নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গার্গ ন্যাস গঠনৰ ঘোষণা পৰিয়ালৰ

প্রকৃতিৰ কোলাত বুঢ়া লুইতৰ নৈসর্গিক শোভা উপভোগ কৰি সংস্কৃতিৰ পথাৰখন সমৃদ্ধ কৰাৰ সপোন দেখিছিল অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গার্গে৷ এপদ এপদকৈ নির্মাণ কৰি গৈছিল খাৰঘুলিৰ সপোনৰ ঘৰটো৷ কালৰ কূটিল দৃষ্টিয়ে হঠাতেই তেওঁক আঁতৰাই নিলে৷ কিন্তু কায়িকভাৱে নোহোৱা হ’লেও প্রিয় শিল্পীৰ স্বপ্নৰ ঘৰৰ পৰাই আৰম্ভ হ’ব সমাজ–সংস্কৃতি আৰু প্রকৃতিক গঢ়াৰ নতুন যাত্রা৷

জুবিন গার্গ ন্যাস গঠনৰ আহ্বানেৰে কাহিলিপাৰাৰ বাসগৃহত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰিলে শিল্পীপত্নী গৰিমা শইকীয়া গার্গ আৰু ভগ্নী ড০ পামী বৰঠাকুৰ সমন্বিতে পৰিয়ালে৷

আৱেগিকভাৱে সংবাদ মেলত গৰিমা শইকীয়া গার্গে কয় যে বহু দুখৰ বোজা, গধুৰ মন লৈ আমি দুঃসময়ৰ মাজতো আগবাঢ়িব খুজিছোঁ৷ তেওঁ ভাল পোৱা কামখিনি সকলোৱে মিলি আগবঢ়াই নিব লাগিব৷ এইখিনি স্থবিৰ হৈ গ’লে তেওঁৰ প্রতি অন্যায় কৰা হ’ব৷ জীৱিত সময়ছোৱাত প্রিয় শিল্পীয়ে কৈ যোৱা কথা মনত পেলাই পত্নী গৰিমাই পুনৰ কয় যে জীৱনৰ ধুমুহাবোৰ জুবিনে বহু সাহসেৰে পাৰ হৈছিল৷

তেওঁ প্রায়ে কৈছিল– মোক মনত ৰখাতকৈ মোৰ সৃষ্টি আৰু কামখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম৷ দুঃসময়ৰ মাজতো কৰণীয়খিনি কৰি যাবলৈ তেওঁ কৈ গৈছিল৷ আজি তেওঁ কায়িকভাৱে নাথাকিলেও সকলো অসমীয়াৰ প্রাণে প্রাণে চিৰকাল তেওঁ আছিল আৰু থাকিব৷ তেওঁৰ বাবেই আজি ৩.৫ মাহ পিছত বাহিৰলৈ ওলাই আহিছোঁ৷

জুবিন গার্গ ন্যাসৰ গঠনৰ বিষয়ে ঘোষণা কৰি পত্নী গৰিমাই কয় যে এই ন্যাসৰ জৰিয়তে জুবিনৰ আদর্শক লৈ আমি আগুৱাই যাম৷ সামাজিক, সাংস্কৃতিক দিশত জড়িত ব্যক্তিসকলৰ বাবেই হওক বা নতুন প্রজন্ম অথবা প্রকৃতিৰ সংৰক্ষণৰ বাবে যিবোৰ কাম তেওঁ কৰিছিল, তেনে দিশত কিছু কাম আমাৰ সামর্থ্য অনুযায়ী ন্যাসৰ জৰিয়তে কৰি যাবলৈ চেষ্টা কৰিম৷

খাৰঘুলিৰ সম্পত্তিখিনি জুবিনৰ হেঁপাহৰ আছিল৷ তেওঁৰ সপোনৰ ঠাইখন তেওঁৰ নামত হ’বলগীয়া সমাজ–সংস্কৃতি আৰু উপাস্য প্রকৃতিৰ নামত ব্যৱহাৰ হোৱাটো আমি আশা কৰিছোঁ৷ এজন মানুহৰ বাবে মানুহ আছিল জুবিন গার্গ৷ গতিকে খাৰঘুলিৰ ঘৰটো ন্যাসৰ নামত আমি পৰিয়ালৰ তৰফৰ পৰা উৎসর্গা কৰাৰ সিদ্ধান্ত লৈছোঁ৷ আমাৰ আশা– জুবিন গার্গৰ সপোনৰ ঘৰটোৰ পৰাই তেওঁৰ আদর্শ আৰু দর্শনক জীয়াই ৰখাৰ বাবে কিছু ভাল কাম হৈ থাকক৷

উল্লেখ্য যে প্রস্তাৱিত ন্যাসটোৰ অধীনত মুঠ তিনিটা শাখা থাকিব৷ শিল্পীগৰাকীয়ে পূর্বতে প্রতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন আৰু অভিনয়াঃ জংকী বৰঠাকুৰ পৰিৱেশ্য কলাকেন্দ্র এই ন্যাসৰ অংশীদাৰ হোৱাৰ লগতে এটা বিশেষ গৱেষণা গোট ন্যাসটোৰ অধীনত গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

