নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনন্য কৃতিত্বৰ অধিকাৰী অসম কন্যা জোনালী দাস বাজপেয়ী

চন্দামিতা শর্মা

গগনযান হৈছে এক ভাৰতীয় মানৱযুক্ত কক্ষপথীয় মহাকাশযান, যি মানৱ মহাকাশ যাত্রা কার্যসূচীৰ অংশ৷ মহাকাশ অভিযানত ভাৰতৰ আৰু এখোজ৷ ভাৰতৰ গগনযান অভিযানৰ বাবে চাৰিজন মহাকাশচাৰীক বাছনি কৰা হৈছে৷ তেওঁলোক হৈছে ক্রমে গ্রুপ কেপ্টেইন প্রশান্ত বালাকৃষ্ণন নায়াৰ, গ্রুপ কেপ্টেইন অজিত কৃষ্ণন, গ্রুপ কেপ্টেইন অংগদ প্রতাপ আৰু উইং কমাণ্ডাৰ শুভংশু শুক্লা৷ তিৰুৱন্তপুৰমৰ বিক্রম ছাৰাভাই মহাকাশ কেন্দ্রত চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰা হৈছিল৷ ভাৰতীয় মহাকাশ সংস্থাই এটা বিবৃতিত প্রকাশ কৰিছিল যে ‘‘গ্রুপ কেপ্টেইন প্রশান্ত বালাকৃষ্ণন নায়াৰ, গ্রুপ কেপ্টেইন অজিত কৃষ্ণন, গ্রুপ কেপ্টেইন অংগদ প্রতাপ আৰু উইং কমাণ্ডাৰ শুভংশু শুক্লাক দীঘলীয়া সময়ৰ প্রশিক্ষণৰ পিছত গগনযান অভিযানৰ বাবে নির্বাচন কৰা হৈছে৷’’

সেয়া এক ঐতিহাসিক মুহূর্ত, সমগ্র ভাৰতবাসীৰ বাবে যিয়ে প্রমাণ কৰে যে বিশ্বত ভাৰতৰ প্রভাৱ কিমান বাঢ়ি গৈছে৷ প্রতিখন দেশৰ বাবে এনে এটা সময় আহিছে, যি সময়তে বর্তমান প্রজন্মৰ লগতে ভৱিষ্যৎ প্রজন্মক অনুপ্রাণিত কৰি আহিছে৷ গগনযান ভাৰতৰ বাবে তেনে এক গৌৰৱোজ্জ্বল গাথা হৈ উঠিব, সেইটো নিশ্চিত৷ ভাৰতবর্ষৰ নৱপ্রজন্মই ভূমি, পানী, আকাশ আৰু মহাকাশৰ ওপৰত ঐতিহাসিক দখল প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোক (চাৰিজন মহাকাশচাৰী) মাত্র চাৰিটা নাম আৰু চাৰিজন ব্যক্তি নহয়৷ তেওঁলোক চাৰিটা শক্তি, যিয়ে ১৪০ কোটি লোকৰ আশা–আকাংক্ষা মহাকাশলৈ লৈ যাব৷ এনে এক গৌৰৱোজ্জ্বল সময়ত যেতিয়া ইয়াৰ লগত প্রত্যক্ষভাৱে সংযোজিত হৈ সমগ্র ভাৰতবাসীৰ মুখত এক অসম কন্যাৰ নাম উচ্চাৰিত হৈছে, সেইটো নিশ্চিতভাৱেই এক অন্যতম গৌৰৱৰ কাৰণ৷ হয় জোনালী দাস, বর্তমান সময়ত বৈবাহিক সূত্রে পৰিচিত জোনালী দাস বাজপেয়ী৷

অসম সচিবালয়ৰ প্রাক্তন চাকৰিয়াল স্বর্গীয় শৰৎ চন্দ্র দাস আৰু দীপালী দাসৰ সুযোগ্যা কন্যা জোনালী দাসৰ ঘৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াত৷ স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল গুৱাহাটীৰ হলি চাইল্ড স্কুলত৷ তাৰ পিছত যথাক্রমে কটন মহাবিদ্যালয় (বর্তমানৰ কটন বিশ্ববিদ্যালয়), গুৱাহাটী বিশ্ববিদ্যালয় আৰু শেষত দিল্লীৰ মিৰাণ্ডা হাউছ হৈছিল তেওঁৰ শৈক্ষিক জীৱনৰ ঠিকনা৷ জীৱনৰ কিছুমান বিশেষ ঘটনা, পৰিস্থিতি বা কার্যই বহুতৰ জীৱনৰ গতিপথেই সলনি কৰি দিয়ে আৰু জীৱনটোক প্রদান কৰে এক অনন্য মাত্রা৷জোনালী দাসৰ জীৱনত ঠিক এনে এক গতিপথ সলনি কৰিছিলNIFT National Institute of Fashion Technology)য়ে৷

