নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গার্গক বর্ষশ্রেষ্ঠ অসমীয়াৰ সন্মান প্রদান মুখ্যমন্ত্রীৰ

🔹 ‘নিউজ লাইভ’ৰ ১৬সংখ্যক বর্ষপূর্তি অনুষ্ঠান

🔹 আজিৰ প্রজন্মৰ সর্বশ্রেষ্ঠ অসমীয়াৰ মাজৰ এজন জুবিন গার্গ, আজিৰ সময়ত অসমীয়া জাতিৰ সর্বশ্রেষ্ঠ সম্পদ : ড০ শর্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰী : ‘অসমৰ সংবাদ মাধ্যমৰ দীর্ঘম্যাদী আৰু প্রভাৱশালী যাত্রাত বিগত কেইবাটাও বছৰে নিউজ লাইভে অনন্য বৰঙণি আগবঢ়াই আহিছে৷ প্রত্যাহ্বান আৰু সংঘাতৰ মাজেৰে নিউজ লাইভে যিদৰে আগুৱাই গৈছে, সেয়াই অন্য মানুহক অনুপ্রেৰণা যোগাব৷’- ওপজা মাটিৰ পৰশেৰে উজ্জীৱিত অসমৰ অন্যতম সর্বশ্রেষ্ঠ বৈদ্যুতিন সংবাদ মাধ্যম নিউজ লাইভৰ ১৬সংখ্যক বর্ষপূর্তি উপলক্ষে মহানগৰীৰ হোটেল ৰেডিছন ব্লুত আয়োজিত এক অনুষ্ঠানত এইদৰে মন্তব্য কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ১৬ বছৰীয়া প্রত্যাহ্বানমূলক যাত্রাত নিউজ লাইভে আগবঢ়োৱা বৰঙণিয়ে ৰাজ্যৰ সকলো ব্যক্তিকে অনুপ্রাণিত কৰিব বুলি মত ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিকূলতাৰ মাজতো কিদৰে মানুহে আশাৰ সন্ধান লাভ কৰি আন্ধাৰৰ মাজতো আলোকৰ ৰেঙনি পাব পাৰে, সেয়া নিউজ লাইভে দেখুৱাইছে৷ নিউজ লাইভৰ এই সফলতাৰ যাত্রা দীর্ঘকাললৈ অব্যাহত থকাৰ কামনা কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ নিজৰ ভাষণ প্রসংগত স্বভাৱসুলভ ৰসিকতাৰে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজনীতি আৰু সংবাদ মাধ্যমৰ মাজত থকা নিকট সম্পর্কৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় যে ৰাজনীতি আৰু সংবাদ মাধ্যমৰ সম্বন্ধ ইমানেই নিকা যে পৰস্পৰে পৰস্পৰৰ সন্মুখত একাত্ম হৈ পৰে৷ পাঠকৰ কাৰণে এই সম্বন্ধ বুজি নোপোৱা যদিও এয়া আটাইতকৈ নিবিড় সম্পর্ক৷ ইজনে–সিজনৰ পৰিপূৰক৷ যিয়েই নহওক, ৰাজনীতি কৰা মানুহেই হওক বা সংবাদ মাধ্যমেই হওক, অসমক সর্বশ্রেষ্ঠ ৰূপত প্রতিপন্ন কৰাই দুয়োৰে লক্ষ্য হ’ব লাগে৷ ৰাজনীতিকৰ লগতে সংবাদ মাধ্যমেও যোগাত্মক কাম কৰিব লাগে৷ এয়া আমাৰ জাতীয় জীৱনৰো লক্ষ্য হোৱা উচিত৷ বর্ণিল অনুষ্ঠানটোত যুৱপ্রজন্মৰ হার্টথ্র’ব তথা শিল্পী জুবিন গার্গক ২০২৩ বর্ষৰ ‘সর্বশ্রেষ্ঠ অসমীয়া’ সন্মানেৰে সন্মানিত কৰা হয়৷ এটি স্মাৰক, ট্রফী, প্রশস্তি–পত্র, চেলেং চাদৰ, ফুলৰ তোৰাৰ লগতে ২ লাখ টকাৰ চেক বঁটাটোৰ সৈতে শিল্পী জুবিন গার্গক প্রদান কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শিল্পী জুবিন গার্গ সন্দর্ভতো বহু কথাই ব্যক্ত কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ কয় যে আজিৰ সময়ত অসমীয়া জাতিৰ সৰ্বশ্রেষ্ঠ সম্পদ জুবিন৷ জুবিনৰ কথা–আদর্শৰ মিল কাৰো সৈতে নাথাকিব পাৰে যদিও আজিৰ প্রজন্মৰ বাবে জুবিন গার্গ সর্বশ্রেষ্ঠ উপহাৰ৷ যোৱা ১৫–২০ বছৰ ধৰি জুবিন গার্গৰ গীতে অসমীয়া সমাজক আলোড়িত কৰি ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জ্যোতি–বিষ্ণু–ভূপেন