নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াত সন্ত্রাসবাদীৰ নির্বিচাৰ গুলীত নিহত ১৫, ইহুদীৰ উৎসৱক লক্ষ্য কৰি ভয়ংকৰ আক্রমণ

নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : এইবাৰ অষ্ট্রেলিয়াত পেহেলগামসদৃশ সন্ত্রাসবাদীৰ আক্রমণ৷ ছিডনীৰ বণ্ডী সমুদ্রতীৰত ইহুদীসকলৰ এটা উৎসৱ চলি থকাৰ মাজতে দুই বন্দুকধাৰীয়ে জধে–মধে গুলী চলাবলৈ আৰম্ভ কৰে৷ প্রত্যক্ষদর্শীয়ে দাবী কৰা মতে, বন্দুকধাৰীসকলে কমেও ৫০বাৰ গুলী চলায়৷ ইয়াৰ ফলত ১৫জন লোকৰ মৃত্যু ঘটে৷ দুই আৰক্ষীসহ ১২জন লোক আহত হয়৷

আৰক্ষীৰ প্রাথমিক অনুসন্ধান মতে, পৰিকল্পনা কৰিয়েই ইহুদীসকলৰ উৎসৱত আক্রমণ চলোৱা হৈছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, বণ্ডী বিচ্চৰ শিশু পার্কৰ ওচৰতে আয়োজন কৰা হৈছিল ইহুদীসকলৰ হানুক্কা উৎসৱ৷ তাতেই আক্রমণ চলায় বন্দুকধাৰীসকলে৷ তদন্তকাৰীসকলে প্রকাশ কৰা মতে, কেইমাহমান পূর্বৰে পৰা পৰিকল্পনা কৰি এই ষড়যন্ত্র ৰচা হৈছিল৷ গুলীৰ শব্দ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ আৰক্ষীয়ে গুলীৰে প্রত্যুত্তৰ দিয়াত এজন ঘাতক নিহত হয়৷ আন এজন বন্দুকধাৰীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই আক্রমণৰ ছবি আৰু ভিডিঅ’, য’ত দেখা গৈছে এজন বন্দুকধাৰীয়ে পথচাৰীৰ ফালে বন্দুক টোঁৱাইছে৷ তেওঁ খৰধৰকৈ পলোৱাৰ চেষ্টা কৰিছে৷ দ্বিতীয় বন্দুকধাৰীয়ে এখন দলঙৰ ওপৰত থিয় হৈ গুলী চলাইছে৷ প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, কমপক্ষেও তিনিটা আগ্ণেয়াস্ত্র ব্যৱহাৰ কৰা হৈছিল৷ বন্দুকধাৰীসকলৰ কঁকালত বেল্ট আছিল৷ এই ঘটনাত গভীৰ শোক প্রকাশ কৰিছে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এণ্টনী আলবেনিজে৷ এই আক্রমণৰ ঘটনাক তেওঁ ‘হতবাক কৰা আৰু বেদনাদায়ক’ বুলি আখ্যা দিছে৷ নিহতসকলৰ পৰিয়াল আৰু আহতসকলৰ প্রতি তেওঁ সমবেদনা জনায়৷ আৰক্ষী আৰু প্রশাসনক যাৱতীয় ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়ে প্রধানমন্ত্রীগৰাকীয়ে৷

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বণ্ডী বিচ্চত কালি সংঘটিত এই সন্ত্রাসবাদী আক্রমণৰ ঘটনাক কঠোৰভাৱে গৰিহণা দিয়ে৷ এই শোকাৱহ ঘটনাত গভীৰ দুখ প্রকাশ কৰি ভাৰতৰ তৰফৰ পৰা নিহত লোকসকলৰ পৰিয়ালবর্গলৈ তেওঁ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ এনে দুখৰ মুহূর্তত অষ্ট্রেলিয়াৰ জনসাধাৰণৰ ওচৰত সম্পূর্ণ সহযোগিতাৰে ভাৰত থিয় হৈ আছে বুলি তেওঁ নিশ্চিত কৰে৷ তেওঁ জোৰ দি কয় যে সন্ত্রাসবাদৰ ক্ষেত্রত ভাৰতে শূন্য সহনশীলতাৰ নীতি গ্রহণ কৰিছে আৰু সকলো প্রকাৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে গোলকীয় যুঁজখনৰ প্রতি সমর্থন আগবঢ়াইছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পেও এই ঘটনাত গভীৰ শোক প্রকাশ কৰাৰ লগতে মন্তব্য কৰে যে ইয়াৰ আঁৰত থকা শক্তিয়ে সমুচিত মূল্য ভৰিব লাগিব৷

You might also like