১৯৯৬ চনৰ কথা৷ তেখেতৰ জ্যেষ্ঠ ভাতৃ গৌতম দাস অইলৰ চাকৰিৰ সূত্রে সেই সময়ত আছিল গুজৰাটৰ আহমেদাবাদত৷ জ্যেষ্ঠ ভাতৃয়ে তেওঁৰ বাবে এখন ফর্ম আনিছিল৷ ফর্মখন আছিলNIFT National Institute of Fashion Technology) নামভর্তিৰ ফর্ম৷ ফর্মখন পূৰণ কৰিলে যদিও প্রৱেশ পৰীক্ষা দিবলৈ যোৱাৰ একেবাৰেই ইচ্ছা নাছিল তেখেতৰ, যাৰবাবে একপ্রকাৰ গালিয়ে শুনিছিল মাকৰ পৰা৷ মাকে কৈছিল, ‘‘২০০ টকা দি ককায়েৰে ফর্মখন আনিছে, তই পৰীক্ষা নিদিলে কেনেকৈ হ’ব?’’
নেদেখাজনৰ কি যে মায়া৷ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল আৰু অতি সুন্দৰভাৱে তেখেত উত্তীর্ণ হৈছিল৷ আৰম্ভ হৈছিল এক যাত্রা, যি যাত্রাই তেখেতক প্রদান কৰিলে এক অতুলনীয় কৃতিত্ব৷ লগতে আমাকো কৰি তুলিলে গৌৰৱান্বিত৷ দৰাচলতে সেই সময়তNIFTত পঢ়িবলৈ যোৱাটো একপ্রকাৰৰ নতুন ধাৰণা আছিল৷ তেখেতে তাত শিক্ষা গ্রহণ কৰি গাৰমেণ্ট মেনুফেকচাৰিং টেকনলজীত তেওঁ বিশেষজ্ঞ হ’ল আৰু উচ্চ শিক্ষা লৈ পিএইচডিও সম্পন্ন কৰিলে‘‘Public Policy, Gender Study and Management‘‘ বিষয়ত৷

কিছুবছৰ কোম্পানী এটাত চাকৰি কৰিলে যদিও শৈক্ষিকতাৰ প্রতি থকা বিশেষ ৰাপৰ বাবে ২০০৩ চনত বেংগালুৰু NIFTত সহকাৰী অধ্যাপকৰ পদত যোগদান কৰিলে৷ ২০২৪ চনৰ জানুৱাৰী মাহলৈকে তেখেতNIFTৰ অধ্যাপক ৰূপে পৰিচিত হৈ আছিল৷ উল্লেখযোগ্য যে তেখেতৰ সহপাঠী মনীষ বাজপেয়ীৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন কৰাৰ পিছত তেখেত ড০ জোনালী দাস বাজপেয়ী বুলি পৰিচিত আছিল৷ কিন্তু এই পৰিচয়ে এক অনন্য ৰূপত উজলি উঠিল যেতিয়া ২০২৪ চনৰ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক ‘‘গগনযান’’ত যাবলগীয়া ৪জন মহাকাশচাৰীয়ে নীলা গাউণ্ড ইউনিফর্ম পিন্ধি সাক্ষাৎ কৰিলে৷ প্রকৃতার্থত তেখেতসকলে যি ইউনিফর্ম পৰিধান কৰিছিল, সেয়া কোনো সাধাৰণ ইউনিফর্ম নাছিল৷ উৰণৰ পূর্বে এই ৪জন মহাকাশচাৰীয়ে গগনযানৰ বাবে পিন্ধিবলগীয়া এই গাউণ্ড ইউনিফর্ম প্রস্তুত কৰিছিল নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকনলজীৰ এটা ৫জনীয়া দলে৷

এই গুৰুত্বপূর্ণ কামৰ বাবে ইছৰোৱে দায়িত্ব দিয়া নিফ্ট বেংগালুৰুৰ এই ৫জনীয়া দলটোক নেতৃত্ব দিছিল ড০ জোনালী দাস বাজপেয়ী (অসম) আৰু তেখেতক বিশেষভাৱে সহযোগ কৰিছিল ড০ মোহন কুমাৰে৷ এই দলটোৰ আন সদস্যসমূহ হ’ল লমিয়া আনীজ Lamia Aneez), সমর্পণ প্রধান Samarpan Pradhan) আৰু তুলিয়া ডি Tulia D)৷

এইক্ষেত্রত ড০ মোহন কুমাৰ আৰু ড০ জোনালী দাস বাজপেয়ীয়ে কৰা মন্তব্য অতি গুৰুত্বপূর্ণ৷ প্রফেছৰ মোহন কুমাৰে কৈছিল,‘‘They are test pilots from the Indian Air Force. They wanted to look stylish like Tom Cruise from ‘Top Gun’. They wanted the uniform to accentuate their toned bodies,’’৷ উল্লেখযোগ্য যে ড০ জোনালী দাস বাজপেয়ীৰ নেতৃত্বত দলটোৱে ১৫০ ডিজাইন প্রস্তুত কৰিছিল আৰু তাৰ ভিতৰত ৭০টা ডিজাইনISROক প্রদান কৰিছিল৷ এইক্ষেত্রত ড০ জোনালী দাস বাজপেয়ীৰ মন্তব্য গুৰুত্বপূর্ণ৷ তেখেতে মন্তব্য কৰিছিল যে‘‘All the existing uniforms were symmetrical. That’s why we went with an asymmetrical style. It’s dynamic and balances the visual weights on both sides equally. ISRO also wanted something unconventional,’’ .

তেখেতসকলে কাপোৰৰ ৰং নীলা নির্বাচিত কৰিছিল, কাৰণ এই ৰঙে এয়াৰ ফোর্চ আৰু পৃথিৱীক প্রতিনিধিত্ব কৰে৷ ইয়াত ব্যৱহাৰ কৰা কাপোৰ ভাৰতীয় কপাহৰ৷ তেওঁলোকে প্রস্তুত কৰা পোছাকযোৰত থকা মূল প্রতিফলিত বার্তা আছিল– শান্তি, অধ্যৱসায় আৰু অনুপ্রেৰণ তথা অনুভূতিসূচক৷ লগতে ইয়াত ব্যৱহাৰ কৰা গাঢ় আৰু পাতল নীলা তথা কিছুমান পথালি ফিতাৰ সৈতে ইয়াৰ ভাৰাসাম্য ৰক্ষা কৰা হৈছিল৷ দৰাচলতে এই কাম আছিল তেখেতসকলৰ বাবে এক কঠিন প্রত্যাহ্বান৷ সপ্তাহত গডে ২০ ঘণ্টাকৈ এই কামত তেওঁলোকে নিয়োজিত হৈছিল আৰু সময়ে সময়ে বহুবাৰ আলোচনাত বহিছিল ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে৷ তেওঁলোকে কি বিচাৰে সেয়া জানিবলৈ তেওঁলোকৰ মাইণ্ড মেপিং পর্যন্ত কৰিছিল৷ প্রতিমূহূর্তত তেওঁলোকৰ মনত এটা কথাই দোলা দি আছিল যে পোছাকযোৰ যাতে উদ্যেমী আৰু সমগ্র বিশ্ববাসীৰ সন্মুখত ভাৰতৰ গৌৰৱৰ প্রতীকৰূপে উজলি উঠে৷ হয়, তাৰবাবে ইয়াৰ প্রতি বিশেষ লক্ষ্য ৰাখিছিল৷ পোছাকযোৰৰ কেন্দ্রত আছে এটা অশোক চক্র আৰু ইছৰোৰ ল’গ’৷ এই পোছাকে অতি গতিশীলতাক সূচায় আৰু ই যথেষ্ট দৃশ্যমান৷ সমর্পণ প্রধানৰ মতে ই এনে এক প্রণালীবদ্ধ প্রকল্প, যিয়ে সময়ৰ বালিত এক বিশেষ ধৰণৰ খোজ থৈ যাব৷ ইয়াৰ প্রস্তুতৰ বাবে সম্পূর্ণৰূপে ভাৰতীয় প্রযুক্তিৰ ব্যৱহাৰ আৰু ভাৰতীয় প্রতিষ্ঠান জডিত হৈ থকা বাবে, সেয়াও এক অতি গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে৷

ড০ জোনালী দাস বাজপেয়ীৰ মতে সঠিক দিশত, সঠিক সময়ত এনে এক গুৰুত্বপূর্ণ কাম সম্পূর্ণ কৰিব পৰাতো তেখেতৰ লগতে সমগ্র দলটোৰ বাবে এক অতি সুন্দৰ অভিজ্ঞতা৷ লগতে তেখেতৰ ২৫ বছৰীয়া চাকৰি জীৱনৰ অন্যতম এক ডাঙৰ উপলব্ধি, জীৱনৰ পৰম প্রাপ্তি আৰু গৌৰৱৰ ক্ষণ৷ ইছৰোৱে তেওঁলোকক জুলাই ২০২১ চনত দায়িত্ব অর্পণ কৰা এই প্রকল্পৰ কাম এটা বছৰৰ কঠোৰ পৰিশ্রম আৰু গৱেষণাৰ অন্তত ২০২২ চনত সম্পূর্ণ কৰিছিল৷

বহুপ্রত্যাশিত গগনযানত অংশ ল’ব লগা মহাকাশচাৰীৰ গাউণ্ড ইউনিফর্ম প্রস্তুত কৰাৰ আঁৰত অসমৰ জীয়াৰী ড০ জোনালী দাস বাজপেয়ীৰ এই অনন্য কৃতিত্ব, অসম আৰু অসমীয়াৰ বাবে প্রকৃতার্থত এক গৌৰৱৰ খবৰ৷

Email [email protected].

You might also like