হাজৰিকা যেনেকৈ অসমীয়া জাতীয় জীৱনৰ সম্পদ, ঠিক তেনেদৰে জুবিন গার্গো আমাৰ জাতীয় জীৱনৰ সম্পদ৷ জুবিন গার্গৰ সৃষ্টিসুলভ প্রতিভাই এই কথাকেই প্রতিপন্ন কৰিছে৷ সৃষ্টিশীলতা যেতিয়া এজন মানুহৰ জীৱনৰ পণ হয়, সেই সৃষ্টিশীলতাই জুবিন গার্গৰ সংগীত জীৱনক গতিশীলতা প্রদান কৰে৷ আমি তিনিটা প্রজন্ম দেখিছোঁ৷ তাৰ ভিতৰত জুবিনৰ এটা স্থান আছে৷ জাতিয়ে গৌৰৱ কৰে জুবিনক লৈ৷ অকল ২০২৩ বর্ষৰে সর্বশ্রেষ্ঠ অসমীয়া জুবিন গার্গ নহয়, আজিৰ প্রজন্মৰ সর্বশ্রেষ্ঠ অসমীয়াৰ মাজৰ এজন জুবিন৷ জুবিনৰ গান অসমীয়া জাতিৰ বাবে সাহস হৈ থাকক৷ মানুহৰ সুখ–দুখৰ প্রতীক হওক জুবিনৰ গান৷ বঁটাটো গ্রহণ কৰি শিল্পী জুবিন গার্গে নিউজ লাইভক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নতুন চিন্তাৰে নতুন বছৰটোক আগুৱাই নিয়াৰ পোষকতা কৰে৷ নিউজ লাইভৰ জন্মলগ্ণৰে পৰাই জড়িত হৈ থকা শিল্পীগৰাকীয়ে চিৰকাললৈ নিউজ লাইভৰ সৈতে জড়িত থকাৰ প্রতিশ্রুতিও দিয়ে৷ অনুষ্ঠানটোত দর্শকৰ সৈতে হোৱা অন্তৰংগ আলাপত জুবিন গার্গে নিজকে আনৰ গান শুনিয়েই জন্ম হোৱা শিল্পী বুলি উল্লেখ কৰি কয় যে গান মোৰ শিকিম বুলিও শিকা নহ’ল৷ কথা প্রসংগত শিল্পীগৰাকীয়ে ‘ইউকেলিপ্টাছ’ শীর্ষক নামেৰে আত্মজীৱনী লিখাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰাৰ লগতে আহি থকা কেইবাখনো ছবিৰ বিষয়েও ৰাইজক অৱগত কৰে৷ অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইনে৷ নিজৰ ভাষণত তেওঁ কয় যে ১৬ বছৰ এটা চেনেলে অতিক্রম কৰাটো খুব এটা সৰু কথা নহয়৷ এই ১৬টা বছৰে সদায়েই আর্তজনৰ ওচৰত নিউজ লাইভে থিয় দি আহিছে৷ সেয়ে হয়তো নিউজ লাইভক অসমৰ দর্শক ৰাইজে মৰমেৰে আঁকোৱালি লৈছে৷ এইক্ষেত্রত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাৰ সহযোগিতা তথা গুৰুত্বপূর্ণ পৰামর্শৰ বাবেই সকলোখিনি সম্ভৱ হোৱা বুলি তেওঁ মন্তব্য কৰে৷ বর্ণিল অনুষ্ঠানটোত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, তথ্য আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকা, অভিনেত্রী তথা মন্ত্রীগৰাকীৰ পত্নী আইমী বৰুৱা, নগৰ পৰিক্রমা উন্নয়ন মন্ত্রী অশোক সিংহল, কৃষিমন্ত্রী অতুল বৰা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, জনস্বাস্থ্য কাৰিকৰী মন্ত্রী জয়ন্ত মল্ল বৰুৱা, বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক দিগন্ত কলিতা, ৰাজ্যসভাৰ সাংসদ পৱিত্র মার্ঘেৰিটা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, মুখ্য সচিব পৱন বৰঠাকুৰ, মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা, জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, বিজন মহাজন, জ্যেষ্ঠ সাংবাদিক তথা অসম বাণীৰ সম্পাদক দিলীপ চন্দন, অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত শীর্ষ বিষয়া পল্লৱ ভট্টাচার্যকে প্রমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like