়ত প্রমাণ কৰি আহিছে যে পৃথিৱী ক্রমান্বয়ে উদ্বেগজনকভাৱে তপত হৈ আহিছে৷ নিজেই নিজৰ ধ্বংসত মত্ত হোৱা মানৱ জাতিয়ে কিন্তু এই সংকেতক সম্পূর্ণৰূপে উপেক্ষা কৰিছে৷ হয়তো ইতিমধ্যে গ্ল’বেল ৱার্মিঙে ধ্বংস কৰাৰ পৰা পৃথিৱীক ৰক্ষা কৰাৰ শেষ সময়ো পাৰ হৈ গৈছে৷

You might also like