উত্তৰ গুৱাহাটীত গৰুভৰ্তি বাহন জব্দ, ১৬টা চোৰাং বলধ উদ্ধাৰ
বৃহস্পতিবাৰে পুৱা উত্তৰ গুৱাহাটীৰ চিলা কৰৈবাৰী অঞ্চলৰ ৰাষ্ট্ৰীয় পথত এখন গৰুভৰ্তি বাহন জব্দ কৰা হয়। স্থানীয় সচেতন যুৱকৰ এটা দলে খেদি খেদি বাহনখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে।
জানিব পৰা মতে, বাহনখন বৰপেটা জিলাৰ কুকাৰপাৰৰ পৰা মেঘালয় অভিমুখে গৈ আছিল। AS 01 FC 7029 নম্বৰৰ ৭০৯ বাহনখনত মুঠ ১৬টা চোৰাং বলধ গৰু থকাৰ তথ্য পোৱা গৈছে।
ঘটনাৰ পিছতে আৰক্ষীয়ে বাহনৰ চালক হানিফ আলীক আটক কৰি অধিক তদন্ত আৰম্ভ কৰিছে। স্থানীয় যুৱকৰ দলটোৱে জনোৱা মতে, এই একে দলটোৱে এসপ্তাহ পূৰ্বেও আন এখন গৰু কঢ়িওৱা বাহন জব্দ কৰি আৰক্ষীক চমজাই দিছিল।
ইফালে, সচেতন যুৱকৰ দলটোৱে গৰু চিণ্ডিকেট সন্দৰ্ভত বহু বিষ্ফোৰক তথ্য উদঙাই দিয়াৰ দাবী কৰিছে। আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত সকলো দিশৰ ওপৰত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল