সুকন্যা : নিৰুপমা বৰগোহাঞিৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
অসমৰ সাহিত্য জগতত নিজৰ সৃষ্টিকর্মৰে সুকীয়া স্থান দখল কৰিছে নিৰুপমা বৰগোহাঞিয়ে৷ স্কুলীয়া দিনৰে পৰা সাহিত্য চর্চা আৰম্ভ কৰা বৰগোহাঞিয়ে ১৯৯৬ চনত প্রকাশিত ‘অভিযাত্রী’ নামৰ গ্রন্থখনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰাৰ উপৰি ২০০৩ চনত অসম উপত্যকা পুৰস্কাৰ পাবলৈ সক্ষম হয়৷ গুৱাহাটীৰ উজান বজাৰৰ যোৰপুখুৰী পাৰত জন্মগ্রহণ কৰা নিৰুপমা বৰগোহাঞিৰ পিতৃৰ নাম যাদৱ তামুলী আৰু মাতৃৰ নাম আছিল কাশীশ্বৰী তামুলী৷ উজান বজাৰ বালিকা বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা এইগৰাকী সাহিত্যিকে কটন মহাবিদ্যালয়ৰ পৰা স্নাতক, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰে৷ কেইবাখনো হাইস্কুল আৰু কলেজত শিক্ষকতা কৰা বৰগোহাঞিয়ে সাপ্তাহিক নীলাচল কাকতত উপ–সম্পাদক ৰূপে কার্যনির্বাহ কৰাৰ উপৰি সাপ্তাহিক জনজীৱন আৰু সাঁচিপাত কাকতৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল৷ একেৰাহে গল্পকাৰ, ঔপন্যাসিক আৰু সাংবাদিকৰূপেও খ্যাতি অর্জন কৰা নিৰুপমা বৰগোহাঞি প্রখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ অসমীয়া গল্প আৰু উপন্যাস জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক বিভিন্ন সন্মানেৰে বিভূষিত কৰা হৈছে৷ এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰ পঢ়ুৱৈসকললৈ আগবঢ়োৱা হ’ল–
আপোনাৰ জন্ম হৈছিল পুৰণি গুৱাহাটীৰ একেবাৰে মধ্যস্থান উজান বজাৰৰ যোৰপুখুৰী পাৰত৷ সেই সময়ত গুৱাহাটীৰ পৰিৱেশ কেনে আছিল?
ভাৰতৰ স্বাধীনতাৰ আগৰ গুৱাহাটীখন ফাঁচীবজাৰৰ পৰা শিলপুখুৰীৰ মাজতে সীমাবদ্ধ আছিল৷ মোৰ জন্ম হৈছিল যোৰপুখুৰী পাৰত৷ দেউতা যাদৱ তামুলী আছিল আয়কৰ বিভাগৰ কর্মচাৰী৷ মা আছিল কাশীশ্বৰী তামুলী৷ উজান বজাৰৰ এক আঢ়্যৱন্ত পৰিৱেশত আমি শৈশৱ কটাইছিলোঁ৷ সেই সময়ত উজান বজাৰত বহু বিশিষ্ট ব্যক্তিয়ে বাস কৰিছিল৷ কর্মবীৰ নবীন চন্দ্র বৰদলৈ, সিদ্ধিনাথ শর্মা, অতুল চন্দ্র হাজৰিকা, শ্রীনাথ চক্রৱর্তী, লক্ষ্মীনাথ দাস, বিষ্ণুৰাম মেধি প্রমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্য আমি শৈশৱতে লাভ কৰিছিলোঁ৷ তেতিয়া গুৱাহাটীত পকা ৰাস্তা নাছিল৷ গাড়ী–মটৰৰ সংখ্যা আছিল একেবাৰে তাকৰ৷ আমি কেৱল লক্ষ্মীনাথ দাসৰ গাড়ীখনে দেখিছিলোঁ৷ বাট–পথৰ ধূলি আঁতৰাবলৈ গাড়ীৰে পানী ছটিওৱা দেখিবলৈ পাইছিলোঁ৷ আমি পানী ছটিওৱা গাড়ীবোৰৰ পিছে পিছে দৌৰি পানীৰে ভৰি ধুইছিলোঁ আৰু খেলিছিলোঁ৷ সেই সময়ৰ গুৱাহাটীৰ বৰেণ্য ব্যক্তিসকলৰ সান্নিধ্যই আমাক ধন্য কৰিছিল৷
আপুনি অসংখ্য গল্প আৰু উপন্যাস লিখি অসমৰ সাহিত্য জগতত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে৷ সাহিত্য ক্ষেত্রখনৰ প্রতি আপুনি কিদৰে আকর্ষিত হ’ল আৰু কেতিয়াৰ পৰা সাহিত্য চর্চাত প্রবৃত্ত হৈছিল?
