বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : বাংলাদেশৰ কুখ্যাত জামাত-ঈ-ইছলামীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত গোলকগঞ্জ আৰক্ষীৰ জালত পৰে আন এজন শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টৰ।
এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে কোকৰাঝাৰ জিলাৰ কাজিগাঁৱৰ পৰা আটক কৰে জেহাদী সংগঠনৰে ঘনিষ্ঠ সম্পৰ্ক থকা শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টৰক। হজৰত আলী লক্ষীমাৰী এম ই স্কুলৰ সহ: শিক্ষক।
পূৰ্বতে একে অভিযোগত একেখন বিদ্যালয়ৰ শিক্ষক শাহলোম সৰকাৰক যোৱা ২৬ আগষ্টত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।