নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী-ত অনিয়ন্ত্রিত শাক-পাচলিৰ দাম, উদাসীন প্ৰশাসন যন্ত্ৰ

প্ৰতিবছৰে শীতৰ আগমনৰ লগে লগে ধুবুৰী ৰ বজাৰ উভৈনদী হৈ পৰে বিভিন্ন ধৰণৰ শাক-পাচলিৰে। ফলত স্বাভাবিকভাবেই এই সময়চোৱাত ধুবুৰীত শাক-পাচলিৰ দাম কমে। ঠিক অনুৰূপে এইবেলিও ধুবুৰীৰ শাক-পাচলিৰ বজাৰত উপচি পৰিছে বিভিন্ন চব্জিৰে।

কিন্তু, তাৎপৰ্যপূৰ্ণ্য ভাবে বিগত বছৰবোৰৰ তুলনাত ধুবুৰীত এইবাৰ কিন্তু এতিয়ালৈ হ্ৰাস পোৱা নাই চব্জিৰ দাম। ফলত, স্বাভাবিকভাবেই সাধাৰণ ৰাইজৰ মাজত ধুবুৰীৰ চব্জি বজাৰৰ শাক-পাচলিৰ এই অনিয়ন্ত্রিত দামক লৈ সৃষ্টি হৈছে অসন্তোষৰ।

আজিৰ দিনটোত ধুবুৰী চহৰৰ নিউ মাৰ্কেটৰ শাক-পাচলিৰ মূল বজাৰত ফুল কবিৰ খুচুৰা মূল্য হ’ল কেজি প্ৰতি ৩০ টকা। কিন্তু বিগত বৰ্ষৰ শীতত ধুবুৰীৰ একেখন বজাৰত ফুল কবিৰ খুচুৰা মূল্য আছিল কেজি প্ৰতি ১৫/২০ টকা। ইপিনে, বজাৰখনত বন্ধা কবিৰ খুচুৰা দাম হ’ল কেজি প্ৰতি ৩৫-৪০ টকা, লোকেল বেঙেনা ৬০ টকা।

আনহাতে অমিতা কেজি প্ৰতি খুচুৰা মূল্য হ’ল ২৫-৩০ টকা। শ্বিলংৰ পৰা বিলাহীৰ খুচুৰা মূল্য হ’ল কেজি প্ৰতি ৫০ টকা। আনহাতে, নাছিকৰ পৰা আমদানি হোৱা বিলাহী হ’ল কেজি প্ৰতি ৬০ টকা। ধুবুৰীত মটৰৰ খুচুৰা মূল্য বৰ্তমানে হ’ল কেজি প্ৰতি ১৪০ টকা।

ইপিনে, লোকেল জলকীয়া কেজি প্ৰতি ৮০ টকাত বিক্রি কৰি থকাৰ বিপৰীতে চুবুৰীয়া পশ্চিমবংগৰ পৰা হাইব্রিড জলকীয়া বিধৰ দাম হ’ল কেজি প্ৰতি ৮০ টকা। লাও এটাৰ নূন্যতম দাম ৫০ টকা, আকাৰ ভেদে কলডিল এটাৰ দাম ৫০ৰ পৰা ৭০/৮০ টকা লৈ।

ঠিক অনুৰূপে, ধুবুৰী নিউ মাৰ্কেটৰ পাচলি বজাৰত শাকৰ দামো বৰ্তমানলৈ আকাশলংঘী হৈ থকা দেখা গৈছে। পালেং, পদিনা, সৰু-মানিমুনি, নৰসিংহ, ভেদাইলতা, সৰিয়হ শাক আদি বিভিন্ন শাকৰ দাম বৰ্তমানে কেজি প্ৰতি ৬০ৰ পৰা ৮০ টকা।

উল্লেখ্য যে, শীতৰ আগমনৰ লগে লগে ধুবুৰীৰ বিভিন্ন চৰাঞ্চলকে ধৰি গ্ৰামাঞ্চলৰ উৎপাদিত বিভিন্ন কৃষিজাত সামগ্ৰী আহে বাবেই বজাৰ শাক-পাচলি-চব্জিৰে উপচি পৰাৰ সমান্তৰালকৈ দামো কমে।

কিন্তু, তাৎপৰ্যপূৰ্ণ্য ভাবে বজাৰত শাক-পাচলিৰ অনিয়ন্ত্রিত দামৰ বাহে সৰ্ব-সাধাৰণে জ্বলা-কলা খাইছে যদিও প্ৰশাসন যন্ত্ৰ বিষয়টো লৈ হাত সাৱটি বহি থকাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৪ ডিচেম্বৰ

You might also like