উচ্ছেদ-ৰ পূৰ্বেই বেদখলকৃত ভূমি ত্যাগ বেদখলকাৰীৰ
চামগুৰিৰ ভকতগাঁৱত উচ্ছেদ-ৰ জাননী লাভ কৰাৰ পিছত খালী কৰিছে চৰকাৰী ভূমি।
উচ্ছেদৰ পূৰ্বেই বেদখলকৃত ভূমি এৰিছে বেদখলকাৰীয়ে।
নিজে নিজেই আঁতৰি গৈছে চৰকাৰী ভূমিৰ পৰা খালী কৰিছে চৰকাৰী ভূমি। টালি-টোপোলা বান্ধি অন্য ঠাইলৈ ঢাপলি মেলিছে বেদখলকাৰীয়ে।
চামগুৰি ৰাজহ চক্ৰৰ খাটোৱাল মৌজাৰ ভকতগাঁও কিচামতৰ ১২নং গেজিং ৰিজাভৰ ৩৮ বিঘাৰ ভূমিৰ প্ৰায় ৭৫টা পৰিয়াললৈ জাননী দিছিল চামগুৰি ৰাজহচক্ৰই।
১৫ দিনৰ সময়সীমা বান্ধি দিছিল প্ৰশাসনে বেদখলকৃত ভূমি খালি কৰিবলৈ চৰকাৰী নিৰ্দেশনা পালন কৰি খালী কৰিছে চৰকাৰী ভূমি।
ডিজিটেল ডেস্ক, ৩ ডিচেম্বৰ