নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত সমাজ জীৱনক সকাহ দিয়াৰ উদ্দেশ্যৰে ভূমিস্থ হোৱা শ্ৰেষ্ঠজিৎ ব্ৰহ্ম মেমৰিয়েল ট্ৰাষ্টে অঞ্চলটোৰ ৩১জনকৈ দৰিদ্ৰ ৰোগীক আৰ্থিক অনুদান আগবঢ়ায়। ট্ৰাষ্টটোৰ দ্বাৰা অঞ্চলটোত দ্বিতীয়বাৰৰ বাবে ৰূপায়ণ কৰা এনে সমাজহিতকৰ কাৰ্যক সচেতন মহলে প্ৰশংসা কৰিবলৈ লৈছে।
উল্লেখ্য যে সমাজসেৱিকা তথা বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা প্ৰয়াত ভাৰতী পাটগিৰিৰ সুযোগ্য পুত্ৰ প্ৰয়াত শ্ৰেষ্ঠজিৎ ব্ৰহ্মৰ নামত চহৰখনৰ সু-চিকিৎসক তথা সমাজসেৱক ডাঃ কানুলাল দাসৰ সহযোগত এটা ট্ৰাষ্ট গঠন কৰে। বুদ্ধ পূর্ণিমাৰ শুভক্ষণত জন্ম দিয়া ট্ৰাষ্টটোৰ মূল উদ্দেশ্যই হ’ল দৰিদ্ৰতাৰ বাবে যাতে কোনো ৰোগীয়ে কঠিন ৰোগৰ চিকিৎসাৰ পৰা বঞ্চিত নহয়। এনে এক মহান উদ্দেশ্যৰে গঠিত ট্ৰাষ্টটোৱে অঞ্চলটোৰ ৩১জন দৰিদ্ৰ ৰোগীক আৰ্থিক অনুদান আগবঢ়ায়। সেই উপলক্ষে বিলাসীপাৰা চহৰৰ ৫নং ৱাৰ্ডত অৱস্থিত ড° বি আৰ আম্বেদকাৰ ভৱন প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰা হয়। প্ৰবীণ সাংবাদিক দয়াল পালৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে ডাঃ কানুলাল দাসে আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিলাসীপাৰা সমজিলা আয়ুক্তা ড° প্ৰীতি লেখা ডেকা। উক্ত ট্ৰাষ্টৰ বাছনি সমিতিৰ দ্বাৰা বাছনি কৰা কঠিন ৰোগত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ ৰোগীক সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা সমজিলা আয়ুক্তা ড° ডেকাৰ হাতেৰে আৰ্থিক সাহায্যৰ চেক আৰু ফলৰ টোপোলা প্ৰদানৰ শুভাৰম্ভ কৰা হয়।
সভাত বিলাসীপাৰা মহকুমাৰ বিভিন্ন বিভিন্ন প্ৰান্তৰ পৰা অহা দৰিদ্ৰ ৰোগীসকলে আৰ্থিক সাহায্যৰ চেক আৰু ফলৰ টোপোলা লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰে। সভাত বিলাসীপাৰা পৌৰসভাৰ পৌৰপতি বিনীতা দাস সাহা , ট্ৰাষ্টৰ মুখ্য নিৰ্বাচক চিকিৎসক ডাঃ মোকাদ্দেছ আলী, অধিবক্তা তপন ভট্টচাৰ্যী, ট্ৰাষ্টৰ বিষয়া কৃষ্ণ ঘোষ আদিৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ট্ৰাষ্টৰ জৰিয়তে দৰিদ্ৰ-দুখীয়া পৰিয়ালৰ ব্যক্তিসকলক চিকিৎসাৰ বাবে আৰ্থিক অনুদান আগবঢ়াই থকা হ’ব বুলি জানিবলৈ দিয়ে।
প্ৰেৰক সমৰেশ শীল শৰ্মা