কৰিলে ধৰ্মান্তৰ আৰু বিবাহ অভিযোগত উত্তেজনা
উপ-শিৰোনাম:
যুৱতীক ত্ৰিপুৰাৰ পৰা উদ্ধাৰ, অভিযুক্ত নজমুল হকক আদালতত প্ৰেৰণৰ প্ৰস্তুতি
সীমান্ত জিলা শ্ৰীভূমিত এটা ডায়াগনষ্টিক চেণ্টাৰক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, এজন উপজাতি যুৱতীক প্ৰেমৰ সম্পৰ্কত পেলাই ধৰ্মান্তৰ কৰি বিবাহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
সূত্ৰ অনুসাৰে, কাটামাঞ্জ অঞ্চলৰ এটা ডায়াগনষ্টিক চেণ্টাৰত কৰ্মৰত এজন উপজাতি যুৱতীক একে প্ৰতিষ্ঠানতেই কৰ্মৰত নজমুল হক নামৰ এজন যুৱকে নিজৰ পৰিচয় গোপন ৰাখি প্ৰেমৰ সম্পৰ্কত পেলাই বুলি অভিযোগ উঠিছে।
পাছত তেওঁ যুৱতীগৰাকীক বহিঃৰাজ্যলৈ লৈ গৈ যোৱা ১৮ এপ্ৰিলত ধৰ্মান্তৰ কৰে আৰু ১৯ এপ্ৰিলত তেওঁলোকৰ বিবাহ সম্পন্ন হয় বুলি অভিযোগত উল্লেখ কৰা হৈছে। ধৰ্মান্তৰৰ পাছত যুৱতীগৰাকীৰ নতুন নাম আয়েশা বেগম ৰখা হোৱা বুলি জানিব পৰা গৈছে।
ঘটনাটো পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত উত্তেজনা বৃদ্ধি পায়। স্থানীয় উপজাতি সম্প্ৰদায়ৰ লোকসকলে বাজাৰিচেৰা থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি যুৱতীগৰাকীক উদ্ধাৰৰ দাবী জনায় আৰু অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, ঘটনাৰ তদন্ত আৰম্ভ কৰি পলাতক অৱস্থাত থকা যুৱতীগৰাকী আৰু অভিযুক্ত নজমুল হকক ত্ৰিপুৰাৰ পৰা উদ্ধাৰ কৰি পুনৰ শ্ৰীভূমিলৈ লৈ অহা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, আজি অৰ্থাৎ বৃহস্পতিবাৰে উদ্ধাৰ কৰা যুৱতীগৰাকী আৰু অভিযুক্ত নজমুল হকক আদালতত প্ৰেৰণ কৰা হ’ব। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল