দ্য আছাম ট্রিবিউনৰ সম্পাদক প্রফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
কলকাতাত বি এ পৰীক্ষা দি উঠিয়েই ‘দ্য ষ্টেটছমেণ্ট’ কাকতৰ মিষ্টাৰ এণ্ডাৰচনৰ অধীনত সম্পাদকীয় পৃষ্ঠাত কাম কৰি থাকোঁতে বৰুৱাই ‘দ্য আছাম ট্রিবিউন’ৰ বাবে বা–বাতৰি প্রেৰণ কৰে
অসমৰ সংবাদ ইতিহাসৰ এগৰাকী অন্যতম মহীৰূহ প্রফুল্ল গোবিন্দ বৰুৱা আৰু আমাৰ মাজত নাই৷ কালি মহানগৰীৰ এপল’ হাস্পতালত মহীৰূহগৰাকীৰ পৰলোকপ্রাপ্তি ঘটে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৬ বছৰ৷
দীর্ঘদিন ধৰি বিশিষ্ট সাংবাদিকগৰাকী বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ আছিল৷ ‘দ্য আছাম ট্রিবিউন’ কাকতৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰি থকা প্রফুল্ল গোবিন্দ বৰুৱা ৪ ডিচেম্বৰৰ পৰা এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল৷
১৯৩৩ চনৰ ২৬ জুলাইত ডিব্রুগড়ৰ অসমীয়া সংবাদ সাহিত্য জগতৰ প্রপিতামহ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু লীলাৱতী দেৱীৰ ঔৰসত প্রফুল্ল গোবিন্দ বৰুৱাৰ জন্ম হৈছিল৷ ডিব্রুগড়তে দশম শ্রেণীলৈকে পঢ়ি প্রফুল্ল গোবিন্দ বৰুৱাই পৰৱর্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দুটা বিষয়ত লেটাৰ নম্বৰসহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়৷
১৯৫১ চনত কটন কলেজৰ পৰা আইএছচি পৰীক্ষাত উত্তীর্ণ হয়৷ ১৯৫৩ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অর্থনীতি আৰু আইন বিষয়ত অধ্যয়ন কৰে৷ ন’বেল বঁটাপ্রাপক অমর্ত্য সেনৰ ঘনিষ্ঠ বন্ধু তথা একেটা শ্রেণীৰ প্রথম বেঞ্চত একেলগে বহা প্রফুল্ল গোবিন্দ বৰুৱাই পৰৱর্তী সময়ত অর্থনীতিত স্নাতকোত্তৰ ডিগ্রী আৰু এলএলবিত কলকাতা বিশ্ববিদ্যালয়ৰ ভিতৰতে প্রথম শ্রেণীৰ প্রথম স্থান দখল কৰি সুখ্যাতিৰে পদক অর্জন কৰে৷
কলকাতাত বি এ পৰীক্ষা দি উঠিয়েই ‘দ্য ষ্টেটছমেণ্ট’ কাকতৰ মিষ্টাৰ এণ্ডাৰচনৰ অধীনত সম্পাদকীয় পৃষ্ঠাত কাম কৰি থাকোঁতে বৰুৱাই ‘দ্য আছাম ট্রিবিউন’ৰ বাবে বা–বাতৰি প্রেৰণ কৰে৷ ১৯৫৫ চনত তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে৷ ১৯৬৪ চনত তেওঁ গ্রেট ব্রিটেইনৰ থমছন ফাউণ্ডেচনৰ পৰা সাংবাদিকতা আৰু ছপা প্রযুক্তিৰ অধ্যয়নৰ বাবে এটা জলপানি লাভ কৰে৷
১৯৬৬ চনত তেওঁ ‘দ্য আছাম ট্রিবিউন’ কাকতগোষ্ঠীৰ পৰিচালন সঞ্চালক পদৰ দায়িত্ব লয় আৰু মৃত্যুৰ সময়লৈকে এই দায়িত্ব পালন কৰে৷ ১৯৯৭ চনত প্রয়াত বৰুৱাই আছাম ট্রিবিউন কাকতৰ সম্পাদক হিচাপে দায়িত্ব লয় আৰু মৃত্যুৰ সময়লৈ এই পদত কার্যনির্বাহ কৰে৷ সাংবাদিকতা, সমাজৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে প্রয়াত বৰুৱাক ২০১৮ চনত দেশৰ চতুর্থ সর্বোচ্চ সন্মান ‘পদ্মশ্রী’ৰে সন্মানিত কৰা হয়৷
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়েও তেওঁক সন্মানিত কৰে৷ মৃত্যুৰ সময়ত বৰুৱাই দুই জীয়ৰী ক্রমে ববিতা ৰাজখোৱা আৰু বনিতা বৰুৱাৰ লগতে পত্নী ৰেখা বৰুৱাক ইহসংসাৰত এৰি যায়৷
মুখ্যমন্ত্রীৰ শোকঃ অসমৰ সংবাদ জগতৰ অন্যতম পিতৃপুৰুষ প্রফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এক শোকবার্তাত মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘দ্য আছাম ট্রিবিউন গ্রুপ’ৰ স্বত্বাধিকাৰী, সম্পাদক আৰু পৰিচালন সঞ্চালক আৰু অসমৰ সংবাদ জগতৰ মহীৰূহ প্রফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছোঁ৷ নীতিগত সাংবাদিকতাৰ প্রতি তেওঁৰ আজীৱন সমর্পণ আৰু সাহিত্য, শিক্ষা আৰু জনজীৱনত তেওঁৰ অপৰিসীম অৱদান অনস্বীকার্য৷ তেওঁৰ শোকসন্তপ্ত পৰিয়াল, সহকর্মী আৰু অগণন গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷ তথ্য–জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকায়ো প্রফুল্ল গোবিন্দ বৰুৱাৰ বিয়োগত শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