নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সঘনে বাংলাদেশৰ ভূমিত বিচৰণ কৰিছে আলফাৰ শীর্ষ নেতাই

নিউজ ডেস্ক, ২৩ জানুৱাৰী : বাংলাদেশৰ ৰাজনৈতিক অস্থিৰ পৰিৱেশৰ সুযোগ লৈ পুনৰ সক্রিয় হৈ পৰিছে উত্তৰ–পূবৰ বিদ্রোহী সংগঠনসমূহ৷ শ্বেখ হাছিনা নেতৃত্বত থকাৰ সময়ত আলফাকে ধৰি উত্তৰ–পূবৰ উগ্রপন্থী সংগঠনৰ বিৰুদ্ধে বাংলাদেশে কঠোৰ স্থিতি লোৱাৰ ফলত ছেদেলি–ভেদেলি হৈ পৰা সংগঠনসমূহ পুনৰ সংগঠিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অসমৰ বাবে ভাবুকিৰ সৃষ্টি কৰা এই তথ্য শেহতীয়াকৈ ডোভাছত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে৷

মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত প্রকাশ কৰে যে অসম–বাংলাদেশ সীমান্তই প্রায় ৮০০ কিলোমিটাৰ এলেকা আগুৰি আছে৷ গতিকে চুবুৰীয়া ৰাষ্ট্রখনৰ পৰিস্থিতিয়ে অসমক প্রভাৱান্বিত কৰাটো স্বাভাৱিক৷ বিষয়টোৰ গতিবিধি চৰকাৰে সতর্কতাৰে নিৰীক্ষণ কৰি আছে৷ পূর্বোত্তৰ ভাৰতৰ বিদ্রোহী সংগঠনৰ নেতাসকলে ভাৰত ভ্রমণ কৰাৰ তথ্য আমি লাভ কৰিছোঁ৷

উল্লেখ্য যে শ্বেখ হাছিনাৰ চৰকাৰ থকা সময়তে বাংলাদেশত খোপনি পোতা আলফাৰ বহুকেইজন শীর্ষ নেতাই আত্মসমর্পণ কৰিবলৈ বাধ্য হোৱাৰ লগতে আন বহু উগ্রপন্থী সংগঠনৰ নেতাৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্রহণ কৰিছিল বাংলাদেশে৷ শেহতীয়াকৈ বাংলাদেশত শ্বেখ হাছিনাবিৰোধী ৰাজনৈতিক বাতাৱৰণ আৰম্ভ হোৱাৰ লগতে মৌলবাদী শক্তিসমূহ সক্রিয় হৈ ভাৰতৰ বিৰুদ্ধে পূর্বৰ উগ্রপন্থী সংগঠনসমূহ সক্রিয় কৰি তোলাৰ বাবে প্রক্রিয়া আৰম্ভ কৰিছে৷ মুখ্যতঃ তাৰেই সুযোগ লৈ আলফাকে ধৰি উত্তৰ–পূবৰ বহুকেইটা বিদ্রোহী সংগঠনৰ নেতৃত্বই সঘনে ঢাকা ভ্রমণ কৰাৰ তথ্য পোহৰলৈ আহিছে৷

মুখ্যমন্ত্রী ড০ শর্মাই এই প্রসংগত কয়– প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই গ্রহণ কৰা স্থিতি তথা সহযোগিতাই উগ্রপন্থী ৰোধৰ লগতে উত্তৰ–পূবত শান্তি ঘূৰাই অনাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল৷ তদানীন্তন বাংলাদেশ চৰকাৰৰ পৰা পোৱা সহায়ৰ বাবে আলফা আৰু আন উগ্রপন্থী সংগঠনক ৰোধ কৰাত সক্ষমো হৈছিল ভাৰত চৰকাৰ৷ শ্বেখ হাছিনা অবিহনে অসম তথা উত্তৰ–পূবত শান্তি সম্ভৱ নহ’লহেঁতেন৷ বাংলাদেশৰ ৰাজনৈতিক পৰিৱর্তনৰ পিছত ভাৰতৰ প্রতি গ্রহণ কৰা স্থিতিয়ে উত্তৰ–পূবকে ধৰি সমগ্র অঞ্চলটোত নিৰাপত্তাজনিত প্রত্যাহ্বান সৃষ্টি কৰিছে৷ যদিহে বিদ্রোহী সংগঠনসমূহে পুনৰ তাত গোট খাই ঘাটি স্থাপন কৰে, তেন্তে অসমৰ বাবে ই হ’ব ভাবুকিস্বৰূপ৷

মুখ্যমন্ত্রী ড০ শর্মাই বাংলাদেশত হিন্দু লোকৰ ওপৰত হোৱা অমানুষিক অত্যাচাৰৰ কথাও উল্লেখ কৰি কয় যে বিগত সময়ছোৱাত বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত যিধৰণৰ অত্যাচাৰ আৰম্ভ হৈছে, সেই পৰিৱেশেৰে দেশখনে অসম তথা ভাৰতৰ প্রতি প্রত্যাহ্বান সৃষ্টি কৰি আছে৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ শর্মাই ইতিপূর্বে উল্লেখ কৰিছিল যে সীমান্তৰ সিপাৰে অর্থাৎ বাংলাদেশত হোৱা ঘটনাসমূহে অসমত বিশেষকৈ বাংলাদেশ সংলগ্ণ ৰাজ্যখনৰ জিলাসমূহত বিৰূপ প্রভাৱ পেলাইছে৷ মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত ইয়াকো উল্লেখ কৰে যে চুবুৰীয়া ৰাষ্ট্রখনত বিদ্রোহী সংগঠনৰ সক্রিয়তা তথা শেহতীয়া পৰিস্থিতিৰ প্রতি কেন্দ্রীয় চৰকাৰে লক্ষ্য ৰাখিছে আৰু অসম চৰকাৰকো সতর্ক হৈ থকাৰ নির্দেশ দিছে৷ সম্ভৱপৰ সকলোধৰণৰ স্পর্শকাতৰ ঘটনা ৰোধৰ বাবে সীমান্তত নিৰাপত্তাও অধিক কটকটীয়া কৰা হৈছে৷

ইফালে, বাংলাদেশত হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰ প্রতিৰোধৰ বাবে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰক কূটনৈতিক তথা প্রশাসনিক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাব বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷

You might also like