ডাঃ সংগীতা দত্ত-ৰ জামিন মঞ্জুৰ গুৱাহাটী হাইক’ৰ্টৰ
আজিৰ উচ্চ ন্যায়ালয়ৰ ৰায়ত ডাঃ সংগীতা দত্তই জামিন লাভ কৰি মুকলি আকাশৰ পথ সুগম কৰিলে
গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি ডাঃ সংগীতা দত্তৰ জামিন মঞ্জুৰ কৰিছে। শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ডাঃ সংগীতা দত্ত আৰু স্বামী ডাঃ ৱালিউল ইছলামৰ বিৰুদ্ধে কেইবামাহ ধৰি অনুসন্ধান চলি আছে।
তোলনীয়া সন্তানক নিৰ্যাতনৰ অভিযোগত দুয়ো চিকিৎসক দম্পতীৰ বিৰুদ্ধে গোচৰ দাখিল হৈছিল। কিছুদিন আগতে স্বামী ডাঃ ৱালিউল ইছলামেও জামিন লাভ কৰিছিল।
আজিৰ উচ্চ ন্যায়ালয়ৰ ৰায়ত ডাঃ সংগীতা দত্তই জামিন লাভ কৰি মুকলি আকাশৰ পথ সুগম কৰিলে।
ডিজিটেল ডেস্ক, ১৮ নৱেম্বৰ