নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন প্রজন্মক বুৰঞ্জীৰ শিক্ষা দিয়াত ব্ৰতী ড০ মামণি বৰঠাকুৰ

অনুভৱ পৰাশৰ

বুৰঞ্জী তেওঁৰ বাবে কেৱল এটা বিষয় নহয়৷ বুৰঞ্জীৰ প্রতি আছে তেওঁৰ এক অহেতুক প্রেম৷ সেয়ে সৃষ্টিশীল কর্মৰ মাজেৰে বুৰঞ্জীৰ বিভিন্ন দিশ প্রতিফলিত কৰাৰ লগতে নতুন প্রজন্মক বিভিন্ন মাধ্যমেৰে বুৰঞ্জীৰ শিক্ষা দি আহিছে৷ সাহিত্য– সংস্কৃতিৰ এগৰাকী নীৰৱ সাধক ড০ মামণি বৰঠাকুৰে ইতিমধ্যে বহুকেইখন গ্রন্থ ৰচনা কৰাৰ লগতে গীত, কবিতা, শিশু সাহিত্য আৰু সংগীতৰ ক্ষেত্রখনত কাম কৰি আহিছে৷ ১৯৫৭ চনত তাহানিতে শোণিতপুৰ জিলা বর্তমানৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত জন্মগ্রহণ কৰা ড০ মামণি বৰঠাকুৰৰ পিতৃ–মাতৃ আছিল ৰত্নেশ্বৰ শর্মা আৰু সাবিত্রী দেৱী৷ বিশ্বনাথ চাৰিআলিতে পঢ়াশুনা আৰম্ভ কৰা মামণি বৰঠাকুৰে বিদ্যালয়ৰ বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশগ্রহণ কৰি প্রশংসিত হৈছিল৷ আবৃত্তি কৰি পুৰস্কাৰ লাভ কৰিছিল৷ তেওঁৰ এজন বৰদেউতাক আছিল আৱাহন যুগৰ অন্যতম গল্পকাৰ দীননাথ শর্মা৷

সকলোৰে মাজত মেধাৱী ছাত্রীৰূপেও বিশেষভাৱে পৰিচিত আছিল তেওঁ৷ বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ পৰা স্নাতক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৮ চনত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ১৯৭৯ চনত কিছুদিন তেজপুৰৰ দৰং মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে৷ ১৯৮৭ চনলৈ দৰং মহাবিদ্যালয়ত থাকি পৰৱর্তী সময়ত গুৱাহাটী মহাবিদ্যালয়ত যোগদান কৰে৷ ইতিমধ্যে তেওঁ গৱেষণাৰ কাম আৰম্ভ কৰি ১৯৯৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰে৷

