নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰমৰ দিনত কেনেদৰে যতন ল’ব আপোনাৰ চুলিকোচা

১.সপ্তাহত কমেও তিনিবাৰ মাইল্ড(Mild) অথবা প্ৰাকৃতিকভাৱে ভেজষ(Herbal) চেম্পুৰে আপোনাৰ চুলিকোচা ধুব ৷ বিশেষকৈ যিসকলে দৈনিক ধূলি আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ আহে ৷

২.বাহিৰলৈ অহাৰ সময়ত আপোনাৰ চুলিকোচা কপাহী কাপোৰ, টুপী অথবা দুপাট্টাৰে ঢাকিবলৈ নাপাহৰিব ৷ আপোনাৰ চুলিক ৰ’দ আৰু ধূলিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা দূৰৈত ৰাখক ৷

৩.অত্যাধিক গৰমে চুলিৰ লগতে আমাৰ শৰীৰৰ পৰাও সকলো আৰ্দ্ৰতা বাহিৰ কৰি দিয়ে ৷ সেয়েহে গোটেই দিনটো নিজকে সঠিকভাৱে হাইড্ৰেটেড কৰি ৰাখিব ৷ পানীৰ উপৰিও তৰমুজ, মাস্কমেলন(বাঙি) আদিৰ দৰে প্ৰচুৰ পৰিমাণে পানী থকা সতেজ ফল নাইবা অন্যান্য সতেজ আৰু সেউজীয়া যিকোনো শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ৷

৪.মহিলাসকলে অত্যাধিক টানকৈ চুলি নাবান্ধিব ৷ এনে কৰিলে ঘাম আৰু প্ৰখৰ ৰ’দৰ ফলত চুলিৰ গুৰি ঢিলা হৈ পৰে ৷ যাৰ ফলত সহজে চুলি ছিগিব পাৰে ৷

৫.গৰমৰ দিন বুলিয়ে নহয়, আন সময়তো আপোনাৰ চুলি শুকুবাৱলৈ চুলিকোচা টাৱেলৰে জোৰকৈ মচি নিদিব ৷ এনে কৰিলে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতা হ্ৰাস পায় আৰু সহজে চুলি সৰে ৷ সেয়ে চুলি শুকুৱাবলৈ কপাহী কাপোৰ ব্যৱহাৰ কৰক ৷

৬.আপোনাৰ চুলি মজবুত কৰি ৰাখিবলৈ মাত্ৰাধিক ষ্টাইল কৰা পৰিহাৰ কৰক ৷ যেনে- অত্যাধিক পৰিমাণৰ ষ্ট্ৰেইটনাৰ, কাৰ্লাৰ আৰু ড্ৰায়াৰৰ ব্যৱহাৰে চুলি দুৰ্বল কৰি তোলে ৷ তদুপৰি উচ্চ পৰিমাণৰ ৰাসায়নিক পদাৰ্থ থকা চুলিৰ যতনৰ সামগ্ৰী ব্যৱহাৰৰ পৰিৱৰ্তে প্ৰাকৃতিক গুণ সমৃদ্ধ সামগ্ৰী চুলিৰ বাবে ব্যৱহাৰ কৰক ৷

৭.সপ্তাহত দুবাৰকৈ চুলিত তেল লগাওক ৷ কিন্তু ই বেছি সময়ৰ বাবে ব্যৱহাৰ কৰিলে চুলিৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গৰমৰ দিনত চেম্পু কৰাৰ 15-60 মিনিটৰ পূৰ্বে চুলিত তেল ব্যৱহাৰ কৰক ৷

You might also like