নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধুৰ গঁতাত দিখৌত সন্ধানহীন এক : শিৱসাগৰ আমগুৰিঘাটত ভয়ংকৰ ঘটনা

নিয়মীয়া বাৰ্তা, ২৬ মেঃ শিৱসাগৰ চহৰৰ গাতে লাগি থকা আমগুৰি ঘাটত এজন যুৱকক দুই বন্ধুৱে নদীৰ বুকুলৈ গতিয়াই দিয়াৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বন্ধুৱে গতিয়াই দিয়াৰ ফলত দিখৌৰ বুকুত সন্ধানহীন হৈ পৰা যুৱকজনক আমগুৰি ঘাট মঠাউৰিৰ কাষৰ নিবাসী আবিদুৰ ৰহমান( ৪৩) বুলি জানিব পৰা গৈছে।ঘটনাক কেন্দ্ৰ কৰি বাতৰি প্ৰেৰণ কৰা লৈকে বৃহত্তৰ অঞ্চলটোত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হোৱাত আৰক্ষী দ্বাৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।প্ৰাপ্ত বাতৰি মতে আজি বিয়লি প্ৰায় পাঁচ মান বজাত আন দিনৰ দৰে তিনি বন্ধুৱে নদীত গা ধোৱাৰ উদ্দেশ্যে দিখৌৰ নদীৰ কাষত উপস্থিত হোৱাৰ পাছতেই আবিদুৰ ৰহমান(৪৩)নামৰ ব্যক্তিজনক একে লগে থকা পাপু আৰু কৃষ্ণই নদীৰ বুকুলৈ ঠেলি পেলাই দিয়াৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।সন্ধানহীন আৱিদুৰ ৰহমানৰ ঘৰ জিলা খনৰে নাজিৰা মহকুমাৰ অন্তগত ৰহদৈ আলি অঞ্চলত যদিও ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে আমগুৰি ঘাটত থাকি দিন হাজিৰা কৰিছিল ৷ পত্নী আৰু তিনি সন্তানৰ সৈতে ভাৰাতীয়া হিচাবে বাস কৰা আৱিদুৰ ৰহমানৰ আত্মীয়ই জানিবলৈ দিয়া মতে আন দিনৰ দৰে আজিও আবিদুৰে দিন হাজিৰা কৰি ঘৰলৈ আহি ভাত পানী খাই জিৰণী লৈছিল ৷সেই সময়তেই আন দুই বন্ধুৱে নদীৰ গা ধুবলৈ বুলি লগ ধৰি দিখৌ নদীৰ পাৰলৈ যায়। উত্থাপিত অভিযোগ অনুসৰি তিনিৰ বন্ধুৰ মাজত কোনো এক বিষয়ত কাজিয়াৰ সূত্ৰপাত হোৱাত লগৰ দুই বন্ধুৱে নদীলৈ ঠেলা মাৰি দিয়ে বুলি অভিযোগ উৎথাপিত হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ আমগুৰি ঘাট অঞ্চলত উত্তেযনা হয়। পৰৱৰ্তী সময়ত জয়সাগৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰা লগতে আবিদুৰৰ লগত থকা দুই বন্ধু পলাবলৈ চেষ্টা কৰিছিল যদিও ৰাইজৰ তৎপৰাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। জয়সাগৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰি দুই অটকাধীন বন্ধু পাপু, কৃষ্ণক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। কি পৰিস্থিতিত আৱিদুৰ সন্ধানহীন হল সেই সন্দৰ্ভত পোহৰলৈ অহা নাই যদিও বিভিন্ন মহলে সুৰা সেৱন কৰি তিনি বন্ধুৰ মাজত সংঘাতৰ পৰিণতিত সলিল সমাধি ঘটে বুলি দাবী কৰে। ইফালে সন্ধিয়া স্থানীয় গাঁও প্ৰধান, এছ ডি আৰ এফ বাহিনী, স্থানীয় আৰক্ষী বিভগৰ তৎপৰাত দিখৌত আবিদুৰৰ সন্ধান কৰিছে যদিও বাতৰি যুগুত কৰা পৰলৈ বিচাৰিবলৈ সক্ষম হোৱা নাই।এচ ডি আৰ এফে পৰিস্থিতি পৰ্য্যবেশন কৰি আন্ধাৰৰ বাবে কাইলৈ পুৱাহে অভিযান চলাব বুলি জানিবলৈ দিয়ে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like