নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্তমানৰ চৰকাৰে জাতিটোৰ সুৰক্ষাৰ বাহিৰে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি গণ্য নকৰে : ড০ শর্মা

🔹 গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ দিৱসৰ কার্যসূচীত অংশগ্রহণ মুখ্যমন্ত্রী ড০ শর্মাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰ : নামনি আৰু মধ্য অসমত বহু অসমীয়া পৰিয়ালে আর্থিকভাৱে মূল্যায়ন কৰি নিজৰ মাটি-বাৰী বাংলাদেশৰ পৰা অহা অনুপ্রৱেশকাৰীৰ হাতত বিক্রী কৰিছে৷- এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৷ আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্রত আয়োজন কৰা শ্বহীদ দিৱসৰ কার্যসূচীত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই সেই মন্তব্য কৰি কয় যে তেওঁলোকৰ মাটি বিক্রী কৰাৰ স্বাধীনতা আছে৷ কিন্তু অসমীয়াই হেৰুওৱা ভূমিৰ প্রতিটো কণাই আমাক প্রশ্ন সুধিব যে কেৱল কেইটামান টকাৰ কাৰণে অসমৰ এই পৱিত্র ভূমি বাংলাদেশৰ পৰা অহা অনুপ্রৱেশকাৰীৰ হাতত তুলি দিয়াৰ আমাৰ নৈতিক অধিকাৰ আছেনে? শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ অমৰ মৃত্যুক আৰু বলিদানৰ এই পৱিত্র মুহূর্তত নিজ ভূমি কেতিয়াও সন্দেহযুক্ত বিদেশীক বিক্রী নকৰোঁ বুলি সংকল্পবদ্ধ হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আন্দোলনে আমাৰ মাজত আৱেগৰ এক প্রচণ্ড ঢৌৰ সৃষ্টি কৰিছিল৷ সমানেই এই আন্দোলন যুক্তিৰ ওপৰত প্রতিষ্ঠিত আছিল৷ সেই কাৰণে অসম আন্দোলনৰ সমান্তৰালভাৱে এচাম অসমীয়াই অসমক স্বাৱলম্বী কৰাৰ সপোন দেখিছিল৷ অসম আন্দোলনৰ সময়ছোৱাত বজাৰে–হাটে অসমীয়া ডেকা ল’ৰাসকলে দোকান–পোহাৰ স্থাপন কৰি স্বাৱলম্বিতাৰ উৎকৃষ্টতম নিদর্শন দেখুৱাইছিল৷ কিন্তু বর্তমান এচাম অসমীয়াৰ কর্মবিমুখিতাৰ সুযোগ লৈ অসমৰ নগৰ–চহৰৰ মুখ্য স্থানসমূহত সন্দেহযুক্ত বিদেশী লোকসকলে ব্যৱসায় কৰা আৰম্ভ কৰিছে ৷ স্বাৱলম্বিতাৰ আদর্শৰে অসমৰ ৰাইজে, অসমৰ যুৱশক্তিয়ে আকৌ এবাৰ নিজৰ জীৱনক সমাহিত কৰি আমাৰ জাতিটোক অর্থনৈতিক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যোৱাৰ প্রচেষ্টা কৰাৰ সময় সমাগত বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আমাৰ জাতিটোক অর্থনৈতিকভাৱে নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ এখন প্রচণ্ড সংগ্রাম আমি আৰম্ভ কৰিব পাৰোঁ৷ তেতিয়াহে আমি সোনকালে অসম আন্দোলনৰ শ্বহীদসকলৰ সপোনবোৰ সার্থক কৰিব পাৰিম৷ আজি এই অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্রী ড০ শর্মাই অসম আন্দোলনত আত্মবলিদান দিয়া অমৰ শ্বহীদসকললৈ গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰি কয় যে ১৯৭৯ চনৰ ১০ ডিচেম্বৰৰ পুৱতি নিশা অসমৰ জনগণে অবৈধ বুলি ঘোষণা কৰা নির্বাচনৰ মনোনয়ন পত্র দাখিল