নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গ মৃত্যু ৰহস্য : ১০ ডিচেম্বৰৰ আগতেই চার্জশ্বীট দাখিল কৰিব এছ আই টিয়ে : ঘোষণা মুখ্যমন্ত্রীৰ

ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে (৪ ডিচেম্বৰ ) পুনৰ কয় যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুকাণ্ডৰ তদন্তৰ চাৰ্জশ্বীট এছ আই টিয়ে ১০ ডিচেম্বৰৰ আগতেই দাখিল কৰিব।

মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে নিয়ম অনুসৰি ১৮ ডিচেম্বৰৰ ভিতৰত চার্জশ্বীট দাখিল কৰিব লাগে যদিও তেওঁ আশা প্ৰকাশ কৰে যে ১০ ডিচেম্বৰৰ আগতেই এছ আই টিয়ে দাখিল কৰিব পাৰিব চার্জশ্বীট।

তেওঁ কয় — “SIT-এ ১০ ডিচেম্বৰৰ ভিতৰত আদালতত চার্জশ্বীট দাখিল কৰিব। যদিও নিয়ম মতে ১৮ ডিচেম্বৰ পর্যন্ত সময় আছে, কিন্তু মই বিশ্বাস কৰোঁ ১০ ডিচেম্বৰৰ আগতেই চার্জশ্বীট দাখিল কৰা হ’ব। SIT-এ চার্জশ্বীট দাখিলৰ সঠিক তাৰিখ আৰু সময় সংবাদ মেলযোগে জনাব। আৰু মোৰ বিশ্বাস তেওঁলোকে ৬ৰ পৰা ৮ ডিচেম্বৰৰ ভিতৰত যিকোনো এটা দিনত চার্জশ্বীট দাখিল কৰিব।”- ড০ শৰ্মাই আজি (৪ ডিচেম্বৰ) তামুলপুৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণী সভাৰ পিছত সংবাদ মাধ্যমত এইদৰে কয়।

উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠিত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে (SIT) এতিয়ালৈকে ৭জনক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে হ’ল— নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা, তেওঁৰ ভাতৃ সন্দীপন গাৰ্গ, ড্ৰামাৰ শেখৰজ্যোতি গোস্বামী, সহ-গায়িকা অমৃতপ্ৰভা মহন্ত আৰু তেওঁৰ দুই PSO পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা।

You might also like