মই সৰুৰে পৰা কিতাপ পঢ়ি ভাল পাইছিলোঁ৷ কম বয়সতে মই বহু বঙালী কিতাপ পঢ়িছিলোঁ৷ এই কিতাপবোৰ পঢ়াৰ পিছত মোৰ লিখিবলৈ আগ্রহ জন্মিছিল৷ পাণবজাৰ ছোৱালী স্কুলত সপ্তম শ্রেণীত পঢ়ি থকা সময়তে মই এখন হাতেলিখা আলোচনী উলিয়াইছিলোঁ৷ আমাৰ স্কুলৰ প্রধান শিক্ষয়িত্রী আছিল ৰাজবালা দাস৷ তেওঁৰ তত্ত্বাৱধানতে মই ‘শলিতা’ নামৰ আলোচনীখন উলিয়াইছিলোঁ৷ আমাৰ স্কুলৰ দুই–এজনী ছাত্রীয়েহে অলপ লিখা–মেলা কৰিছিল৷ সেইবাবে ছদ্মনামত মই কেইবাটাও লেখা লিখিবলগীয়া হৈছিল৷ ইয়াৰ পিছত মই তাৰিণীচৰণ চৌধুৰী স্কুলত পঢ়িছিলোঁ৷ তাতেও মই ‘অসম গৌৰৱ’ নামৰ হাতেলিখা আলোচনী উলিয়াইছিলোঁ৷ মোৰ হাতৰ আখৰ ভাল আছিল বাবে মই নিজৰ সকলোবোৰ লিখিছিলোঁ৷ সেই তেতিয়াৰ পৰাই কলমটো জোক লগা দি লাগি থাকিল গোটেই জীৱন৷
১৯৫০ চনত প্রকাশ পোৱা ৰামধেনু আলোচনীখনে অসমীয়া ভাষা–সাহিত্যলৈ আগবঢ়োৱা গুৰুত্বপূর্ণ অৱদানৰ বাবে প্রায় তিনিটা দশক কাল অসমীয়া সাহিত্যত ৰামধেনু যুগ নামেৰে পৰিচিত হৈছিল৷ আপুনি এই আলোচনীখনত কিদৰে লিখা–মেলা আৰম্ভ কৰিলে?
অসমীয়া সাহিত্যত এটা যুগৰ সৃষ্টি কৰা ‘ৰামধেনু’ আলোচনীত মোৰ অসংখ্য গল্প প্রকাশ পাইছিল৷ এবাৰ আলোচনীখনৰ জৰিয়তে গল্প প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ সেই সময়ত মই কটন কলেজত অধ্যয়ন কৰি আছিলোঁ৷ ‘ৰংঘৰ’ নামৰ শিশু আলোচনীখন বন্ধ কৰি ইন্দ্রকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু আলোচনীখন প্রকাশ পাইছিল৷ আলোচনীখনে আয়োজন কৰা গল্প প্রতিযোগিতাত মই তৃতীয় স্থান লাভ কৰিছিলোঁ৷ বিশিষ্ট গল্পকাৰ সৌৰভ চলিহাৰ ‘অশান্ত ইলেক্ট্রন’ নামৰ গল্পটোৱে প্রথম স্থান লাভ কৰিছিল৷ ৰোহিণী কাকতিৰ ‘ধুঁৱলী–কুঁৱলী’ গল্পটোৱে লাভ কৰিছিল তৃতীয় স্থান৷ আনহাতে মোৰ ‘এনথ্র’প’লজীৰ সপোনৰ পিছত’ শীর্ষক গল্পটোৱে তৃতীয় পুৰস্কাৰ লাভ কৰিছিল৷ সেই সময়ত ড০ হীৰেন গোহাঁয়ে মোৰ গল্পটোৰ উচ্চ প্রশংসা কৰিছিল৷ নলবাৰীৰ ঘগ্রাপাৰৰ এখন গাঁৱলৈ যাওঁতে সেই সময়ৰ পুৰুষশাসিত সমাজখনৰ এক অভাৱনীয় ৰূপ দেখি লাভ কৰা অভিজ্ঞতাৰ পৰা এই গল্পটো লিখিছিলোঁ৷ ইয়াৰ পৰৱর্তী সময়ত মোৰ বহু গল্প ‘ৰামধেনু’ৰ পাতত প্রকাশ পাইছিল৷
‘সেই নদী নিৰৱধি’ আপোনাৰ প্রকাশিত প্রথমখন উপন্যাস৷ এই উপন্যাসখনৰ পটভূমি কি আছিল?
‘সেই নদী নিৰৱধি’ গ্রন্থৰূপে প্রকাশ পোৱা মোৰ প্রথম উপন্যাস৷ নলবাৰীৰ পাগলাদিয়া নদীৰ পাৰৰ শিমলীয়া গাঁৱলৈ যাওঁতে আহৰণ কৰা অভিজ্ঞতাৰ পৰা মই গ্রন্থখন লিখি উলিয়াইছিলোঁ৷ আচলতে দ্বিতীয় মহাসমৰৰ সময়ত আমি গুৱাহাটী এৰি কিছুদিন গাঁৱত আছিলোঁ৷ মহাযুদ্ধৰ সময়ত জাপানী সেনাই গুৱাহাটীত বোমাবর্ষণ কৰিব বুলি আশংকা কৰি গাঁৱৰ সৈতে সম্পর্ক থকা বহু মানুহ গাঁৱলৈ গৈছিল৷ আমিও ককাহঁতৰ গাঁও শিলমীয়ালৈ গৈ কিছুদিন আছিলোঁ৷ সেই অঞ্চলৰ গ্রাম্য পৰিৱেশ, সুখ–দুখ, হাঁহি–কান্দোন আদিৰে মই উপন্যাসখন লিখি উলিয়াইছিলোঁ৷
হোমেন বৰগোহাঞিৰ সৈতে আপোনাৰ কিদৰে প্রথম চিনাকি হৈছিল? পৰৱর্তী সময়ত তেওঁৰ সৈতে বিবাহ হৈছিল আৰু পিছত এৰাএৰিও হৈছিল৷ এই সম্পর্কে ক’ব নেকি?