কৰাৰ বাবে ভূতপূর্ব ৰাষ্ট্রপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী আবিদা আহমেদ বৰপেটালৈ ৰাওনা হোৱাত প্রতিবাদী সমদলত অংশ লৈ ভাৰতৰ সার্বভৌমত্ব আৰু সংবিধানৰ পৱিত্রতা ৰক্ষা কৰিবলৈ ভৱানীপুৰৰ উজান বৰবৰী গাঁৱৰ ছাত্র খর্গেশ্বৰ তালুকদাৰে নিজৰ জীৱন আহুতি দিছিল৷ এই আন্দোলনৰ পৰৱর্তী পর্যায়ত অসমৰ ৮৬০গৰাকী শ্বহীদে আত্মবলিদান দি জাতীয় আন্দোলনটোক অধিক শক্তিশালী ৰূপ দিয়াৰ উপৰি ৰাজ্যখনৰ লগতে দেশৰ অস্তিত্ব ৰক্ষাৰ সংগ্রামখনক মহীয়ান কৰি তুলিছিল৷ বিদেশী বিতাড়নৰ লক্ষ্যৰে অসম আন্দোলন আৰম্ভ হ’লেও এই আন্দোলনৰ উদ্দেশ্য অধিক বিশাল আছিল ৷ অসম আন্দোলন অসমীয়াৰ স্বদেশপ্রেম আৰু ত্যাগৰ উৎকৃষ্ট নিদর্শন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমীয়াৰ অস্তিত্ব, স্বাভিমান, ভাষা–কৃষ্টি–সংস্কৃতি আৰু ঐতিহ্য এই সকলোবোৰকে অসম আন্দোলনে সামৰি লৈছিল৷ অসমবাসীৰ মাজত সাংস্কৃতিক আৰু সামাজিক চিন্তা-চেতনাক জাগ্রত কৰি এই আন্দোলনে আমাৰ জাতিটোক নতুন প্রাণ দিছিল৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ বিদেশী বিতাড়ন আৰু অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্রাণ আহুতি দিয়া শ্বহীদসকলৰ অমৰ স্মৃতিত অসমৰ ৰাইজে প্রতিবছৰে ১০ ডিচেম্বৰৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ৷

অসম আন্দোলনৰ পটভূমিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৯৭৯ চনৰ মার্চ মাহত সেই সময়ৰ মঙলদৈ সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ পৰলোকপ্রাপ্তি হয়৷ সেই আসনখন খালী হোৱাত নির্বাচন আয়োগে মঙলদৈ সমষ্টিৰ উপ-নির্বাচনৰ প্রক্রিয়া আৰম্ভ কৰে আৰু ১৯৭৯ চনৰ এপ্রিল মাহৰ ভোটাৰ তালিকা খচৰা প্রকাশ কৰি পুনৰীক্ষণৰ নির্দেশ দিয়ে৷ সেই প্রক্রিয়াত ন্যায়াধিকৰণসমূহে প্রায় ৪৭ হাজাৰ সন্দেহজনক নামৰ তালিকা এখন পর্যালোচনা কৰে আৰু যাৰ ভিতৰত ২৬ হাজাৰ অর্থাৎ ৭২ শতাংশ নাম সন্দেহজনক বুলি নিশ্চিত কৰে৷ এই ঘটনাই ৰাজ্যত এক তুমুল প্রতিক্রিয়াৰ সৃষ্টি কৰে আৰু অসমত এটা আন্দোলনৰ উক্মুকনিৰ সৃষ্টি হয়৷ সদৌ অসম ছাত্র সন্থাই প্রতিবাদী কার্যসূচী আৰম্ভ কৰি ১৯৭৯ চনৰ জুন মাহত বিদেশী কৰায়ত্ব কৰা, ভোটাধিকাৰ কর্তন কৰা আৰু বিদেশী বিতাড়নৰ দাবী তোলে৷ সেই সময়তে ১৯৭৯ চনৰ ২০ আগষ্টত কেন্দ্রত চৰণ সিং চৰকাৰৰ পতন ঘটে আৰু সেই বছৰৰে ২২ আগষ্টত লোকসভা ভংগ হয়৷ দেশত নতুন সাধাৰণ নির্বাচন ঘোষণা কৰাৰ পৰিপ্রেক্ষিতত মঙলদৈৰ উপ-নির্বাচন বাতিল হয়৷ সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বই ১৯৮০ চনৰ সাধাৰণ নির্বাচনৰ ভোটাৰ তালিকা পুনৰীক্ষণ নকৰাকৈ অসমৰ নির্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰে৷ ১৯৭৯ চনৰ ২৬ ফেব্রুৱাৰীত ১৭জনীয়া ছাত্র সন্থাৰ এটা প্রতিনিধি দলে অসমত নির্বাচন স্থগিত ৰাখিবলৈ ৰাষ্ট্রপতি নীলম সঞ্জীৱা ৰেড্ডীক স্মাৰক-পত্র দাখিল কৰে আৰু তাৰ দুদিন পিছত গৃহমন্ত্রী, বিৰোধী নেতা আৰু অসমৰ মুখ্যমন্ত্রীৰ সৈতে এই বিষয়ত আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰে যদিও সেই বৈঠকত সমাধান সূত্র ওলোৱা নাছিল৷ সেই বছৰৰে ২ ডিচেম্বৰত মুখ্য নির্বাচন আয়ুক্তই ভোটগ্রহণ স্থগিত নকৰাৰ সিদ্ধান্ত লয় আৰু মনোনয়ন প্রক্রিয়া আৰম্ভ কৰে৷ সদৌ অসম ছাত্র সন্থা আৰু সদৌ অসম গণ সংগ্রাম পৰিষদে মনোনয়ন দাখিলৰ বিৰোধিতাৰে সকলো ভোটগ্রহণ কেন্দ্রৰ সন্মুখত ১৯৭৯ চনৰ ডিচেম্বৰৰ প্রথম সপ্তাহত গণ পিকেটিং আৰম্ভ কৰে৷ ১৯৭৯ চনৰ ১০ ডিচেম্বৰত মনোনয়ন পত্র দাখিলৰ অন্তিম দিনটোত ৰাজ্যজুৰি বন্ধ ঘোষণা কৰা হৈছিল৷ ৰাজ্যৰ প্রধান চহৰ গুৱাহাটীকে ধৰি বিভিন্ন প্রান্তত চৰকাৰে সান্ধ্য আইন ঘোষণা কৰে৷ গুৱাহাটীৰ লাখটকীয়াৰ পৰা বৰপেটাৰ নির্বাচনী প্রার্থী বেগম আবিদা আহমেদৰ মনোনয়ন দাখিলৰ পথত আৰক্ষী মহাপৰিদর্শক কেপিএছ গিলে এটা বাহিনীসহ প্রতিবাদীসকলক প্রতিহত কৰাৰ চেষ্টা কৰে৷ তেওঁলোকে প্রতিবাদকাৰীসকলক আক্রমণ কৰে৷ সেই ঘটনাতে ২২ বছৰীয়া খর্গেশ্বৰ তালুকদাৰক ভৱানীপুৰত নির্মমভাৱে প্রহাৰ কৰি হত্যা কৰা হয়৷ অসমৰ ৰাইজে খর্গেশ্বৰ তালুকদাৰৰ সেই মৃত্যুৰ দিনটো বিদেশী বিতাড়ন আন্দোলনৰ পৱিত্র শ্বহীদসকলৰ সোঁৱৰণত শ্বহীদ দিৱস হিচাপে ১৯৭৯ চনৰ পৰা আজিলৈকে পালন কৰি আহিছে৷ কৃতজ্ঞ অসমীয়া জাতিয়ে ৮৬০গৰাকী শ্বহীদৰ অৱদানক কেতিয়াও পাহৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোক আমাৰ জাতিটোৰ বাবে ত্যাগ, সাহসৰ উৎকৃষ্ট নিদর্শন হৈ থাকিব৷ শ্বহীদ দিৱসৰ এই পৱিত্র দিনটোত পংগু, নির্যাতিত হৈ জীৱনৰ সর্বস্ব জাতিটোৰ বাবে আগবঢ়াই দিয়া অসম আন্দোলনৰ প্রতিগৰাকী আন্দোলনকাৰীক পুনৰ এবাৰ শ্রদ্ধা আৰু কৃতজ্ঞতা জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শ্বহীদৰ ত্যাগক কোনো আর্থিক সাহায্যৰে তুলনা কৰিব নোৱাৰি৷ অসম চৰকাৰে শ্বহীদসকলৰ পৰিয়ালক সংস্থাপন তথা তেওঁলোকৰ কাষত থিয় হ’বলৈ শ্বহীদ আৰু নির্যাতিত ন্যাস গঠনকে ধৰি বহু প্রচেষ্টা হাতত লৈছে৷ অতি কম সময়ৰ ভিতৰতে এই শ্বহীদ স্মাৰক ক্ষেত্রত নির্মাণ হৈ উঠিবলগীয়া শ্বহীদ স্তম্ভ আৰু শ্বহীদ উদ্যানখনেও জাতিটোক ভৱিষ্যতৰ যুঁজসমূহৰ বাবে সাহস আৰু প্রেৰণা যোগাই যাব৷ অসম আন্দোলনত অংশগ্রহণ কৰি বহুতে ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৯৭৯ চনৰ ৯ ডিচেম্বৰৰ পুৱতি নিশা লাখটকীয়াৰ পৰা বেগম আবিদা আহমেদৰ নির্বাচনী প্রক্রিয়া যাত্রা আৰম্ভ কৰাৰ সময়ত তেওঁক বাধা দিবলৈ প্রচেষ্টা কৰাসকলৰ ভিতৰত আমি বহুজন আছিলোঁ আৰু অসম আন্দোলনৰ বহু শ্বহীদৰ লগত আমি একেলগে কাম কৰাৰ সৌভাগ্য হৈছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত গুলীবিদ্ধ হৈ চিকিৎসাৰ বাবে অহা সেই সাহসী যুৱকসকলৰ স্মৃতিয়ে