নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৰুণ গগৈৰ স্বাস্থ্য পৰীক্ষা কৰিলে ডাঃ অনন্ত মোহনে

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ বাবে দেওবাৰে হাস্পতালখনত উপস্থিত হয় নতুন দিল্লীস্থিত এইমছৰ পালমনাৰী বিভাগৰ মুৰব্বী ডাঃ অনন্ত মোহন৷ ডাঃ মোহনে জি এম চি এইচত উপস্থিত হৈ প্রায় দুঘণ্টা সময় ধৰি প্রাক্তন মুখ্যমন্ত্রী গগৈৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লোৱাৰ লগতে গগৈৰ সৈতেও মত বিনিময় কৰে৷ পাছত জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গগৈৰ চিকিৎসাৰ দায়িত্বত থকা জি এম চি এইচৰ চিকিৎসকৰ দলে ইতিমধ্যে কৰা স্বাস্থ্য পৰীক্ষা আৰু আগবঢ়োৱা চিকিৎসা ব্যৱস্থা ঠিকেই আছে বুলি বিশেষজ্ঞ চিকিৎসকজনে মন্তব্য কৰে৷ যোৱা ২৫ ছেপ্টেম্বৰৰ পৰা গগৈক আগবঢ়োৱা চিকিৎসা সেৱা তেওঁ চালি–জাৰি চায় আৰু সকলো সঠিকভাৱে হৈ আছে বুলি প্রকাশ কৰে৷ গগৈৰ চিকিৎসাৰ বাবে নতুনকৈ কোনো পৰীক্ষা কৰাৰ প্রয়োজন নাই৷ জি এম চি এইচৰ চিকিৎসকৰ দলে যি পৰীক্ষা কৰিছে, সেয়াই যথেষ্ট৷ ডাঃ মোহনে গগৈকো বয়স আৰু সাম্প্রতিক শাৰীৰিক অৱস্থালৈ চাই খোৱা–বোৱাত যত্ন লোৱাৰ লগতে উঠা–বহা কৰা, খোজ কাঢ়িবলৈ পৰামর্শ আগবঢ়ায়৷ তদুপৰি হাঁওফাঁও শক্তিশালী কৰি ৰখাৰ বাবে কেনেধৰণৰ ব্যায়াম কৰিব লাগিব, সেই বিষয়ে গগৈক নিজেই বুজাই দিছে৷ ডাঃ বৈশ্যই আৰু জানিবলৈ দিয়া মতে, প্রাক্তন মুখ্যমন্ত্রী গগৈৰ স্বাস্থ্যৰ বর্তমান পূর্বৰ তুলনাত যথেষ্ট উন্নতি হৈছে৷ পৰহি তেওঁ বহি ভাত খাইছে৷ কালিও খাইছে৷ দেওবাৰে তেওঁ ডাঃ মোহনৰ সৈতে ভালদৰে কথা পাতিছে৷ গগৈয়ে এইকেইদিন ভালদৰে শুবও পাৰিছে৷ অক্সিজেনৰ লেভেলো ঠিকেই আছে৷ অৱশ্যে দৈনিক ২ৰ পৰা ৩ লিটাৰ অক্সিজেন ছাপ’ট লৈ আছে৷ গগৈক এতিয়াও আই চি ইউতে ৰখা হৈছে যদিও তেওঁ ভেণ্টিলেচনত নাই৷ গগৈক এতিয়াও আই চি ইউত ৰখাৰ প্রসংগত ডাঃ বৈশ্যই কয় যে আই চি ইউত অক্সিজেনৰ পাইপ লাইনৰ সংযোগ আছে৷ তদুপৰি এই কোঠাটো যথেষ্ট আহল–বহল৷ ইয়াত দুজন আই চি ইউ টেক্নিচিয়ান আৰু তিনিগৰাকী নার্ছ থাকে৷ একে সময়তে ৭–৮গৰাকী চিকিৎসক উপস্থিত থাকিব পাৰে৷ কিন্তু পেয়িং কেবিনৰ কোঠাসমূহ যথেষ্ট ঠেক৷ তাত একে সময়তে ইমানসংখ্যক লোক গোট খাব নোৱাৰে৷ তাৰ বাবেই গগৈক এতিয়াও আই চি ইউৰ পৰা স্থানান্তৰ কৰা হোৱা নাই৷

You might also like