বুৰঞ্জী বিষয়ৰ অধ্যাপিকা হিচাপে তেওঁৰ সৃষ্টিশীল কর্মৰ মাজতো বুৰঞ্জীৰ প্রভাৱ বিদ্যমান৷ আহোম যুগৰ কেইগৰাকীমান ডল্লেখযোগ্য ৰমণীক লৈ তেওঁ লিখি ডলিয়াইছিল ‘মালিনী মালিতা’ নামৰ এখন বুৰঞ্জীমূলক কবিতা পুথি৷ গ্রন্থখন প্রকাশ পোৱাৰ পিছত সেই কবিতাসমূহৰ আবৃতিৰ এখন চিডি’ মুকলি কৰা হৈছিল৷ সেই তেৰটা কবিতা আবৃত্তি কৰিছিল অনুুপজ্যোতি চৌধুৰী, অভিনেতা বিভূতি ভূষণ হাজৰিকা, অধ্যাপক প্রদ্যুম্নপ্রতিম ৰাজখোৱা, আবৃত্তিকাৰ লিপিকা গোস্বামী, স্বাগতা শর্মা আৰু ড০ মামণি বৰঠাকুৰ নিজে৷ কবিতা তথা শ্রব্য মাধ্যমেৰে আহোম ৰমণীৰ পৰিচয় দাঙি ধৰিব বিচৰা ড০ মামণি বৰঠাকুৰে পৰৱর্তী সময়ত ইখনৰ পিছত সিখনকৈ গ্রন্থ ৰচনা কৰি গৈছে৷ শিশুৰ বাবে অধিক কাম কৰিব বিচৰা লেখিকাগৰাকীয়ে শিশুৰ বাবে লিখি ডলিয়াইছিল ‘গীতে–মাতে খেলোঁ আহা’ গ্রন্থখন৷ এই গ্রন্থখনত পুৰণি খেল আৰু এই খেলবোৰৰত ব্যৱহূত হোৱা গীতবোৰক অতি সুন্দৰ আৰু আকর্ষণীয়কৈ প্রকাশ কৰিছে৷ তাৰ পিছত প্রকাশ পায় ‘শিশু গীত, কবিতা আৰু ইতিহাসৰ কিছু কথা’ নামৰ গ্রন্থখন৷ এই গ্রন্থখনত তেওঁৰ শিশু গীত আৰু কবিতাৰ লগতে বুৰঞ্জীৰ কেইটামান গুৰুত্বপূর্ণ বিষয়ক শিশুসকলৰ বাবে আগবঢ়াইছে৷ তেনেদৰে ‘ঠাইৰ নামৰ আঁতিগুৰি ককাই কয় শুনা নাতি’ গ্রন্থখনত আমাৰ অসমৰ ত্রিশখন ঠাইৰ নামৰ ইতিহাস সুন্দৰভাৱে বর্ণনা কৰিছে৷ শিশু ডপযোগীকৈ কাহিনীৰ মাজেৰে তেওঁ এই ঠাইবোৰ কেনেকৈ হ’ল সেই ঠাইবোৰৰ অৱদান কি আদি প্রতিফলিত কৰিছে৷ বিগত বর্ষত তেওঁৰ দুখন শিশু গ্রন্থ প্রকাশ পায়৷ ‘শিলেও কথা কয়’ আৰু ‘আমাৰ আছে ডপাধি হওঁ আহা চিনাকি’৷ গ্রন্থ দুখনৰ নামটোতে আমি গম পাওঁ তাৰ ভিতৰৰ বিষয়বস্তু৷ আনহাতে, জীৱনী গ্রন্থ ৰচনাতো তেওঁ হাত দিছে আৰু সফলতা লাভ কৰিছে৷ ‘গতি অসম’ৰ জীৱনী প্রকল্পত তেওঁ লিখা তিনিখন গ্রন্থ ক্রমে ‘ব্রজনাথ শর্মা’, ‘মূলা গাভৰু’ আৰু ‘মীৰা বাঈ’৷ শিশুসকলৰ ডপযোগীকৈ এই তিনিগৰাকী মহান ব্যক্তিৰ জীৱনী ৰচনা কৰা ড০ মামণি বৰঠাকুৰ এগৰাকী গীতিকাৰ হিচাপেও পৰিচিতি লাভ কৰিছে৷ শিশু আৰু ডাঙৰৰ বাবে তেওঁ লিখা গীতসমূহেও শ্রোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ গীতৰ দুখন চিডি ‘মন তুলিকা’ আৰু ‘পলাশী বনৰ গান’ মুক্তিলাভ কৰিছিল৷ সংগীত কাকতি, দীক্ষু, দ্বিজেন কোঁৱৰ, জ্যোতিষ্মান তাঁতী, লিপিকা গোস্বামীয়ে কণ্ঠদান কৰিছিল এই গীতসমূহত৷ আনহাতে, বহু সমৱেত সংগীতো তেওঁ ৰচনা কৰিছিল৷ গুৱাহাটীৰ ‘প্রাগজ্যোতিকালয়’ নামৰ মহিলাৰ অনুষ্ঠান এটিৰ শীর্ষ গীতটি ৰচনা কৰিছিল তেওঁ৷ তেনেকৈ ‘গতি অসম’ৰ শিশু সমৱেত সংগীত ৰচনা কৰিছিল৷ শিশুসকলৰ বাবে সদায় কাম কৰিবলৈ বিচৰা মামণি বৰঠাকুৰে শিশুসকলৰ বিভিন্ন কর্মশালাৰ জৰিয়তে গীত–মাত আদি শিকাবলৈ যত্ন কৰি আহিছে৷ মইনা পাৰিজাত আদিৰ সৈতেও তেওঁ সময়ে সময়ে জড়িত হৈ আহিছে৷ আনহাতে, বুৰঞ্জীৰ বিষয়ে গতি অসমে আয়োজন কৰা অনলাইট কর্মশালাত সমল ব্যক্তিৰূপে অংশগ্রহণ কৰিছিল তেওঁ৷ ‘অনুভৱ মোৰ গীতৰ কৰণি’ নামৰ তেওঁৰ এখন গীতৰ পুথি প্রকাশ পাইছিল৷

লিখা–মেলাৰ লগতে সংগীতৰ বিশেষকৈ বাদ্য সংগীতৰ শিল্পী হিচাপে তেওঁ পৰিচিত৷ বিশিষ্ট শিল্পী দ্বীপেন শর্মাৰ অধীনত বেহেলাৰ শিক্ষা গ্রহণ কৰা মামণি বৰঠাকুৰে বিশিষ্ট চেতাৰ বাদক হেম হাজৰিকাৰ অধীনতো তালিম লৈছিল৷ অসমৰ বিভিন্ন অনুষ্ঠানত তেওঁ দলীয় আৰু এককভাৱে বেহেলা পৰিৱেশন কৰিছিল৷