শিল্পীগৰাকীৰ ভগ্নী ড০ পামী বৰঠাকুৰে সদৰী কৰা মতে, গৱেষণা গোটটোৰ জৰিয়তে জুবিন গার্গৰ জীৱন আৰু কর্ম, কৃতিত্ব আৰু সাংস্কৃতিক–সামাজিক অৱদান সম্পর্কে বিদ্যায়তনিক আৰু প্রণালীবদ্ধ চর্চা কৰা হ’ব৷ ইতিমধ্যে শিল্পীগৰাকীৰ নামত বহু গৱেষণা আৰম্ভ হৈছে৷ আমি বিচাৰোঁ প্রণালীবদ্ধভাৱে এই গৱেষণাৰ কামসমূহ আগবাঢ়ক৷

তদুপৰি জুবিন গার্গৰ যিখিনি বৌদ্ধিক উত্তৰাধিকাৰ সেইবোৰ যথোপযুক্ত সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ অকল সেয়াই নহয়, জুবিন গার্গৰ পূর্ণাংগ আত্মজীৱনী পৰৱর্তী সময়ত ন্যাসে প্রণয়ন কৰাৰ ব্যৱস্থা গ্রহণ কৰিব৷ অৱশ্যে আত্মজীৱনীখন আৰম্ভ কৰিবলৈ কিছু সময়ৰ প্রয়োজন হ’ব বুলিও তেওঁ লগতে কয়৷

সম্প্রতি শিল্পীগৰাকীৰ নামত বহুসংখ্যক গ্রন্থ ৰচনা হোৱা বিষয়টোত কিছু উদ্বেগ প্রকাশ কৰি প্রয়াত শিল্পীগৰাকীৰ খুৰাক মনোজ বৰঠাকুৰে কয় যে বহুসংখ্যক লোকে জুবিনৰ নামত বহু কিতাপ লিখিছে৷ প্রিয় শিল্পী হিচাপে ছপা আকাৰত তেওঁৰ কথা চর্চা সকলোৱে কৰিব৷ সেয়া আমি বাধা দিব নোৱাৰোঁ বা নিদিওঁ৷ কিন্তু জুবিন গার্গ সম্পর্কীয় তথ্যসমূহ কোনোধৰণৰ বিকৃত নকৰাকৈ শুদ্ধ ৰূপত প্রতিষ্ঠা কৰিবলৈ আহ্বান জনাইছোঁ৷ পৰৱর্তী সময়ত জুবিন গার্গ সম্পর্কীয় লেখা যুগুত কৰাৰ সময়ত ন্যাসৰ গৱেষণা গোটৰ সৈতে আলোচনা কৰিহে প্রণয়ন কৰিবলৈ তেওঁ আহ্বান জনায়৷

সংবাদ মেলত শেহতীয়াকৈ ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পৰা লাভ কৰা ৰাজ্যিক কৰৰ ২ কোটি ৯০ লাখ টকা কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনলৈ হস্তান্তৰ কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জনাইছে গৰিমা শইকীয়া গার্গে৷

তেওঁ কয় যে অসমৰ শিল্পীসকলৰ সামূহিক কল্যাণৰ বাবে গঠন হোৱা এক সংস্থা হৈছে কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এই সিদ্ধান্তই শিল্পীসকলক সহায় কৰা সংকল্পক বাস্তৱায়িত কৰাত বহু সাহস আমাক দিছে৷ তদুপৰি জুবিন গার্গৰ হত্যা সন্দর্ভত গোচৰটো খৰতকীয়া কৰিবলৈ বিশেষ চৰকাৰী অধিবক্তা নিয়োগ তথা বিশেষ আদালত গঠনৰ বাবে উচ্চতম ন্যায়ালয়ক চৰকাৰে আবেদন জনাব বুলি যি ঘোষণা কৰিছে তাৰ বাবেও মুখ্যমন্ত্রী ড০ শর্মাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে গৰিমা শইকীয়া গার্গে৷

জুবিন হত্যাৰ গোচৰটো আদালতত চলি থকাৰ পৰিপ্রেক্ষিতত সকলো অনুৰাগীকে সামাজিক মাধ্যমত যিকোনো কথা ভাবি–গুণিহে প্রকাশ কৰিবলৈ অনুৰোধ জনাইছে শিল্পীগৰাকীৰ পৰিয়ালে৷ সংবাদ মেলত অংশ লৈ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই জুবিন গার্গক অসমবাসীৰ আৱেগ–অনুভূতিৰ কণ্ঠ বুলি মন্তব্য কৰি এই নতুন বছৰতে জুবিনৰ আদর্শৰে সকলোৱে আগবাঢ়ি যাব লাগিব বুলি কয়৷

লক্ষণীয় যে শিল্পীগৰাকীৰ নামত ন্যাস গঠনৰ ঘোষণা কৰা হৈছে যদিও ন্যাসৰক্ষীকে ধৰি আন কিছু আনুষংগিক কাম–কাজৰ বাবে কিছু সময়ৰ প্রয়োজন হ’ব বুলি ভগ্নী ড০ পামী বৰঠাকুৰে উল্লেখ কৰিছে৷ এই কার্যক আগুৱাই নিবলৈ অসমৰ সকলো ৰাইজৰ সহায়–সহযোগিতা কামনা কৰিছে পৰিয়ালে৷

ডিজিটেল ডেস্ক, ৩ জানুৱাৰী

You might also like