নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুঘণ্টাতে হ’ব ষ্ট্র’ক আক্রান্ত ৰোগীৰ চিকিৎসা, অসমৰ স্বাস্থ্যখণ্ডত বৈপ্লৱিক সংযোজন

ডিজিটেল ডেস্ক, ২৩ জানুৱাৰী : ভাৰতত মৃত্যু তথা দীর্ঘম্যাদী অক্ষমতাৰ প্রধান কাৰণ হ’ল ষ্ট্র’ক৷ চিকিৎসা বিলম্বিত হ’লে প্রতি মিনিটত প্রায় ১.৯ বিলিয়ন মস্তিষ্কৰ কোষ নষ্ট হৈ যায়৷ সেয়েহে ষ্ট্র’ক আক্রান্ত ৰোগীৰ ক্ষেত্রত প্রতিটো ক্ষণেই গুৰুত্বপূর্ণ৷ সময় মতে চিকিৎসা সেৱা সম্ভৱ হ’লে মৃত্যু তথা দীর্ঘম্যাদী অক্ষমতাৰ সম্ভাৱনা যথেষ্ট নাইকিয়া হ’ব পাৰে৷ কিন্তু ষ্ট্র’কৰ চিকিৎসাৰ ক্ষেত্রত আটাইতকৈ ডাঙৰ প্রত্যাহ্বানসমূহৰ অন্যতম হ’ল যথোপযুক্ত চিকিৎসালয়লৈ ৰোগীক লৈ যোৱাটো৷ এনে দিশৰ প্রতি লক্ষ্য ৰাখিয়েই অসমৰ স্বাস্থ্যখণ্ডত এক বৈপ্লৱিক সংযোজন ঘটাইছে ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছার্চ (আইচিএমআৰ)–এ৷

ৰাজ্য চৰকাৰক কালি আইচিএমআৰে দুটা ম’বাইল ষ্ট্র’ক ইউনিট (এমএছইউ) হস্তান্তৰ কৰে৷ প্রধানতঃ গ্রাম্য আৰু দুর্গম অঞ্চলৰ ষ্ট্র’ক আক্রান্ত ৰোগীসকলক চিকিৎসালয়লৈ অতি দ্রুতভাৱে লৈ যোৱাৰ ক্ষেত্রত ই হ’ব এটি উল্লেখযোগ্য পৰিৱর্তন৷ ইয়াৰ জৰিয়তে কার্যতঃ ষ্ট্র’ক আক্রান্ত ৰোগীসকলৰ ওচৰত এখন ভ্রাম্যমাণ চিকিৎসালয় অহাটো সম্ভৱ হৈ উঠিব৷ বিশেষকৈ ভৌগোলিকভাৱে অতি প্রত্যাহ্বানমূলক অঞ্চলতো দৰিদ্র–সুবিধাবঞ্চিত জনগোষ্ঠীৰ ষ্ট্র’ক আক্রান্ত ৰোগীসকলক আগবঢ়াব উন্নত চিকিৎসা সেৱা৷

স্বাস্থ্য গৱেষণা বিভাগৰ সচিব তথা আইচিএমআৰৰ সঞ্চালকপ্রধান ডাঃ ৰাজীৱ বাহলে কালি ৰাজ্য চৰকাৰক এমএছইউ দুটা হস্তান্তৰ কৰি কয় যে এই এমএছইউসমূহ প্রথমতে জার্মানীত নির্মাণ কৰা হৈছিল৷ ভাৰত চৰকাৰে উত্তৰ–পূর্বাঞ্চলত গ্রাম্য–দুর্গম অঞ্চলসমূহত এমএছইউ সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে৷ এনেধৰণৰ অঞ্চলৰ তীব্র ইস্কেমিক ষ্ট্র’ক আক্রান্ত ৰোগীসকলক জৰুৰী চিকিৎসা সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে এমএছইউৰ সফল সংহতকৰণ কৰা ভাৰত হৈছে দ্বিতীয়খন দেশ৷

অনুষ্ঠানত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ স্বাস্থ্য–পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবুৱে কয় যে ই অসমৰ জৰুৰী চিকিৎসা সেৱা ব্যৱস্থাক শক্তিশালী কৰিব৷ লগতে ৰাজ্যত জীৱন ৰক্ষাকাৰী পৰিসেৱাৰ ধাৰাবাহিকতাও অক্ষুণ্ণ ৰাখিব৷ আইচিএমআৰৰ সৈতে এনে সহযোগিতাই ষ্ট্র’ক আক্রান্ত ৰোগীসকলৰ বাবে দ্রুত চিকিৎসা, উন্নত সমন্বয় আৰু ইতিবাচক ফলাফল প্রদানৰ ক্ষেত্রত এটা শক্তিশালী পৰিকাঠামো সম্প্রসাৰণ কৰিছে৷

উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলত ষ্ট্র’কৰ প্রকোপ যথেষ্ট বেছি৷ দুর্গম ভূখণ্ড–দীর্ঘ দূৰত্ব–বিশেষজ্ঞ চিকিৎসকৰ সেৱাৰ সুবিধা সীমিত হোৱাৰ কাৰণে ষ্ট্র’কৰ সময়ত চিকিৎসা প্রত্যাহ্বানমূলক৷ এই সমস্যা সমাধানৰ হকে আইচিএমআৰে ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ এজন স্নায়ু বিশেষজ্ঞৰ নেতৃত্বত এটা ষ্ট্র’ক ইউনিট স্থাপন কৰিছে৷ সেইদৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়–বেপ্টিষ্ট খ্রীষ্টিয়ান চিকিৎসালয়ৰ চিকিৎসকসকলৰ নেতৃত্বতো স্থাপন কৰা হৈছে আন এটা ষ্ট্র’ক ইউনিট৷ ইতিমধ্যে ইয়াৰ ফলাফল ৰূপান্তৰমূলক হৈছে৷

You might also like