মই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰি উভতি অহাৰ পিছত গুৱাহাটীৰ পাণ্ডুস্থিত নেতাজী বিদ্যাপীঠত কিছুদিন চাকৰি কৰিছিল৷ ইয়াৰ পিছত নলবাৰী কলেজৰ ত্রৈলোক্য গোস্বামীয়ে তেওঁৰ কলেজত চাকৰি কৰিবলৈ মোক আমন্ত্রণ জনাইছিল৷ সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিষয়টো নথকাৰ বাবে কলেজবোৰত ইংৰাজী বিষয়ৰ শিক্ষকৰ অভাৱ হৈছিল৷ মই নেতাজী বিদ্যাপীঠৰ চাকৰি এৰি গোস্বামীৰ আমন্ত্রণক্রমে নলবাৰী কলেজত যোগদান কৰিছিলোঁ৷ একেখিনি সময়তে নলবাৰীত চাকৰি কৰি আছিল হোমেন বৰগোহাঞিয়ে৷ তাতে আমাৰ প্রথম চিনাকি হৈছিল৷ অৱশ্যে ইতিমধ্যে তেওঁ ভাল গল্পকাৰ হিচাপে পৰিচিত হৈছিল৷ কটন কলেজত পঢ়ি থকা সময়তে তেওঁ ‘এপিটাফ’ৰ দৰে উচ্চমানৰ গল্প লিখি জনপ্রিয় হৈ পৰিছিল৷ তেওঁ লিখা ‘নৰকত বসন্ত’ নামৰ গল্পটো পঢ়ি হোমেন বৰগোহাঞিৰ সৈতে চিনাকি হোৱাৰ বাসনা জাগিছিল৷ এই চিনাকি সূত্রে আমাৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল আৰু পিছত তেওঁ বিয়াৰ প্রস্তাৱ দিছিল৷ পৰিয়ালৰ সকলোৰে অনুমতিত শিমলীয়া গাঁৱত অনুষ্টুপীয়াকৈ আমাৰ বিবাহকার্য সম্পন্ন হৈছিল৷ অৱশ্যে আমি ২০ বছৰমান থকাৰ পিছত মতৰ অমিল হোৱাত বেলেগে বেলেগে থাকিবলৈ লৈছিলোঁ৷ আমাৰ দুই পুত্র সন্তান মোৰ লগতে আছিল আৰু এতিয়া দুয়ো প্রতিষ্ঠিত হৈছে৷
ইংৰাজী আৰু অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছতো আপুনি নিয়মীয়াকৈ কলেজত অধ্যাপনা কৰাৰ সুযোগ নাপালে৷ আপোনাৰ চাকৰি জীৱন সম্পর্কে জনাব নেকি?
মই স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ সময়ত চাকৰিৰ অভাৱ নাছিল৷ সেই সময়ত উচ্চ ডিগ্রীধাৰী ছাত্র–ছাত্রীক মাতি নি কলেজ বা হাইস্কুলত চাকৰি দিছিল৷ ময়ো কলেজত অধ্যাপনা কৰাৰ সুযোগ পাইছিলোঁ৷ কিন্তু স্বামীৰ চাকৰিসূত্রে মই কেইবাখনো কলেজৰ চাকৰি বাদ দিবলগীয়া হৈছিল৷ মই নলবাৰী কলেজত চাকৰি কৰি থকা সময়তে হোমেন বৰগোহাঞিয়ে মাজুলীলৈ বদলি হৈছিল৷ সেই সময়ত মাজুলীৰ যাতায়াত ব্যৱস্থা অত্যন্ত দূৰূহ আছিল৷ সেইবাবে মোক