এতিয়াও আমাক প্রেৰণা দিয়ে৷ অসমক সকলো ফালৰ পৰা সুৰক্ষিত কৰাৰ বাবে আমি সদায় দায়বদ্ধ আৰু প্রতিশ্রুতিবদ্ধ৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আন্দোলনৰ পৰৱর্তী পর্যায়ত আন্দোলনৰ প্রাপ্তি আৰু এই আন্দোলনৰ ফলত জাতিটো কিমান সুৰক্ষিত হ’ল, তাৰ বিষয়ে ক’ৰবাত নহয় ক’ৰবাত আলোচনা, বিতর্কৰ অৱকাশ সদায় থাকি গৈছে৷ অসম চুক্তিখনে আমাৰ জাতিটোক কিমান সুৰক্ষিত কৰিলে, তাৰ ওপৰতো প্রশ্ণবোধক চিন থাকি গৈছে৷ যদি প্রতিজন অসমীয়াই নিজৰ জাতিটোক সুৰক্ষিত কৰাৰ বাবে কাম কৰে, নিজক মনে-প্রাণে প্রস্তুত কৰি তোলে, তেতিয়া এই শক্তিশালী জাতিটোক কোনেও দুর্বল কৰিব নোৱাৰিব৷ সামাজিক প্রতিৰোধৰ বিকল্প নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাজে যেতিয়া অর্থনীতি হাতত লয়, সমাজে যেতিয়া প্রতিৰোধৰ ব্যৱস্থা হাতত লয়, তেতিয়া জাতি শক্তিশালী হয়৷ সামাজিক প্রতিৰোধ আৰু সামাজিক বিকাশ এই দুয়োটা কামত চৰকাৰ আৰু জাতিয়ে হাতত হাত ধৰি আগবাঢ়িলে জাতিৰ প্রগতি আৰু বিকাশ কোনেও ৰুধিব নোৱাৰে৷ অসমীয়া জাতিক প্রতিটো কাম আৰু উদ্দেশ্য সাধন কৰিবলৈ যাওঁতে জাতিটোৰ ভৱিষ্যতৰ বাবে প্রতিটো মুহূর্ততে মনত ৰাখিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঘাত–প্রতিঘাতৰ মাজতো অসম জীয়াই আছিল আৰু জীয়াই থাকিব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমানৰ চৰকাৰখনে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি নাভাবে৷ মাত্র এটা ব্যৱস্থাকে চূড়ান্ত বুলি ভাবে, সেইটো হৈছে জাতিৰ সুৰক্ষা৷ আনহাতে, একাংশ বুদ্ধিজীৱীয়ে ন–অসমীয়া সৃষ্টি কৰিব বিচৰা কার্যৰো তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমীয়াৰ পৰিচয় হ’ল অসমীয়া৷ কোনো নতুন অসমীয়া থাকিব নোৱাৰে৷ কোনো বাংলাদেশী বাংলাদেশৰ পৰা আহি অসমত জীণ যাব নোৱাৰে৷ জীণ যোৱাৰ চেষ্টা অসম্ভৱ৷ অতিথিক ন–অসমীয়া পৰিচয় দিলে জাতিটোৰ পতন আৰম্ভ হ’ব, দুর্বলতাৰ পৰিচয় আৰম্ভ হ’ব৷ সেয়ে তেওঁ বুদ্ধিজীৱীসকলক নতুন অসমীয়াৰ চিন্তা পৰিহাৰ কৰিবলৈ আহ্বান জনায়৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই নির্মীয়মাণ শ্বহীদ স্মাৰক ক্ষেত্র আৰু শ্বহীদ স্তম্ভৰ অগ্রগতিৰ বুজ লোৱাৰ লগতে অসম আন্দোলনৰ প্রথমগৰাকী শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ লগতে শ্বহীদ পৰিয়ালৰ সদস্যক সম্বর্ধনা জ্ঞাপন কৰে৷ এই অনুষ্ঠানত মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা, বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, ড০ পৰমানন্দ ৰাজবংশী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, লোকনির্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্রৱর্তী, অসম চুক্তি ৰূপায়ণ বিভাগৰ বিশেষ সচিব অশোক বর্মনো উপস্থিত থাকে৷

You might also like