নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিভাধৰ নৃত্যশিল্পী নিজৰা ডেকা বৰা

ঘনকান্ত বৰা

সাংস্কৃতিক জগতখনক নৃত্যৰ জৰিয়তে চহকী কৰাৰ লক্ষ্যৰে সত্রীয়া নৃত্য, বিহু নৃত্যৰ সমান্তৰালকৈ জাতি–জনগোষ্ঠীয় নৃত্যৰ সমাহাৰেৰে উজ্জীৱিত হোৱা এগৰাকী প্রতিভাধৰ সংগ্রামী নাৰী নাম নিজৰা ডেকা বৰা৷ বাইহাটা চাৰিআলিৰ কৰৈবাৰী গাঁৱৰ এটি সাংস্কৃতিবান পৰিয়ালত ১৯৭৬ চনত জন্মগ্রহণ কৰি পাঠ্যক্রমিক শিক্ষাৰ সমান্তৰালকৈ নৃত্যৰ প্রশিক্ষণ দুয়োটা দিশতে আগবাঢ়ি যোৱাৰ অংগীকাৰবদ্ধ হৈ কঠোৰ সংগ্রামী মনোভাবেৰে উজ্জীৱিত হৈ অসম মুলুকত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে নৃত্য পতিয়সী নিজৰা ডেকা বৰা৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি বর্তমান নগাঁও মহাবিদ্যালয়ত পৰিৱেশ আৰু কলা বিভাগত অধ্যাপনা কৰি থকাৰ লগতে ২০০৯ চনত কঠীয়াতলীত মৃদংগ নৃত্যাংগন বিদ্যালয় স্থাপনৰ জৰিয়তে অঞ্চলটোৰ নৱপ্রজন্মক সাংস্কৃতিক জগতখনৰ সৈতে পৰিচয় দাঙি ধৰাৰ মহান প্রচেষ্টা আজিও অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ এইক্ষেত্রত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ, শিক্ষক তথা ঢ়োলবাদনৰ জৰিয়তে পৰিচয় পাবলৈ সক্ষম হোৱা কামপুৰ নিৱাসী প্রয়াত গগন বৰুৱা, ব্যৱসায়ী দীপক বৰা আৰু কেইবাজনো সাংস্কৃতিবান লোকৰ প্রচেষ্টাত কঠীয়াতলী মৃদংগ নৃত্যাংগন বিদ্যালয় স্থাপন কৰি অঞ্চলটোত এক সাংস্কৃতিক জোৱাৰ আনিবলৈ সক্ষম হৈছে৷ ২০০৪ চনত নগাঁও জিলাৰ কঠীয়াতলী কঁঠালগুৰি গাঁৱৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ হৰেকৃষ্ণ বৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ নিজ সংসাৰৰ মহাভাৰ শিৰপাতি লৈ অধ্যাপনা, কঠীয়াতলী মৃদংগ নৃত্যাংগন বিদ্যালয় পৰিচালনাৰ মাজতে ২০১৪ চনত বেবেজীয়াত অন্য এখন মৃদংগ নৃত্যাংগন বিদ্যালয় স্থাপন কৰি নৱপ্রজন্মৰ কিশোৰ–কিশোৰীসকলক্ নৃত্য–গীতৰ প্রশিক্ষণ প্রদান কৰি আহিছে৷ অতি প্রশংসনীয় কথাটোৱে হৈছে যে অকণমানো দুখ–ভাগৰ অনুভৱ নকৰা নিজৰা ডেকা বৰাই দুয়োটা অনুষ্ঠানতে প্রতিভা বিকাশৰ অর্থে প্রতিবছৰে অতি জাকজমকতাৰে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰি আহিছে৷ এনে প্রশংসনীয় কর্মৰ বাবে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ পৰা বিভিন্ন বঁটাৰে সন্মানিত কৰিছে৷ (১) শিল্পী সাধনা বঁটা (২) কলা সম্রাট বঁটা (৩) নৃত্য শিৰোমণি বঁটা আৰু বহু অনুষ্ঠানৰ পৰা প্রশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে শেহতীয়াকৈ নগাঁও জিলা সাহিত্য সভাই শিল্পী দিৱস উদ্যাপন অনুষ্ঠানত নৃত্য শিল্পী সাধনা বঁটাৰে বিভূষিত কৰে৷ এই পর্যন্ত নিজৰা ডেকা বৰাই বৰদোৱাত সত্রীয়া নৃত্যৰ গৱেষণাত ব্রতী হৈ আছে৷ ইমান কর্ম ব্যস্ততাৰ মাজতো সময় উলিয়াই চাৰি সত্রীয়া নৃত্যৰ ৰূপৰেখা আৰু চানেকি নামৰ এখন গৱেষণামূলক গ্রন্থ প্রকাশৰ জৰিয়তে সাংস্কৃতিক ভঁৰালৰ বাবে অমূল্য বৰঙণি আগবঢ়াইছে৷ ইমানবোৰ কার্য সুকলমে পৰিচালনা কৰাৰ উপৰি গোৱা, দিল্লী আৰু মথুৰাত অংকীয়া নাট প্রদর্শন কৰি শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিক ৰাষ্ট্রীয় পর্যায়ত সুন্দৰ উপস্থাপন কৰি অধিক প্রশংসিত হোৱা পৰিলক্ষিত হৈছে৷ এটি সুন্তানৰ মাতৃ নিজৰা ডেকা বৰা এতিয়া ব্যস্ত আছে বিভিন্ন স্থানত বিহু নৃত্যৰ কর্মশালাত চহৰমুখী মঞ্চ বিহুক প্রত্যাহ্বান জনাই গাঁৱলৈ গৈ বিহু নৃত্যৰ প্রশিক্ষণ প্রদান কৰি অসমীয়া জাতিৰ বাপতি সাহোন বিহু ৰক্ষাৰ মহাসংগ্রামত অৱতীর্ণ হৈ আছে৷ এনে এগৰাকী প্রতিভাধৰ সংগ্রামী নৃত্য শিল্পী জীৱন যুদ্ধত অপৰাজেয় হৈ থকাৰ কামনা কৰাৰ লগতে উত্তৰোত্তৰ কামনা কৰিলোঁ৷

You might also like