নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা আৰু ভাৰতীয়ত্বৰ পুনৰুত্থান

🔹 অশোক সিংহল

প্রায় ডেৰ হাজাৰ বছৰৰ দীর্ঘ প্রতীক্ষাৰ অন্তত আজি ২০২৪ চনৰ ২২ জানুৱাৰী তাৰিখে অযোধ্যাত থকা নিজ জন্মভূমিত ৰামলালাক আনুষ্ঠানিকভাৱে পুনৰ স্থাপন কৰাৰ লগে লগে আমাৰ দেশ ভাৰতবর্ষই নিজৰ সহস্রাব্দ গৰকা হূত গৌৰৱ, শক্তি আৰু প্রতিপত্তি পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব৷ মন্দিৰ আৰু ধর্মীয় অনুষ্ঠান ধ্বংস কৰা বা জ্বলোৱাক এটা ধর্মৰ মনোবল আৰু বিশ্বাস দুর্বল কৰাৰ আটাহতকৈ সহজ উপায় বুলি গণ্য কৰা আক্রমণাত্মক ইছলামিক সেনা আৰু লুটপাতকাৰীৰ হাতত হিন্দু আৰু দেশৰ নীতি–নিয়ম আৰু বিশ্বাসৰ ওপৰত শতিকাজুৰি চলি থকা আধিপত্যৰ আজি অৱসান ঘটিব৷ ভাৰতৰ দৰে মহান দেশৰ মানুহৰ বাবে মন্দিৰ আৰু পুথিভঁৰালৰ দৰে পৱিত্র অনুষ্ঠান ধ্বংস কৰাটো বিদেশী ফিলিষ্টাইন সংস্কৃতিৰ প্রতিফলনৰ বাদে আন একো নাছিল, কিয়নো আমাৰ দেশৰ কোনো ৰজাই কেতিয়াও বিদেশী ভূমি আক্রমণ কৰি তেওঁলোকৰ ধর্মীয় প্রতীক আৰু ধন–সম্পত্তি নিজৰ কৰি ল’বলৈ আগ্রহী নাছিল৷ সেহটোৱেই আছিল ভাৰতীয়তাৰ সাৰমর্ম৷ যিহেতু আজিৰ দিনটোত মোৰ লগতে আন বহুতৰ বাবে দেশৰ সর্বকালৰ আটাহতকৈ ডাঙৰ আৰু গুৰুত্বপূর্ণ ধর্মীয় অনুষ্ঠান হ’ব, এয়াও নিশ্চিত যে সাংস্কৃতিক, ৰাজনৈতিক আৰু ঐতিহাসিকভাৱে ই আমাৰ জাতিৰ ইতিহাসৰ আটাহতকৈ ডাঙৰ পৰিঘটনাবোৰৰ ভিতৰতো অন্যতমৰূপে পৰিগণিত হ’ব৷ ইছলামিক আৰু ইংৰাজ শাসনৰ পাছত যুগ যুগ ধৰি অৱদমিত হৈ থকা ভাৰতীয়সকলৰ মনোজগতখনে অৱশেষত আজিৰ দিনটোত মুক্তি লাভ কৰিব৷ এই ঘটনাই এক পুনৰুত্থানশীল সভ্যতা আৰু মানৱতাৰ পুনৰুদ্ধাৰৰ বিষয়ে সমগ্র বিশ্বক সংকেত প্রদান কৰিব৷ ই কেৱল এগৰাকী দেৱতাক ঐশ্বৰিক তাৎপর্যৰে ভূষিত কৰাৰ ক্ষেত্র নহ’ব, বৰঞ্চ ই দেশৰ প্রতিপত্তি আৰু মর্যাদাক উজলাহ তোলাৰ সমার্থক হ’ব৷ বাঁওপন্থী বুৰঞ্জীবিদ বা তথাকথিত বুদ্ধিজীৱীসকলৰ অধিকাংশই বিশ্বাস কৰা মতে ৰাম মন্দিৰ কেৱল হিন্দুসকলৰ দাবী নাছিল– ই আছিল নিজৰ ভাৰতীয়ত্ব, নিজৰ সভ্যতা আৰু নিজৰ অখণ্ডতা পুনৰ ঘূৰাই অনাৰ বাবে উচ্চাৰিত ১৪০ কোটি ভাৰতবাসীৰ সন্মিলিত দাবী৷ ময়ো আজি কোটি কোটি সহযোগী ভাৰতবাসীৰ সৈতে প্রার্থনাত যোগ দিম৷ একে সময়তে এই গৌৰৱ পুনৰুদ্ধাৰৰ সংগ্রামৰ সৈতে মোৰ সম্পর্কৰ কথা, ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ আগৰ সপ্তাহকেইটাৰ কথাও মই গৌৰৱেৰে মনত পেলাম৷ ছাত্রাৱস্থাৰে পৰাই মই পুনৰুত্থানশীল ভাৰতৰ সাংস্কৃতিক নৱজাগৰণত বিশ্বাস কৰা মতাদর্শৰে ৰাজনৈতিকভাৱে সক্রিয় আছিলোঁ৷ এয়া মোৰ বাবে কেৱল এক মতাদর্শ নাছিল– এয়া আছিল ভাৰতবর্ষৰ গৌৰৱময় ইতিহাসৰ ওপৰত থকা মোৰ অখণ্ড বিশ্বাস, যি ইতিহাসৰ বিষয়ে অবিকৃত ৰূপত মই শৈশৱতেই জ্ঞাত হোৱাৰ সুযোগ লভিছিলোঁ৷ অযোধ্যাৰ মছজিদৰ ভিতৰত আবদ্ধ হৈ থকা ৰাম মন্দিৰৰ কথা মানুহক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে ১৯৮৫ চনতে মই ৰাম জানকী ৰথযাত্রাত যোগদান কৰিছিলোঁ৷ ১৯৮৯ চনত মোৰ ২১ বছৰ বয়সত ৰামশিলা পূজনৰ আয়োজনত মই অগ্রণী ভূমিকা পালন কৰিছিলোঁ, য’ত প্রতিখন গাঁৱৰ পৰা এটা ইটা আৰু টোকেন হিচাপে ১.২৫ টকাৰ বৰঙণি অযোধ্যালৈ লৈ যোৱা হৈছিল৷ অনুষ্ঠানটোৰ তাৎপর্য কোনেও পাহৰি যোৱা নাছিল৷ ই জনসাধাৰণৰ মাজত নিজৰ হেৰোৱা আত্মাক পুনৰ জগাই তুলিলে৷ আনকি অসমৰ মানুহো কম উৎসাহী নাছিল৷ এতিয়া সেই সৰু–ডাঙৰ খোজবোৰলৈ ঘূৰি চালেই বুজি পাওঁ যে ৰাম মন্দিৰৰ পৱিত্র নির্মাণকার্যত এটা এটাকৈ ইটা সযতনে গাঁথি যোৱাৰ দৰে আজিৰ এই গৌৰৱময় মুহূর্তটোৰ আঁৰত সেই তেতিয়াৰ পৰা আৰম্ভ কৰি এটা এটা মুহূর্তৰ অৰিহণা আছিল৷ সেই বছৰতে অক্টোবৰ মাহত বিশ্ব হিন্দু পৰিষদ, যাৰ ময়ো সদস্য আছিলোঁ, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ আৰু অন্যান্য সমমনা সংগঠনে কৰ সেৱাৰ বাবে আহ্বান জনাইছিল৷ ১৯৯০ চনৰ ২৪ অক্টোবৰত এগৰাকী বাইছ বছৰীয়া যুৱক হিচাপে মই মোৰ সতীর্থ ভাতৃসকলৰ সৈতে যোগ দি ৩০ অক্টোবৰত অযোধ্যাত মন্দিৰ নির্মাণ আৰম্ভ কৰিবলৈ হ’বলগীয়া কৰ সেৱাত অংশগ্রহণ কৰিলোঁ৷ প্রত্যাহ্বান আছিল যদিও আমি দৃঢ়প্রতিজ্ঞ আছিলোঁ৷ যদিও আমি আমাৰ প্রথম পৰিকল্পনাত সফলকাম নহ’লোঁ, তথাপি আমাৰ এই পদক্ষেপে ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ গুৰুত্বপূর্ণ দিনটোৰ ভেঁটি স্থাপনত উল্লেখনীয় ভূমিকা পালন কৰিলে৷ হাজাৰ হাজাৰ কৰ সেৱকৰ ঐশ্বৰিক শক্তিয়ে বাবৰি মছজিদৰ ভেঁটি কঁপাই যি আধাৰশিলা স্থাপন কৰিলে, তাৰেই ভেঁটিত আজি অযোধ্যাৰ পৱিত্র ৰাম মন্দিৰ গঢ়ি উঠিল৷ আজিলৈকে ৰাজ্যখনৰ বহুতেই নাজানে যে আধুনিক ভাৰতীয় ইতিহাসত ডাঙৰ প্রভাৱ পেলাব পৰা ঐতিহাসিক আন্দোলনৰ অংশ হ’বলৈ নিয়তিয়ে সুযোগ প্রদান