নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ শিঙিমাৰীত ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ

🔹 থিতাতে নিহত ১ ,গুৰুতৰভাৱে আহত ১৫

নিয়মীয়া বাৰ্তা,  ২৭ জুলাই : বঙাইগাঁও জিলাৰ শিঙিমাৰীত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাত থিতাতে ১জন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ১৫ জন । বঙাইগাঁৱৰ পৰা গোৱালপাৰা অভিমুখে তীব্ৰগতিত গৈ থকা AS-19C-8169 নম্বৰৰ যাত্ৰীবাহী বাছে প্ৰচণ্ড জোৰত খুন্দিয়ায় পথত ৰৈ থকা WB-41k-1123 নম্বৰৰ মালবাহী ট্ৰাকত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত সংকটজনক অৱস্থাত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

প্ৰেৰক বিনোদ বিহাৰী নাথ

You might also like