নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মেডিকেলত দুশৰো অধিক ৰোগীৰ চিকিৎসা কৰোৱাইছিল প্রাণৰ শিল্পীয়ে, জিএমচিৰ ৱার্ড বয়ৰ বিস্ফোৰণ

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ : জীৱিত সময়ছোৱাত দিনে–নিশাই কেৱল যন্ত্রলৈ ৰূপান্তৰ কৰি শিল্পী জুবিন গার্গৰ পৰা সোঁৱে–বাঁৱে ধন লুণ্ঠন কৰা মেনেজাৰ সিদ্ধার্থ শর্মাৰ আন বহু কু-কীর্তি বর্তমান পোহৰলৈ আহিছে৷ ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দর্ভত গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে মেনেজাৰ সিদ্ধার্থ শর্মা সন্দর্ভত আন এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷

উল্লেখ্য যে দিনে–নিশাই বিভিন্ন অনুষ্ঠানত সংগীত পৰিৱেশন কৰি কষ্টেৰে উপার্জন কৰা ধনৰ অধিকাংশই জুবিন গার্গে দুখীয়া ৰাইজৰ হকে খৰচ কৰিছিল৷ স্বাস্থ্যজনিত সমস্যা লৈ বহু লোকে শিল্পীগৰাকীৰ দুৱাৰত টুকুৰিয়াইছিল৷ কাকো বিমুখ নকৰাকৈ পার্যমানে সকলোকে সহায় কৰাৰ চেষ্টা চলাইছিল প্রিয় শিল্পীগৰাকীয়ে৷ ২০১০ চনৰ পৰা ২০২৪ চনলৈকে মুঠ ২৮৮গৰাকী ৰোগীক চিকিৎসা সাহায্য আগবঢ়াইছিল জুবিন গার্গে৷ শিল্পীগৰাকীৰ অন্যতম ঘনিষ্ঠ তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৱার্ড বয় দীপু কর্মকাৰে কালি এই তথ্য সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে৷

উল্লেখ্য যে এছআইটিৰ চমনমর্মে কালি উলুবাৰীৰ চিআইডিৰ কার্যালয়ত উপস্থিত হৈছিল দীপু কর্মকাৰ৷ কেইবাঘণ্টাজুৰি এছআইটিৰ তদন্তকাৰী বিষয়াই বিভিন্ন বিষয়ে সোধা–পোছা চলায় দীপু কর্মকাৰক৷ এছআইটিৰ জেৰাৰ পাছতে সংবাদ মাধ্যমৰ সন্মুখত দীপু কর্মকাৰে প্রকাশ কৰা বিস্ফোৰক তথ্যই সম্প্রতি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শিল্পী জুবিন গার্গে চিকিৎসা সহায় আগবঢ়োৱা ৰোগীৰ পৰাও ৩০ শতাংশ ধন কাঢ়ি ৰাখিছিল মেনেজাৰ সিদ্ধার্থ শর্মাই৷ ৱার্ড বয় দীপু কর্মকাৰে এই কথা উল্লেখ কৰি কয় যে যিকোনো লোকে চিকিৎসাৰ বাবে সহায় বিচাৰি দাদাৰ কাষলৈ আহিছিল৷ তেতিয়া দাদাই মোৰ নম্বৰটো তেওঁলোকক দি যোগাযোগ কৰিবলৈ কৈছিল৷ সেইমর্মে দাদাই লিখি দিয়া কাগজৰ সৰু টুকুৰাটো চাই মই ৰোগীসকলক সহায় কৰিছিলোঁ৷ বহুসংখ্যক ৰোগীক জিএমচিএইচত চিকিৎসাৰ সুবিধা কৰি দিছিল জুবিন গার্গে৷ তেওঁলোকৰ অভিভাৱকৰ হাতত অর্থসাহায্য দাদাই আগবঢ়াইছিল৷ কিন্তু দাদাই দিয়া ধনৰ পৰাও ৩০ শতাংশ কাটি ৰাখিহে সিদ্ধার্থ শর্মাই ৰোগীৰ অভিভাৱকক ধন আদায় দিছিল৷

তেওঁ কয় যে মই প্রথম অৱস্থাত কথাবোৰ গম পোৱা নাছিলোঁ যদিও পিছলৈ বহুসংখ্যক ৰোগীৰ অভিভাৱকে এই কথা মোক অভিযোগ কৰাতহে গম পাইছিলোঁ৷ অর্থাৎ শিল্পীগৰাকীক কেৱল ধন ঘটা যন্ত্রলৈ ৰূপান্তৰ কৰা মেনেজাৰ সিদ্ধার্থ শর্মাই ৰোগীৰ ভাগৰ ধনো ছান কাঢ়ি লুণ্ঠন চলাইছিল৷ ২০১০ চনৰ পৰা ২০২৪ চনলৈ এনেদৰে যদি ২৮৮গৰাকী ৰোগীৰ পৰা ৩০ শতাংশ ধন কাটি ৰাখিছিল তেন্তে সিদ্ধার্থ শর্মাৰ এই লুণ্ঠন কিমান ভয়ংকৰ আছিল সেয়া সহজে অনুমেয়৷

উল্লেখ্য যে জিএমচিএইচলৈ অহা ৰোগীসকলৰ সকলো তথ্য তথা আদায় দিয়া ধনৰ পৰিমাণ এখন ডায়েৰীত টুকি ৰাখিছিল দীপু কর্মকাৰে৷ শেহতীয়াকৈ যোৱা বছৰ ডিচেম্বৰ মাহত মেনেজাৰ সিদ্ধার্থ শর্মাই উক্ত ডায়েৰীটো দীপু কর্মকাৰৰ পৰা লৈ গৈছিল৷ দাদাই ডায়েৰীটো বিচৰা বুলি কৈ জোৰ কৰি নিছিল বুলি দীপু কর্মকাৰে সংবাদ মাধ্যমৰ আগত অৱগত কৰে৷ এছআইটিয়ে এই সন্দর্ভত পুংখানুপুংখভাৱে দীপু কর্মকাৰক জেৰা চলায়৷ তেওঁৰ পৰা আন কিছুমান সিদ্ধার্থ শর্মা সম্পর্কিত তথ্যও বিচাৰিছে এছআইটিয়ে৷ উক্ত তথ্যবোৰ শীঘ্রে এছআইটিৰ আগত দাখিল কৰিব বুলি ৱার্ড বয় দীপু কর্মকাৰে জানিবলৈ দিছে৷ ওৰেটো জীৱন কোটি কোটি টকাৰ অনুষ্ঠান পৰিৱেশন কৰি অর্জন কৰা শিল্পী জুবিন গার্গৰ ধনৰ প্রতি তিলমাত্রও লালসা নাছিল৷ কিন্তু শিল্পীগৰাকীৰ সৰলতাক ব্যৱহাৰ কৰি তেওঁৰ সোঁৱে–বাঁৱে থকা একাংশ লোকে কেৱল লুণ্ঠনহে চলাইছিল৷

জানিব পৰা মতে, এছআইটিয়ে সিদ্ধার্থ শর্মাৰ পৰা গ্রেপ্তাৰৰ সময়ত জব্দ কৰিছিল বিশেষ ডায়েৰীটো৷ য’ত দীপু কর্মকাৰৰ বিষয়ে সুন্দৰভাৱে উল্লেখ আছিল আৰু এই তথ্যৰ আধাৰতে দীপু কর্মকাৰক কালি জেৰা চলোৱা হয় বুলি জানিব পৰা গৈছে৷

You might also like