নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাভ জেহাদ-মাদক দ্ৰব্যৰ বিৰুদ্ধে জনকল্যাণ মহিলা সমিতিৰ সজাগতা সভা

🔹 শুৱালকুছিৰ মহিলাৰ সচেতনতা দেখি অভিভূত হৈছোঁ  : ৰঞ্জিত ভট্টাচাৰ্য

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : দেওবাৰে কামৰূপ জিলাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ আদাৱৈৰ লখিমী ভৱনত শুৱালকুছি জনকল্যাণ মহিলা সমিতিৰ উদ্যোগত বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব তথা ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য। মূলত: বস্ত্ৰনগৰী শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা মাদক দ্ৰব্য নিবাৰণ, লাভ জেহাদৰ ভয়ংকৰ ষড়যন্ত্ৰৰ ক্ষেত্ৰত যুৱতীসকলক সজাগ কৰা, মহিলা সবলীকৰণ আৰু কেইবাটাও বিষয়ত এই সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাত মুখ্য অতথি হিচাপে উপস্থিত থকা বিজেপি কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই ভাষণ প্ৰসংগত কয়- শুৱালকুছিৰ মহিলাৰ এই জন সচেতনতা দেখি মই অভিভূত হৈছোঁ, আমাৰ সমাজৰ কেইবাটাও জ্বলন্ত আৰু স্পৰ্শকাতৰ বিষয়ক লৈ অনুষ্ঠিত এই সভাত ৫ শতাধিক মহিলাৰ উপস্থিতিয়ে মহিলাসকলৰ সচেতনতাৰ পৰিচয় দাঙি ধৰিছে। তেওঁ কয়- মহিলা এতিয়া সকলো দিশতে আগুৱাই গ’ল, দেশৰ মহামহিম ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছে দ্ৰৌপদী মুৰ্মুৱে। দেশৰ সন্মানীয় বিত্তমন্ত্ৰীৰ পদ অলংকৃত কৰিছে নিৰ্মলা সীতৰমণে, অসমৰ বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। গতিকে দেশ তথা ৰাজ্যৰ এইসমূহ সন্মানীয় পদ মহিলাই অলংকৃত কৰিছে, তেনেস্থলত আমাৰ এইসকল সচেতন মহিলাই কৰিব নোৱাৰা কাম কি আছে বুলি উৎসাহজনক ভাষণ আগবঢ়ায় ৰঞ্জিত ভট্টাচাৰ্যই। নাৰীৰ অনন্য শক্তিয়ে আমাৰ সমাজত আনিব পাৰে অভূতপূৰ্ব পৰিৱৰ্তন, নাৰীৰ সচেতনতাই আমাৰ সমাজত আনিব পাৰে জনজাগৰণ।- ৰঞ্জিত ভট্টাচাৰ্যই কয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত আৰু অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মহিলা সবলীকৰণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে সদৰী কৰিলে ৰঞ্জিত ভট্টাচাৰ্যই। আজিৰ সজাগতা সভাত জনকল্যাণ মহিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like