নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ হাওৰাঘাটত বিলাসী বাহনখন ছয় গৰুচোৰ কৰায়ত্ত

ডিজিটেল ডেস্ক, ২১ মে’ : কাৰ্বি আংলঙৰ হাওৰাঘাটৰ বৰবিলত গৰুচোৰক ৰাইজৰ উত্তম-মধ্যম। কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত গৰুচোৰৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে হাওৰাঘাট আৰক্ষী থানা এলেকাৰ বৰবিলত ৰাইজৰ ৰোষত পৰে বিলাসী বাহনসহ ছয় গৰুচোৰ ।

AS-01 GG-7927 নম্বৰযুক্ত এখন বিলাসী স্কৰপিঅ’ বাহনক সন্দেহবশতঃ হাওৰাঘাট তিনিআলিত ৰাখিবলৈ নিৰ্দেশ দিয়ে এজন যুৱকে । কিন্তু বাহনখনে দিশ সলনি কৰি হাওৰাঘাট অভিমুখে তীব্ৰ বেগে পলায়ন কৰে। অৱশ্যে বৰবিলত বাহনখন আগভেটি ধৰাত ছয় গৰুচোৰক ৰাইজে আটক কৰিবলৈ সক্ষম হয় । বাহনখনত দুটা পশুধনো উদ্ধাৰ হৈছে ।

পাছত ৰাইজে ছয় গৰুচোৰক উত্তম-মধ্যম শোধাই হাওৰাঘাট আৰক্ষীক চমজাই দিয়ে । ধৃত গৰুচোৰকেইটা চকছুদ্দিন ইছলাম, আব্দুল নাচিৰ, মুকেশ আলী, মুকাৰুল ইছলাম, ফৈজুল ইছলাম আৰু আশ্ৰাবুল ইছলাম । ধৃত আটাইৰে ঘৰ নগাঁও জিলাৰ ভিন্ন প্ৰান্তত ।

You might also like