নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰত ৩,২০০ সাংগঠনিক সভা কৰিব বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ ৭জনকৈ ধর্মীয় সংখ্যালঘু প্রার্থীয়ে জয়লাভ কৰিব৷ এই দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ৷ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে সভাপতি ৰঞ্জিত দাসৰ এই দাবীয়ে বিশেষ তাৎপর্য বহন কৰিছে৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত এখন সংবাদ মেলত সভাপতি দাসে কয়– সংখ্যালঘু মানেই কংগ্রেছ বা এআইইউডিএফ নহয়৷ সেইদিন এতিয়া আৰু নাই৷ সংখ্যালঘু ভোটাৰক প্রলোভন আৰু উচটনি দি কংগ্রেছ আৰু এআইইউডিএফে ৰাজনীতি কৰি আহিছে৷ কিন্তু বিজেপিয়ে পৰিৱেশ সলনি কৰিছে৷ ৰাজ্যত ২০খন সংখ্যালঘু সন্মিলনৰ আয়োজন কৰা হ’ব, য’ত সংখ্যালঘু ৰাইজে মুকলিকৈ মনৰ ভাব প্রকাশ কৰিব পাৰিব৷ ইফালে, বিধানসভা নির্বাচনক লক্ষ্য কৰি বিৰামহীনভাৱে ব্যস্ত হৈ পৰা শাসকীয় দলটোৱে নৱেম্বৰ মাহটো ‘ভাইব্রেণ্ট’ মাহ ৰূপে চিনাক্ত কৰি আৰম্ভ কৰিছে কাম–কাজ৷

সভাপতি ৰঞ্জিত দাসে আজি এই সন্দর্ভত কয়– নৱেম্বৰ মাহত জিলা আৰু মণ্ডল পর্যায়ৰ কার্যকর্তাসকলক প্রশিক্ষণ প্রদানৰ উদ্দেশ্যে ৩,২০০খন সাংগঠনিক সভা অনুষ্ঠিত কৰা হ’ব৷ বর্তমান ২৩২খন জিলা পর্যায়ৰ কার্যনির্বাহক সভা অনুষ্ঠিত হৈ আছে৷ সাংগঠনিক দিশটোত বিশেষ গুৰুত্ব দি ৩,২০০খন সাংগঠনিক সভাৰ লগতে মহিলাক বিশেষভাৱে দলৰ কাম–কাজত সাঙুৰি লোৱাৰ প্রস্তুতি আৰম্ভ কৰিছে দলটোৱে৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে আজি এই প্রসংগত কয়– ‘ভাইব্রেণ্ট বিজেপি অর্গেনাইজেচন’ৰ ধাৰণা আগত ৰাখি প্রতিটো মণ্ডলৰ পৰা তিনিগৰাকীকৈ মুঠ ১,২০০গৰাকী মহিলা বক্তা বাছি উলিওৱাৰ উদ্দেশ্যে প্রথমবাৰৰ বাবে ৰাজনৈতিক ভাষণ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে৷

ইফালে, শেহতীয়াকৈ বিৰোধী কংগ্রেছে বিজেপিৰ মুখত ৰাম নাম শোভা নাপায়, ৰাৱণহে শোভা পায় বুলি কৰা কটাক্ষৰ প্রত্যুত্তৰ দিছে সভাপতি ৰঞ্জিত দাসে৷ সভাপতিগৰাকীয়ে কয়– ৰাম মন্দিৰ প্রতিষ্ঠাৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা পদক্ষেপক দেশৰ সকলো ধর্মৰ লোকে আদৰণি জনাইছে৷ গতিকে কংগ্রেছৰ মুখতহে ৰাম নাম শোভা নাপায়, ৰাৱণৰ নামহে শোভা পায়৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত যি কৈছে, বাস্তৱ কথাই কৈছে৷ মন্ত্রীগৰাকীয়ে কোৱাৰ দৰেই ৰাৱণৰ দহখন মুখ থাকিলেও ৰামৰ কোনো ক্ষতি কৰিব নোৱাৰে৷

You might also like