পাঠ্যক্রমৰ গ্রন্থ ৰচনা কৰাতো তেওঁৰ বিশেষ ভূমিকা আছে৷ ‘বিশ্বৰ পুৰণি সভ্যতা’, ‘ইতিহাসৰ সংগ্রাম’, ‘ডচ্চতৰ মাধ্যমিক বুৰঞ্জী (প্রথম বার্ষিকৰ বাবে), ডচ্চতৰ মাধ্যমিকৰ বুৰঞ্জী (দ্বিতীয় বর্ষৰ বাবে), বিশ্ব ইতিহাসৰ বিষয়বস্তু আদি ৰচনাতো তেওঁৰ বিশেষ ভূমিকা আছিল৷ তেনেদৰে বহুকেইখন বিদ্যায়তনিক আলোচনা–চক্র আদিত অংশগ্রহণ কৰি আহিছে৷ ‘ভাৰতীয় ইতিহাস অনুসন্ধান পৰিষদ’ৰ বহুকেইখন ৰাষ্ট্রীয় আলোচনা–চক্রত অংশগ্রহণ কৰাৰ লগতে তেওঁ নির্দিষ্ট বিষয়ত গৱেষণা পত্র পাঠ কৰিছিল৷ তেনেদৰে ৰাষ্ট্রীয় সংগ্রহালয় প্রতিষ্ঠান নতুন দিল্লীৰ সহযোগত অসমৰ সংগ্রহালয় সঞ্চালকালয়ে আয়োজন কৰা আলোচনা–চক্রত নির্দিষ্ট বিষয়ক পত্র পাঠ কৰিছিল৷

ড০ মামণি বৰঠাকুৰৰ বিভিন্ন কথিকা আকাশবাণী গুৱাহাটীত প্রচাৰ হৈ আহিছে৷ বিশেষকৈ বিষয়ভিত্তিক বহু কথিকা তেওঁ ৰচনা কৰিছিল৷ তেওঁৰ ইডৰোপ, ভিয়েটনাম, চীন, শ্রীলংকা, থাইলেণ্ড, নেপাল, ভূটানকে ধৰি বিভিন্ন দেশ ভ্রমণ কৰি লিখা ভ্রমণ কাহিনীবোৰ অসমৰ বিভিন্ন বাতৰিকাকতত প্রকাশ পাইছে৷

গ্রন্থ অধ্যয়নৰ প্রতি অনুৰাগী ড০ মামণি বৰঠাকুৰে ঘৰতে এটি শিশু পুথিভঁৰাল প্রতিষ্ঠা কৰিবৰ বাবে সামাজিক–সাংসৃকতিক গতি অসমলৈ এটি কোঠা আগবঢ়াইছে৷ সেই কোঠাত ‘গতি ৰাজ্যিক শিশু পুথিভঁৰাল’ নামৰ এটি পুথিভঁৰাল চলি আছে৷ তেওঁ বর্তমান এই পুথিভঁৰালৰ সৈতে বিশেষভাৱে জডিত হৈ আছে৷ অধ্যয়ন, সংগীত আদিৰ লগতে তেওঁৰ প্রিয় বিষয় ফুলনি পতা৷ নিজৰ ঘৰৰ সন্মুখতে অকণমান ঠাইতে তেওঁ সুন্দৰ ফুলৰ বাগিচা পাতি চৌহদটো আকর্ষণীয় কৰি তুলিছে৷

মামণি বৰঠাকুৰে যি কাম কৰিছে অতি নিয়াৰিকৈ আৰু দায়িত্ব সম্পন্ন হিচাপে কৰিছে৷ তেওঁ গ্রন্থবোৰ ৰচনা কৰোঁতে ক্ষেত্রভিত্তিক অধ্যয়ন কৰিবলৈ অসমৰ বিভিন্ন ঠাইলৈ গৈছে আৰু তাৰ পিছত প্রকৃত তথ্য সংগ্রহ কৰিহে সেইবোৰ গ্রন্থ ৰচনা কৰিছে৷ সেয়ে তেওঁৰ গ্রন্থবোৰত আমি তথ্যৰ বিভ্রাট দেখা নাপাওঁ৷ বহু অনুষ্ঠান–প্রতিষ্ঠানৰ সৈতে জডিত হৈ অহা ড০ মামণি বৰঠাকুৰ সাংসাৰিক ক্ষেত্রখনটো অতি সুখী বুলি ক’ব পাৰি৷ বেংকৰ বিষয় ডিগবৈৰ বিপুল দেৱ শর্মাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ৷ এগৰাকী কন্যা আৰু এজন পুত্রৰ মাতৃ হিচাপেও তেওঁ গৌৰৱান্বিত৷ পুত্র আৰু কন্যা দুয়ো ‘নিডজিলেণ্ড’ত নিজা নিজা ক্ষেত্রত প্রতিষ্ঠিত৷ বর্তমান মামণি বৰঠাকুৰে স্বামীৰে সৈতে গুৱাহাটীৰ এফ চি আইৰ পৰাগ দাস পথৰ বাসিন্দা হিচাপে বিভিন্ন সৃষ্টিশীল কর্মত জড়িত হৈ আহিছে৷ অধ্যয়ন আৰু সংগীত চর্চা কৰি পাৰ কৰিছে সময়বোৰ৷ বাইদেউলৈ শুভেচ্ছা জনালোঁ৷

ফোনঃ ৯৮৬৪৭–৩৪৭৯৮

You might also like