অসমত SR প্ৰক্ৰিয়া আৰম্ভ : ভোটাৰ তালিকা শুদ্ধিকৰণত তৎপৰ আয়োগ
অসমত আজিৰে পৰা আৰম্ভ হ’ল বিশেষ পৰিৱীক্ষা (SR) প্ৰক্ৰিয়া, বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি তৎপৰ নিৰ্বাচন আয়োগ
অসমত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি ৰূপে আজিৰে পৰা আৰম্ভ হ’ল বিশেষ নিৰীক্ষণ (Special Revision – SR) প্ৰক্ৰিয়া। ৰাজ্যখনত শুদ্ধ ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ নিৰ্বাচন আয়োগ সক্ৰিয়ভাৱে কাম আৰম্ভ কৰিছে।
এইবাৰ SR প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাৰ তালিকাৰ তথ্য শুদ্ধ, উন্নত আৰু সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে BLO সকল ঘৰে ঘৰে যাব। ইয়াত BLO-ৰ দায়িত্ব হব ক্ৰমে ঘৰত ভোটাৰৰ উপস্থিতি পৰীক্ষা, কোনো ব্যক্তি উপস্থিত নোহোৱাকৈ নাম থকা দেখা পালে,বা মানুহজনৰ মৃত্যু হলে ফৰ্ম ৭ যোগ কৰি নাম কৰ্তন কৰিব, যদি কোনো ব্যক্তি অসমত থাকেও অন্য ৰাজ্যৰ ভোটাৰ তালিকাত নাম আছে, তেন্তে ফৰ্ম ৮ যোগ কৰি অসমলৈ স্থানান্তৰ কৰা হ’ব, এবাৰ মানুহ নাপালে BLO-এ তিনিবাৰ যাব আৰু সংগৃহীত সকলো তথ্য এপত sé আপলোড হ’ব।
ইফালে ভোটকেন্দ্ৰ বৃদ্ধিৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এইবাৰ এটা ভোটকেন্দ্ৰত ১,২০০ৰ বেছি ভোটাৰ থাকিব নোৱাৰিব। এই নীতি বাস্তৱায়নৰ বাবে অসমত সম্ভাৱ্যভাৱে ১,৮২৬টা নতুন ভোটকেন্দ্ৰ বাঢ়িব পাৰে। সেই বিষয়ে জিলা পৰ্য্যায়ত আলোচনা চলি আছে।
ইফালে BLO-এ তিনিবাৰ গৈ মানুহ নাপালে ফেব্ৰুৱাৰী মাহলৈও ভোটাৰ তালিকাত নাম উঠাব পাৰিব। কিন্তু নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে SR-এ নাম উঠালে সুবিধা হয়। খচৰা ভোটাৰ তালিকা প্ৰকাশৰ ১৫ দিনৰ ভিতৰত কোনো অভিযোগ দাখিল কৰিব পাৰিব। সেইবোৰ জিলা আয়ুক্তই নিস্পত্তি কৰিব। অসন্তুষ্ট হ’লে CEO (Chief Electoral Officer)-ৰ ওচৰত পুনৰ অভিযোগ দাখিল কৰিব পাৰিব।
আনহাতে ৰাজ্যত আৰম্ভ হল নিৰ্বাচনী প্ৰস্তুতি। ৰাজ্যজুৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা ৬১,৫৫৩জন BLA নিযুক্ত কৰা হৈছে। ভোটাৰ তালিকাৰ আঁচনি শুদ্ধ কৰাৰ কাম জোৰদাৰভাৱে চলিছে।
আজি ৰাজ্যিক নিৰ্বাচন আয়োগে সংবাদ মেলত কয় যে অসমত নিৰ্বাচন সন্দৰ্ভত ফেব্ৰুৱাৰী মাহত ঘোষণা কৰা হব।
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