কৰা অসমৰ মুষ্টিমেয় লোকসকলৰ ভিতৰত ময়ো এজন আছিলোঁ৷ যদি কোনোবাই এই অনুষ্ঠানৰ তাৎপর্য বিশ্লেষণ কৰিব খোজে, তেন্তে ই মন্দিৰৰ চাৰিসীমাৰ বহু ওপৰলৈ গৈ আমাৰ ব্যক্তিগত জীৱনত বিয়পি পৰে৷ শক্তি, মমতা, মানৱতাৰ দৰে অনির্বচনীয় মানৱীয় আচৰণৰ পৰা নম্রতা, সততা আৰু ক্ষমাক প্রতিনিধিত্ব কৰা ভগৱান ৰামৰ জীৱনচর্যাক আমি আমাৰ দৈনন্দিন আচৰণত প্রতিবিম্বিত কৰিব লাগিব৷ প্রতিজন ভাৰতীয়ৰ এই মানৱীয়তাকেই আমি আজিৰ এই ঐতিহাসিক অনুষ্ঠানৰ কাংক্ষিত প্রাপ্তি হিচাপে লক্ষ্য কৰি লোৱা উচিত৷ যদি দেশৰ বিৰোধীয়ে ভাৰতীয় জনতা পার্টী বা সংঘ পৰিয়ালে ৰামক লৈ ৰাজনীতি কৰিছে বুলি দাবী কৰিছে, তেন্তে সেয়া তেওঁলোকে কৰা এক গুৰুতৰ ভুল৷ তেওঁলোকে আৰম্ভণিৰে পৰাই কেতিয়াও ভগৱান শ্রীৰামৰ সত্তাৰ তাৎপর্য বুজি পোৱা নাই৷ প্রভু শ্রীৰাম মানৱ মর্যাদাৰ উচ্চতম ৰূপৰ প্রতীক৷ তেওঁ সকলোৰে, যেনেকৈ কোৱা হয়– ৰাম সবকে, সবকে আপনে আপনে ৰাম (ৰাম সকলোৰে, প্রত্যেকৰে নিজা নিজা ৰাম আছে)৷ এয়া একো আচৰিত হ’বলগীয়া কথাই নহয়৷ যিদৰে প্রান্তে প্রান্তে ৰামায়ণৰ বহুবোৰ ৰূপ আছে, তেনেকৈ ৰামৰো অজস্র অৱতাৰ আছে– প্রত্যেকেই নিজগুণে মহিমামণ্ডিত৷ আমি বিজেপিত গৌৰৱেৰে সবকা সাথ, সবকা বিকাশৰ উন্নয়নৰ ৰাজনীতিক লৈ খেলা কৰিছোঁ, ধর্মক লৈ নহয়৷ বিৰোধী দলবোৰেহে ধর্মীয় তুষ্টিৰ খেল খেলে আৰু ইয়াক কেন্দ্র কৰি ৰাজনীতি কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রত বর্তমান চৰকাৰৰ যোৱা দশকত যি প্রচণ্ড অর্থনৈতিক বিকাশ আৰু নিপীড়িত লোকৰ উত্থান সম্ভৱ হৈছে, সেয়া আমি কেনেধৰণৰ ‘ধর্ম’ পালন কৰোঁ তাৰ সাক্ষ্য৷ প্রতিগৰাকী নাগৰিক আৰু দেশৰ বিকাশৰ আহ্বান জনোৱাই হৈছে আমাৰ ধর্ম৷ ই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্বাস কৰা একেই ৰাজনৈতিক মতাদর্শৰে প্রতিবিম্ব৷ আমাৰ ৰাজ্যৰ উন্নয়নৰ জয়যাত্রাই মানৱ বিকাশৰ এই প্রথাৰ সাক্ষ্য প্রদানৰ বাবে যথেষ্ট৷ আজি যেতিয়া বিশ্বই ভগৱান ৰামৰ জয়ধ্বনি দিয়াৰ লগতে আমি ৰামৰাজ্য বুলি কোৱা তেওঁৰ জনমুখী নীতিৰ গুণগান গায়, তেতিয়া মোৰ মনলৈ দৃঢ়তাৰে এই কথাই আহে যে মহান মর্যাদা–পুৰুষোত্তম প্রভু ৰামৰ আদর্শ তেওঁৰ গৃহভূমিত প্রতিষ্ঠা কৰাৰ বাবে এই অমৃতকালত প্রধানমন্ত্রী মোদীয়ে আমাৰ দেশক সন্মুখৰ পৰাই নেতৃত্ব প্রদান কৰিছে৷

You might also like