চাকৰি এৰি মাজুলীলৈ যোৱাত বহুতে বাধা দিছিল৷ আনকি তেওঁকো বদলিকৰণ ৰদ কৰিবলৈ এজন ঊর্ধ্বতম বিষয়াই পৰামর্শ দিছিল৷ কিন্তু বৰগোহাঞিয়ে এইক্ষেত্রত আপোচ কৰিব বিচৰা নাছিল৷ সেইবাবে ময়ো চাকৰি এৰি তেওঁৰ লগত মাজুলীলৈ যাবলগীয়া হৈছিল৷ সেই সময়ত বাৰিষাকাল হোৱা বাবে মাজুলীত যাতায়াত একপ্রকাৰ বন্ধ হৈ পৰিছিল আৰু খাদ্যৰো অভাৱ হৈছিল৷ ফলত মই ৰুগীয়া হৈ পৰিছিলোঁ৷ পিছৰফালে তাত মই এখন স্কুলত শিক্ষকতা কৰিবলৈ লৈছিলোঁ৷ কিন্তু ৩ বছৰ পিছত পুনৰ বৰগোহাঞিৰ চাকৰি গোৱালপাৰালৈ বদলি হৈছিল৷ মই তাতেই চাকৰি এৰি তেওঁৰ সৈতে গোৱালপাৰালৈ গৈছিলোঁ৷ সেই সময়ত গোৱালাপাৰা কলেজৰ অধ্যক্ষ আছিল বিশিষ্ট সাহিত্যিক মহেন্দ্র বৰা৷ তেওঁ মোক মাতি নি কলেজত অধ্যাপনা কৰিবলৈ সুযোগ দিছিল৷ তাত মই ৩ বছৰ চাকৰি কৰাৰ পিছত বৰগোহাঞিৰ চাকৰি লখিমপুৰলৈ বদলি হৈছিল৷ ময়ো কলেজৰ চাকৰি বাদ দি তেওঁৰ লগত লখিমপুৰলৈ যাবলগীয়া হৈছিল৷ তাতো মই নর্থ লখিমপুৰ কলেজৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞিৰ অনুৰোধমর্মে নর্থ লখিমপুৰ কলেজত চাকৰিত যোগ দিছিলোঁ৷ সেই সময়ত চন্দ্রধৰ ত্রিপাঠী নামৰ এগৰাকী আইএএছ বিষয়াৰ সৈতে হোমেন বৰগোহাঞিৰ অন্তৰংগতা গঢ়ি উঠিছিল৷ তেওঁ এদিন কথা প্রসংগত বৰগোহাঞিক ক’লে যে জ্ঞান আৰু বুদ্ধিমত্তালৈ চালে আপুনি এগৰাকী আইএএছ বিষয়া হ’ব লাগিছিল৷ অথচ আপুনি এটা সৰু চাকৰি কৰি আছে৷ এই কথাটোৱে বৰগোহাঞিৰ মনত বৰ আঘাত দিলে আৰু তেওঁ লগে লগে মুনীন দত্তবৰুৱাক ফোন কৰি ক’লে যে আপুনি এখন সাপ্তাহিক কাকত উলিওৱাক আৰু মই সম্পাদনা কৰিম৷ বৰগোহাঞিৰ কথা মতে দত্তবৰুৱাই ‘নীলাচল’ নামৰ সাপ্তাহিক কাকতখন প্রকাশ কৰিলে৷ বৰগোহাঞিয়ে চাকৰি এৰি নীলাচলত সম্পাদক হিচাপে যোগদান কৰিলে৷ ময়ো নর্থ লখিমপুৰ কলেজৰ চাকৰি এৰি নীলাচলত যোগ দিলোঁ৷ এইদৰে তেওঁৰ চাকৰি সূত্রে ঘূৰি ফুৰোঁতে মই স্থায়ীভাৱে কলেজত চাকৰি কৰিব নোৱাৰিলোঁ৷
‘নীলাচল’ কাকতৰ পৰা বিদায় লোৱাৰ পাছত আপুনি আর্থিকভাৱে তীব্র সংকটৰ সন্মুখীন হৈছিল৷ তেতিয়া আপুনি চাকৰিৰ সন্ধান কৰিছিলনে?
