নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০টাৰ ১৪টাহে সক্ৰিয় : ৰহা টোলগেটত মাহ মাহ ধৰি নজ্বলে ষ্ট্ৰীট লাইট!

নিয়মীয়া বাৰ্তা, ২২ মে’ : নগাঁৱৰ ৰহাৰ সৰাগাঁৱত ৰাষ্ট্ৰীয় ৩৭নং ঘাইপথৰ (বৰ্তমান ২৭নং) ওপৰত স্থাপিত ৰহাৰ টোলগেটত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়ম উলংঘা কৰি বিগত কেইবামাহো ধৰি জ্বলোৱা নাই ষ্ট্ৰীট লাইট! এক সচেতন মহলৰ অভিযোগ অনুসৰি দেশত স্থাপিত প্ৰতিটো টোল প্লাজা বা টোলগেটতে বিভিন্ন ধৰণৰ সা-সুবিধা থকাটো বাঞ্চনীয় যদিও ৰহা টোলপ্লাজাত নাই পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা।তথ্য অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়ম মতে প্ৰতিটো টোলপ্লাজত থাকিব লাগে জৰুৰী সেৱাৰ বাবে এম্বুলেন্স আৰু ৰিকভাৰীভান। লগতে সাধাৰণ যাত্ৰী সকলৰ বাবে শৌচালয়, প্ৰস্ৰাবগাৰ থকাৰ লগতে ট্ৰাক চালকৰ বাবে থাকিব লাগে গা-ধুৱা ঘৰ। তদুপৰি টোলপ্লাজাত থাকিব লাগে উপযুক্ত পোহৰৰ সা-সুবিধা। কিন্তু ৰহা টোলগেটত নাই উপযুক্ত পোহৰৰ সুবিধা। যদিওবা পোহৰৰ নামত ষ্ট্ৰীট লাইট আছে ইয়াৰ বিপৰীতে মাহ মাহ ধৰি  পোহৰহে দিয়া নাই। জানিব পৰা মতে টোলটেক্স সংগ্ৰহকাৰী প্ৰতিষ্ঠানে এনে পোহৰৰ ব্যৱস্থা কৰি লব লাগে যদিও ৰহা টোলগেটত নাই তেনে ব্যৱস্থা। উল্লেখ্য যে, এম,বি,চি, নামৰ এক প্ৰতিষ্ঠানে ৰহা টোলগেটত টোলটেক্স সংগ্ৰহ কৰি আছে যদিও বিগত বহুমাহ ধৰি পোহৰ নাই ষ্ট্ৰীট লাইটৰ। উল্লেখ্য যে, ৰহা টোলগেটত আছে চাৰিটা হাই মাষ্ট লাইট। টোলগেটৰ আৰম্ভণিতে চাৰিওটা হাইমাষ্ট লাইট ব্যৱহাৰ কৰিছিল যদিও বৰ্তমান ইয়াৰে দুটাহে ব্যৱহাৰ কৰি আছে। তদুপৰি টোলগেটৰ পৰা পূবে আৰু পশ্চিমে পথৰ মাজে মাজে এক কিলোমিটাৰ দূৰলৈকে ৩০ টাকৈ মুঠ ৬০টা ষ্ট্ৰীট লাইটৰ প’ষ্ট স্থাপন কৰিছে যদিও অতি ৰহস্যজনক ভাৱে মাহ মাহ ধৰি পোহৰৰ  ব্যৱস্থা নাই। ইয়াৰে পশ্চিমে অৰ্থাৎ টোলগেটৰ পৰা ৰহা অভিমুখে খাইগড়ৰলৈকে সংস্থাপিত ৩০টা ষ্ট্ৰীট লাইটৰ ভিতৰত মাজে মাজে মাত্ৰ ১৪ টাহে নিশা জ্বলি থাকে।কিন্তু টোলগেটৰ পৰা পূবলৈকে অৰ্থাৎ সৰাগাঁও কচুতলি নামঘৰলৈকে ৩০ টা ষ্ট্ৰীট লাইট সংস্থাপিত কৰিছে যদিও আৰম্ভণিৰ কেইদিনমানৰ পাছৰ পৰা বৰ্তমান বহুমাহ ধৰি পোহৰৰ ব্যৱস্থা নাই। উল্লেখ্য যে, টোলটেক্স সংগ্ৰহকাৰী প্ৰতিষ্ঠানে  টোলগেটৰ বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা নিজে কৰি লোৱাৰ লগতে উক্ত সকলোবোৰ দিশ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পৰ্যবেক্ষণ কৰিব লাগে যদিও বিগত বহুমাহ ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা ষ্ট্ৰীট লাইটৰ পোহৰৰ যোগান বন্ধ থকাটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দৃষ্টিগোচৰ নোহোৱাটো অতি তাৎপৰ্যপূৰ্ণ বিষয় বুলি মন্তব্য কৰিছে সচেতন মহলে। যিটো সময়ত টোলগেটত সকলো যাত্ৰী-বাহনৰ বাবে সুবিধা উপলব্ধ হ’ব বুলি ঘাইপথ প্ৰাধিকৰণে নিয়ম-নীতি তৈয়াৰ কৰিছে সেই সময়তে ৰহা টোলগেটত নাই পৰ্যাপ্ত পৰিমাণৰ পোহৰৰ ব্যৱস্থা। উল্লেখ্য যে, এই সন্দৰ্ভতৰ টোলগেটৰ একাংশ কৰ্মচাৰী ভাষ্য অনুসৰি ষ্ট্ৰীট লাইটবোৰ বেয়া হৈ থকাৰ বাবে পোহৰ দিয়া নাই বুলি কৰা মন্তব্যৰ বিপৰীতে আন একাংশৰ ভাষ্য মতে ৬০টাকৈ ষ্ট্ৰীট লাইট জ্বলালে টোলগেটৰ কোম্পানীৰ বহু টকা বিদ্যুত বিল দিবলগীয়া হোৱাৰ বাবে বেয়া হৈছে বুলি এনেদৰে পোহৰ নিদিয়াকৈ থৈছে বুলি মন্তব্য কৰিছে। কিন্তু দৈনিক লাখ লাখ টকা সংগ্ৰহ কৰা টোলটেক্স সংগ্ৰকাৰী কোম্পানীটোৱে নামত ষ্ট্ৰীট লাইট আৰু হাই মাষ্ট লাইটৰ খুটা স্থাপন কৰি বিদ্যুত যোগান নধৰা কাৰ্যক যাত্ৰী আৰু যাতায়তী বাহনৰ সুবিধা যাতে বিঘ্নীত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
প্ৰেৰক ভৱজয় ডেকা
You might also like