নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙৰাত স্কুল বাছ-বাইকৰ মুখামুখি সংঘৰ্ষত এজনৰ প্ৰাণহানি

বিশেষ বাৰ্তা,  ১০ এপ্ৰিল : বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। জানিব পৰা মতে, আজি পুৱা দিল্লী পাব্লিক স্কুলৰ AS- 01 PC-1675 নম্বৰৰ বাছখনে ৩২গৰাকী ছাত্ৰ-ছাত্ৰী লৈ বিদ্যালয় অভিমুখে গৈ আছিল। তেনে সময়তে বঙৰা আমৰতলত বিপৰীত দিশৰ পৰা অহা AS- 01 FL- 8710 নম্বৰৰ তীব্ৰবেগী Yamaha MT বাইকৰ লগত মুখামুখি সংঘৰ্ষ হয়। ফলত থিতাতে নিহত হয় বাইক আৰোহীজন। ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মৃত লোকজন বৰ্তমানলৈকে চিনাক্ত হোৱা নাই।
You might also like