‘নীলাচল’ কাকতত কাম কৰি থকাৰ সময়ত মই এক অবাঞ্ছিত পৰিৱেশৰ সন্মুখীন হৈছিলোঁ৷ সেই সময়ত অসম আন্দোলনৰ ভৰপক বতৰ আছিল৷ তেনে পৰিস্থিতিতে মই এদিন মুকালমুৱা অঞ্চলৰ পৰিৱেশ প্রত্যক্ষ কৰিবলৈ তাত উপস্থিত হৈছিলোঁ৷ মুকালমুৱাত আন্দোলকাৰীসকলৰ নৃশংসতা দেখি বিস্মিত হৈছিলোঁ৷ তাৰ পৰা উভতি অহা পথত দুর্গতসকলক সহায় কৰিবলৈ যোৱা এটি চিকিৎসকৰ দল লগ পাইছিলোঁ৷ সেই দলটোক মুকামুৱালৈ গৈছে নে বুলি প্রশ্ণ সোধোঁতে তেওঁলোকে কৈছিল যে অবৈধ বাংলাদেশী থকা শিবিৰবোৰলৈ তেওঁলোকে সাহায্য দিব নাযায়৷ মোৰ সৈতে তেওঁলোকৰ কথাৰ কটাকটি হৈছিল আৰু চিকিৎসকৰ দলটোৱে মুনীন দত্তবৰুৱাক লগাইছিল যে মই অসম আন্দোলনৰ বিৰোধী আৰু মই বাংলাদেশী শিবিৰলৈ আহিছিলোঁ৷ ফলত মই নীলাচলৰ চাকৰিটো হেৰুৱাবলগীয়া হৈছিল৷ ইতিমধ্যে বৰগোহাঞিৰ সৈতে আমাৰ মতৰ অমিল হোৱাত এৰা–এৰি হৈছিল৷ ইয়াৰ পাছত মই প্রবল আর্থিক অনাটনৰ সন্মুখীন হৈছিলোঁ৷ কাৰণ ল’ৰা দুজনৰ পঢ়া–শুনাৰ সকলো দায়িত্ব আছিল মোৰ ওপৰত৷ সৌভাগ্যৰ কথা এয়ে যে মই দেউতাহঁতৰ উজান বজাৰৰ ঘৰত থকাৰ সুযোগ পাইছিলোঁ৷ সেই সময়ত মই চাকৰি নিবিচৰা নহয়৷ মই বি বৰুৱা কলেজত অসমীয়া বিভাগৰ এটি পদৰ বাবে প্রবীণা শইকীয়াৰ সৈতে সাক্ষাৎকাৰত অৱতীর্ণ হৈছিলোঁ৷ কিন্তু চাকৰিটো লাভ কৰিছিল প্রবীণা শইকীয়াই৷ ইয়াৰ পিছত মই পাণ্ডুত নতুনকৈ স্থাপিত কলেজ এখনত কাম কৰাৰ বাবে তালৈ গৈছিলোঁ৷ সেই সময়ত মাহিলি ৫০ টকা দৰমহা দিছিল যদিও পিছলৈ দৰমহা বঢ়াৰ আশা কৰি পাণ্ডুলৈ গৈছিলোঁ৷ কলেজখনৰ অধ্যক্ষৰ দায়িত্বত আছিল কটন কলেজৰ অর্থনীতি বিভাগৰ অধ্যাপক ইক্রামুল হুছেইন৷ তেওঁ মোক দেখিয়েই ক’লে যে ‘ইউ আৰ এ ফেমাছ গার্ল অৱ কটন কলেজ’৷ তেওঁ মোক তালৈ যোৱাৰ কাৰণ সুধিলে আৰু মই চাকৰি বিচাৰি যোৱা বুলি শুনি পৰিচালনা সমিতিৰ সম্পাদকজনক লগ ধৰিবলৈ ক’লে৷ সম্পাদকজন আছিল ৰে’ল বিভাগৰ এজন কেৰাণী৷ মানুহজনে মোক বৰ অভদ্র আচৰণ কৰিলে৷ তেওঁ বহু সময় মোক থিয় কৰাই থৈ দুটা বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা সত্ত্বেও মেজৰ নথকাৰ অজুহাতত মোৰ অনুৰোধ নস্যাৎ কৰিলে৷ সেই সময়তে মই সাহিত্যিক পেন্সন লাভ কৰাত কিছু পৰিমাণে হ’লেও সকাহ পাইছিলোঁ৷ অৱশ্যে বহু লোকে মোক টকা–পইচাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল৷ কিন্তু আনৰ ধনেৰে মই ল’ৰা দুটাক পঢ়াব বিচৰা নাছিলোঁ৷ এনেদৰে অশেষ কষ্টেৰে মই ল’ৰা দুটাক উপযুক্ত কৰি গঢ়ি তুলিবলৈ সক্ষম হ’লোঁ৷
হোমেন বৰগোহাঞিৰ পৰা আপুনি সাহিত্য সৃষ্টিৰ ক্ষেত্রত সহায় পাইছিল নেকি অথবা তেওঁৰ লেখাৰ পৰা প্রভাৱিত হৈছিল নেকি?
