নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কপিলী নৈৰ দুৰ্ঘটনা : তিনি দিনৰ পিছত উদ্ধাৰ ইম্ফলৰ দুই ভাতৃদ্বয়ৰ মৃতদেহ

তিনি দিনৰ নিৰন্তৰ অনুসন্ধানৰ পাছত আজি ৰাইকাটা ইছলামপুৰৰ ওচৰত এজন আৰু লালমাটিত আন এজনৰ মৃতদেহ উদ্ধাৰ হয়

তিনি দিন ধৰি সন্ধানহীন হৈ থকা ইম্ফলৰ পৰা অহা দুই ভাতৃদ্বয়ৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ’ল। হোজাই কপিলী নৈৰ পৃথক পৃথক স্থানৰ পৰা দুয়োগৰাকী ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

সূত্রৰ তথ্য মতে, ইম্ফল নিৱাসী লালু শ্বাস আৰু শুভম শ্বাস নামৰ দুই ভাতৃ বুধবাৰে হোজাই জিলাৰ যমুনাচিত কপিলী নৈত গা ধুবলৈ গৈছিল। তাৰ পিছতেই দুয়ো সন্ধানহীন হৈ পৰে।

স্থানীয় আৰক্ষী আৰু SDRF দলৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল। তিনি দিনৰ নিৰন্তৰ অনুসন্ধানৰ পাছত আজি ৰাইকাটা ইছলামপুৰৰ ওচৰত এজন আৰু লালমাটিত আন এজনৰ মৃতদেহ উদ্ধাৰ হয়।

ঘটনাৰ সংবাদ পায়েই স্থানীয় লোকৰ মাজত শোকৰ ছাঁ পৰে। মৃত দুয়োগৰাকী ভাতৃ হোজাইত আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছিল বুলি জানিব পৰা গৈছে।

পুলিচে ইতিমধ্যে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাইছে। এই দুঃখজনক ঘটনাই সমগ্ৰ অঞ্চলক স্তম্ভিত কৰি তুলিছে।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

You might also like