নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিনবিহীন আজি প্ৰথমটো পোহৰৰ উৎসৱ দীপাৱলী

আজি পোহৰৰ উৎসৱ দীপাৱলী। এই দিনটোতেই পালন কৰা হ’ব কালী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত কালী পূজা আৰু দীপাৱলীৰ প্ৰস্তুতি সম্পন্ন হৈছে। কিন্তু আজি দেৱালীৰ আনন্দ তেনেই নিস্তেজ। কিয়নো আমাৰ মাজত নাই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ।

আগতে দেৱালী উপলক্ষে যি ধৰণৰ আনন্দ দেখা পোৱা যায় সেয়া যেন এইবাৰ একেবাৰে নাই। দুৰ্গা পূজাৰ আগতেই আৰ্থাত ১৯ ছেপ্টেম্বৰত এক অনাকাংক্ষিতভাৱে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পিছত দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু কাতি বিহু অসমীয়াই এইবাৰ যেন এক নিৰানন্দ পৰিৱেশৰ মাজেৰেই পাৰ কৰিলে। নিয়মৰ বাহিৰে কোনো উদযাপন কৰা নাই কোনো অসমীয়াই।

দীপাৱলীৰ পৰিচিত ফটকা ফুটাই আনন্দ-উল্লাসেৰে উদযাপনৰ পৰিৱেশ চুব পৰা নাই। অসন্তোষ আৰু অপ্ৰীতিৰ কূটনীতি আঁতৰাই সুখ, শান্তি আৰু ঐক্যৰ বাণী বোৱাবলৈ ৰাজ্যবাসীয়ে আজি প্ৰাৰ্থনা কৰিব। আধ্যাত্মিক চিন্তা-চেতনা, ৰীতি-নীতি আৰু ভক্তিভাৱেৰে দীপাৱলী উদযাপন কৰিবলৈ প্ৰস্তুত হৈছে অসমীয়া।

তথাপি মনৰ মাজত এক শোকে বাৰে বাৰে খুন্দিয়াই থাকে- হাৰ্টথ্ৰব যে নাই আমাৰ মাজত….।

নিয়মীয়া বাৰ্তা ডেস্ক, ২০ অক্টোবৰ

You might also like