সাহিত্য সৃষ্টিৰ ক্ষেত্রত মই হোমেন বৰগোহাঞিৰ পৰা কোনো ধৰণৰ সহযোগিতা পোৱা নাছিলোঁ আৰু তেওঁৰ লেখাৰ দ্বাৰা প্রভাৱিতও হোৱা নাছিলোঁ৷ কাৰণ মই সৰুৰে পৰা লিখিবলৈ আৰম্ভ কৰিছিলোঁ৷ মোৰ এজন পত্রবন্ধুৰ দৰে কানপুৰৰ কাকাবাবু আছিল৷ তেওঁ মোলৈ শিশু বঙালী আলোচনীবিলাক পঠিয়াইছিল আৰু মই সেইবোৰ সৰুৰে পৰা পঢ়ি লিখাৰ প্রতি আগ্রহী হৈ পৰিছিলোঁ৷ প্রভাৱ বুলি ক’লে মই কিছু পৰিমাণে অনুগামী আছিলোঁ শ্বেইক্সপীয়েৰ আৰু ৰবীন্দ্রনাথ ঠাকুৰৰ৷ তেওঁলোক দুয়োগৰাকী মহান সাহিত্যিক আছিল৷ তেওঁলোক মোৰ একপ্রকাৰ আদর্শ আছিল৷ অৱশ্যে তেওঁলোকৰ লেখাৰ প্রভাৱ প্রত্যক্ষভাৱে মোৰ লেখাত পৰিলক্ষিত নহয়৷
বর্তমান সময়তো নাৰীসকল পুৰুষৰ দ্বাৰা অৱহেলিত হৈ আছে নেকি৷ অসম সাহিত্য সভাও ইয়াৰ এক উদাহৰণ বুলি বহুতে অভিযোগ কৰে৷
ময়ো সেই কথা স্বীকাৰ কৰোঁ৷ আজিৰ মহিলাসকল প্রায় ক্ষেত্রতে অৱহেলিত হৈ আহিছে৷ পুৰুষপ্রধান আমাৰ সমাজত সাহিত্য সভাও ইয়াৰ ব্যতিক্রম নহয়৷ অসম সাহিত্য সভাৰ সভাপতি পদৰ পৰা বহু মহিলা সাহিত্যিক বঞ্চিত হৈছে৷ এইখন পুৰুষপ্রধান সমাজ, সেইবাবে সাহিত্য সভাতো মহিলাসকলক কিছু পৰিমাণে তলত ৰাখিব বিচৰা হয়৷ উদাহৰণস্বৰূপে তোষপ্রভা কলিতা এগৰাকী প্রতিভাধৰ সাহিত্যিক আছিল৷ তেওঁ এগৰাকী আগশাৰীৰ শিশু সাহিত্যিক আৰু সুন্দৰ অনুবাদকো আছিল৷ একেদৰে অনিমা গুহও যথেষ্ট উচ্চমানৰ লেখিকা৷ কিন্তু তেওঁলোকে কোনো ধৰণৰ স্বীকৃতি অথবা সন্মান নাপালে৷ অৱশ্যে মই পুৰুষ আৰু নাৰী হিচাপে ভেদ ভাব আনিব নিবিচাৰোঁ৷ বঙালীত এটি কবিগান আছে– ‘তুমি দেখো নাৰী পুৰুষ আমি দেখি শুধু মানুষ’৷ অর্থাৎ তুমি নাৰী আৰু পুৰুষক ভাগ ভাগ কৰিলা৷ কিন্তু মই কেৱল মানুহহে দেখোঁ৷ নাৰী–পুৰুষ সকলো মানুহ৷
আপোনাৰ জীৱনৰ গতিপথ আশা কৰা ধৰণে মসৃণ নহয়৷ জীৱনত আপুনি বহু উত্থান–পতন দেখিছে৷ জীৱনত লাভ কৰা এনে অভিজ্ঞতাই জীৱন সম্পর্কে আপোনাক কি শিকালে?
নির্মলপ্রভা বৰদলৈয়ে কৈছিল– ‘জীৱন জীৱন বৰ অনুপম’৷ অথচ তেওঁ বহু সোনকালে স্বামীক হেৰুৱাইছিল৷ গতিকে তেওঁৰ জীৱন অনুপম আছিল নে নাছিল সেয়া নাজানো৷ আচলতে এই বিশ্বব্রহ্মাণ্ডৰ ৰহস্য বুজা কঠিন৷ কোটি কোটি তৰা–নক্ষত্রৰ আমি মাত্র এটা ক্ষুদ্র অংগ৷ গতিকে জীৱন সম্পর্কে মই অজ্ঞেয়বাদী৷ অর্থাৎ ঈশ্বৰ বিশ্বাসো কৰোঁ, ঈশ্বৰ বিশ্বাসো নকৰোঁ৷ যদি ঈশ্বৰ আছে তেওঁক কোনে স্রজন কৰিছিল৷ তেওঁ নিশ্চয় নিজে নিজে সৃষ্টি হ’ব নোৱাৰে৷ এইবোৰ কথা ভাবিলে বলিয়া হ’ব লাগে৷ সেইবাবে মই এইবোৰ বেছিকৈ নাভাবোঁ৷ যিকেইদিন জীয়াই থাকোঁ সৎ পথত আগবাঢ়ি যাব বিচাৰোঁ৷ মোৰ প্রিয় সাহিত্যিক ৰবীন্দ্রনাথ ঠাকুৰে কৈছিল যে এই ধৰণীখন নিজৰ সৎ আৰু উপযুক্ত কর্মৰে অধিক সৌন্দর্যশালী কৰি তুলিব লাগে৷ সৎভাৱে জীৱন যাপন কৰিব লাগে৷ অৱশ্যে মোৰ জীৱনত উত্থান–পতন থাকিলেও মোৰ জীৱনটো সার্থক বুলি মই ভাবোঁ৷
আপুনি অসংখ্য গল্প আৰু উপন্যাস সৃষ্টি কৰিছে৷ এই সৃষ্টিৰাজিৰ মাজত কোনকেইখন গ্রন্থক লৈ আপুনি সন্তুষ্ট?
এই বিষয়ে কোৱা সহজ নহয়৷ কিয়নো প্রতিখন গ্রন্থই মোৰ বাবে অতিশয় প্রিয়৷ তথাপি কেকটাছৰ ফুল, সাহিত্য অকাডেমি বঁটা লাভ কৰা অভিযাত্রী, প্রথমখন উপন্যাস সেই নদী নিৰৱধি আদিকে ধৰি প্রায় সকলোবোৰ গ্রন্থক লৈ মই সন্তুষ্ট৷ মই চন্দ্রপ্রভা শইকীয়ানীৰ জীৱনৰ ভিত্তিত অভিযাত্রী লিখিছিলোঁ৷ একেদৰে টিচি গার্লছ স্কুলৰ প্রধান শিক্ষয়িত্রী ইন্দিৰা দেৱীক লৈ অনন্যা আৰু ইন্দিৰা মিৰিক লৈ লিখিছিলোঁ অগ্রগামিনী৷ এই তিনিগৰাকী মহীয়সী নাৰীক কেন্দ্র কৰি লিখা উপন্যাস তিনিখনক লৈ মই যথেষ্ট সুখী৷
আপুনি বর্তমান সাহিত্য সৃষ্টিত ব্যস্ত আছে নেকি? নতুন কিবা পৰিকল্পনা আছে নেকি?
মোৰ বয়স এতিয়া ৯৪ বছৰ৷ গতিকে নতুন পৰিকল্পনা কৰিবলগীয়া নাই৷ তথাপি মই বর্তমান ‘নিয়মীয়া বার্তা’ কাকতত ‘জীৱনৰ বাটে–হাটে’ শীর্ষক লেখা লিখি আহিছোঁ৷ প্রকাশক পালে নিশ্চয় এই লেখাবোৰ গ্রন্থ হিচাপে প্রকাশ পাব৷